Wednesday, 17 June 2020
17 Jun, 2020 অসমৰ দুই জাতীয় সংগঠনে মঙ্গলবাৰে আঠ গৰাকী কৃৰ্ত্তীমানক অধ্যয়নৰ উচিত ময্যদা প্ৰদান কৰিলে ৷ নাৰায়নী সেনাৰ কেন্দ্ৰীয় সমিতিৰ সেনাধ্যক্ষ তথা কামাণ্ডাৰ ইন চিফ মিণ্টু বৰা আৰু কুচ যুৱ পৰিষদৰ কেন্দ্ৰী য় নেতা নিৰ্মল দত্তই এইবাৰ হাইস্কুল শিক্ষান্ত সুখ্যাতিৰে উত্তিন্ন হোৱা আঠ গৰাকী কৃৰ্ত্তীমান ছাত্ৰছাত্ৰীৰ বাসভৱনলৈ গৈ গামোচা আৰু সম্বদ্ধনা প্ৰত্ৰ প্ৰদান কৰে ৷ ষষ্ঠ স্থানআৰু নৱম স্থান লাভকৰা বেঙেনাখোৱাৰ হৰিদ্ৰাবৰা আৰু নতুন আমোলাপট্টিৰ নিহাৰিকা ভড়ালী ; ডিষ্টিংচন লাভকৰা নৰাগাঁৱৰ দৰিদ্ৰ ছাত্ৰ আকাশ বৰা ; ডিষ্টিংচন লাভকৰা বণ্যা ফুকন ; ষ্টাৰ মাৰ্ক লাভকৰা বেঙেনাখোৱাৰ কৃষ্টিনন্দা বৰা ; সুখ্যাতিৰে উৰ্ত্তীণ হোৱা বেঙেনাখোৱাৰ কৌশিক বৰা ; আৰু মাধৱ নগৰৰ অনিন্দিতা চন্দৰ নিজ নিজ বাসভৱনলৈ গৈ অধ্যয়নৰ উচিত ময্যদা প্ৰদান কৰিলে ৷ এই কীৰ্তিমান সকলৰ ভিতৰত ২নং দৈগ্ৰোংৰ ছেণ্ট মেৰি হাইস্কুলৰ ছাত্ৰী বণ্যা ফুকনে ৰোগগ্ৰস্ত শৰীৰে ঔষধ আৰু ইন্ডেকচন লৈ পৰীক্ষাহলত বহি ডিষ্টিংচন লাভ কৰি বিদ্যালয়খনলৈ সু নাম কঢ়িয়াই আনিলে :: পূৰ্ণ বৰা গোলাঘাট ৷
17 Jun, 2020 মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ কঢ়িয়াই আনিছে আন এক সুখবৰ। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ২০১৯-২০ বিত্তীয় বর্ষৰ বাজেট অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। ইয়াৰ কিছু সংশোধন ঘটাই আজি শুভাৰম্ভ কৰিব 'প্ৰজ্ঞান ভাৰতী' আঁচনিৰ। এই আঁচনিখনৰ বৈশিষ্ট্য- * ৰাজ্যৰ সৰ্বমুঠ ৬৭, ৫৩১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াব এই আঁচনিখনৰ সুবিধা। * ইয়াৰ দ্বাৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি ক্ৰয়ৰ বাবে এক হাজাৰকৈ টকাৰ অনুদান আগবঢ়াব। * বেংক একাউণ্টযোগে প্ৰদান কৰিব এই ধনৰাশি। * আঁচনিখনৰ বাবে ৬কোটি ৭৫ লাখ ৩১ হাজাৰ টকা মুকলি কৰা হৈছে। * ২০২০-২১ বিত্তীয় বৰ্ষটো এই আঁচনিখন ৰূপায়ণ কৰা হ'ব।
17 Jun, 2020 অসমীয়া সাহিত্য-সংস্কৃতিৰ সুন্দৰৰ পূজাৰী, অসমীয়া চলচ্চিত্ৰৰ জনক সৃষ্টিৰ অপূৰ্ব খনিকৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক ওপজা দিনত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজিয়ে আমাৰ নতুন প্ৰজন্মই নতুন সৃষ্টিৰে আগবাঢ়ি যাব লাগিব। তেখেত আমাৰ বাবে সদায়েই অনুপ্ৰাণিত কৰি থাকিব । NORTHEAST NEWS INDIA
17 Jun, 2020 আভ্যন্তৰীণ জলপৰিবহন বিভাগে অফলা-নিমাতীঘাট জলপথৰ নিয়মীয়া ফেৰীসেৱাৰ অধীনত চলাচল কৰা ফেৰীৰ খেপৰ সংখ্যা বৃদ্ধি কৰি ১৭ জুন ২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ ফেৰী চলাচলৰ নতুন সময়সূচী জাৰি কৰিছে।যাত্ৰীৰ ক্ৰমবৰ্ধমান ভীৰৰ প্ৰতি লক্ষ্য ৰাখি ন্যূনতম সামাজিক দূৰত্বকে ধৰি ক'ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ বিষয়ক প্ৰট'কল অনুসৰণ কৰি এই বৰ্ধিত ফেৰীসেৱা পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভাগটোৱে যাত্ৰীসকলৰ পৰা পূৰ্ণ সহযোগিতা কামণা কৰিছে।
Subscribe to:
Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...









