Monday, 22 June 2020

22 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে। আজি মুখ্যমন্ত্ৰীৰ সভাকক্ষত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ ক'ভিড-১৯ সংক্ৰমণৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে । মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্বৰ লেখীয়া স্বাস্থ্যসন্মত বিধিসমূহ মানি নচলা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক জৰুৰী নিৰ্দেশ জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য সচিবক নিৰ্দেশ দিয়ে। বৈঠকৰ আৰম্ভণিতে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত ক'ভিড-১৯ সংক্ৰমণৰ শেহতীয়া স্থিতিৰ লগতে ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে মুখ্যমন্ত্ৰীক অৱগত কৰে। লগতে মহানগৰীৰ বৃহৎ সংখ্যক জনসাধাৰণৰ পৰীক্ষাৰ সহায়ক হোৱাকৈ ৩১টা ৱাৰ্ডতে একোটাকৈ নমুনা সংগ্ৰহ কেন্দ্ৰ তাৎক্ষণিকভাৱে স্থাপন কৰা হ'ব বুলি জনায়।


22 Jun, 2020


22 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে জনতা ভৱনত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শ্ৰী পীযুছ হাজৰিকা আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে গুৱাহাটী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ক'ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। প্ৰতিখন জিলাতে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পিন্ধাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। তদুপৰি, জনগণে স্বেচ্ছাই পৰীক্ষণৰ বাবে আগবাঢ়ি আহিব পৰাকৈ গুৱাহাটীৰ ৩১টা ৱাৰ্ডত একোটাকৈ ক'ভিড কেয়াৰ চেণ্টাৰ গঢ় দিয়াৰ আজি সিদ্ধান্ত গ্ৰহণ কৰে।




22 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যৰে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশতন্ত্ৰ ব্যৱস্থাপনা প্ৰকল্প'ৰ শুভ উদ্বোধন কৰে আৰু ইয়াৰ অধীনত নগাঁও, গোলাঘাট, বিশ্বনাথ জিলাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিসমূহৰ মাজত আনুষ্ঠানিকভাৱে পুঁজি বিতৰণ কৰে। ২৪.৫৬ কোটি টকাৰে ৰূপায়ণ হ'বলগীয়া এই অভিলাষী প্ৰকল্পৰ জৰিয়তে জল সংৰক্ষণ, মীনপালন আৰু জৈৱিক খেতিৰ ক্ষেত্ৰত উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰদ্বাৰা স্থানীয় ৰাইজে মীনপালন, জৈৱিক খেতি আদিৰে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। তদুপৰি, কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব।





মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India