Saturday, 11 July 2020
11 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত কামৰূপ চেম্বাৰ অৱ কমাৰ্চ, প'টেট' এণ্ড অ'নিয়ন হ'লছেল এছ'চিয়েচন, পামহী ভেজিটেবল হ'লছেল এছ'চিয়েচন, ফ্ৰুট মাৰ্চেণ্টছ এছ'চিয়েচনৰ প্ৰতিনিধিবৰ্গৰ সৈতে অনুষ্ঠিত বৈঠকত বিষয়াবৰ্গক কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে- ➡️ সাম্প্ৰতিক পৰিস্থিতিত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ সমগ্ৰ বিষয়টো তদাৰক কৰাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত এখন ক'ৰ কমিটী গঠনৰ সিদ্ধান্ত আৰু ইয়াৰ অধীনত কেইটামান ফ্লাইং স্কোৱাড গঠন ➡️ গুৱাহাটীলৈ শাক-পাচলি আৰু ফল-মূল কঢ়িয়াই অনা বাহনবোৰৰ সুচল পৰিবহণ নিশ্চিত কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ ➡️ কোনো মধ্যভোগীয়ে যাতে লকডাউনৰ সুযোগ লৈ মূল্যবৃদ্ধি কৰিব নোৱাৰে, তাৰ প্ৰতি দৃষ্টি ৰখাৰ নিৰ্দেশ ➡️ বানপানীৰ ফলত বিভিন্ন জিলাত ক্ষতিগ্ৰস্ত হোৱা শাক-পাচলি আৰু ফল-মূলৰ বাগানসমূহৰ ছাৰ্ভে কৰিবলৈ কৃষি বিপণন ব'ৰ্ডক নিৰ্দেশ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ বাণিজ্যিক সংগঠনসমূহক মুখ্যমন্ত্ৰীয়ে আজি আহ্বান জনাইছে। লগতে, ক্ষুদ্ৰ ব্যৱসায়িক সংস্থাসমূহকো এইক্ষেত্ৰত সংযুক্ত কৰাৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে।
11 July, 2020 ক্ষমতা' শীৰ্ষক এখনি আঁচনি ৰূপায়ণ কৰিবলৈ লৈছে। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ পৃষ্ঠপোষকতাত অসমৰ কৃষি উদ্যোগী সকলক আগুৱাই নিয়াৰ উদ্দেশ্যে। যিসকল কৃষি উদ্যোগী/ কৃষি উদ্যোগে কাৰিকৰীভাৱে সংগঠিত ৰূপত তেওঁলোকৰ সংলগ্ন খণ্ডৰ বাণিজ্যিক পৰিসৰ বৃদ্ধিৰ বাবে ইচ্ছুক, সেইসকলক পঞ্জীয়নৰ বাবে আহ্বান জনাইছে। প্ৰথম পৰ্যায়ত কামৰূপ, কাছাৰ , শোণিতপুৰ, গোৱালপাৰা, গোলাঘাট আৰু যোৰহাটৰ কৃষি উদ্যোগী সকলৰ নাম পঞ্জীয়নৰ বাবে প্ৰ-পত্ৰ বিচাৰিছে। প্ৰ-পত্ৰ অনলাইনৰ মাধ্যমেৰে http://www.arias.in/kshyamata.php ৰ পৰা সংগ্ৰহ কৰিব পাৰে। অথবা অফলাইনৰ মাধ্যমেৰে তলত উল্লেখিত ঠিকনালৈও প্ৰ-পত্ৰ পঞ্জীয়নৰ বাবে প্ৰেৰণ কৰিব পাৰে। পঞ্জীয়নৰ অন্তিম তাৰিখ ৩১ জুলাই ২০২০।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...









