Saturday, 13 June 2020

13 Jun, 2020 মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ প্ৰথম বৰ্ষ আৰু মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰৰ চতুৰ্থ বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষ্যত আৰু বিটিচিৰ নিৰ্বাচনৰ লগতে সাংগঠনিক কাৰ্যক্ৰমৰ ওপৰত আজি কোকৰাঝাৰত সংবাদ মেল ৷


13 Jun, 2020 জানি_লওঁক: বানপানীৰ সময়ত অধিকাংশ লোকৰ মৃত্যু বাঢ়নী পানীত পৰি, পুখুৰী অথবা জলাশয় পাৰ হ'বলৈ গৈ, গা ধুবলৈ গৈ আৰু উন্মুক্ত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ বাবে সংঘটিত হয়। সেয়েহে বানপানীৰ সময়ত বিশেষকৈ শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত মানি চলিবলগীয়া সাৱধানতাসমূহ জানি লওঁ আহক-



Friday, 12 June 2020

12 Jun, 2020 তথ্য: ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে মাচুল ৰেহাই দিয়া সন্দৰ্ভত নিৰ্দেশনা।


12 Jun, 2020 উচ্চ শিক্ষা সঞ্চালকালয়, অসমৰ অধীনস্থ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিত আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ সকলো প্ৰতিষ্ঠানতে হ'বলগীয়া ২০২০-২১ বৰ্ষৰ নামভৰ্তি সন্দৰ্ভত নিৰ্দেশনা।


12 Jun, 2020 আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত জনতা ভৱনত বাঘজানৰ তৈল কূপত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অগ্নিকাণ্ডৰ ফলত পাৰ্শ্বৱতী অঞ্চলত হোৱা ক্ষয়-ক্ষতি আৰু পৰিপাৰ্শ্বিকতাৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়।




#Covid19 #Assam and actions taken till 12/06/2020 (7 pm).



12 Jun, 2020 গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা দুখন নদীৰ দুইপাৰে এবিধ অতি বিষাক্ত অপতৃণ ফুলিব ধৰাত ৰাইজৰ মাজত চৰ্মৰোগ ;কেঞ্চাৰ; বৃদ্ধি পাব ধৰিছে নগাপাহাৰৰ পৰা বৈ অহা দৈয়াং নদীৰ দুইপাৰে হেজাৰ হেজাৰ বিঘা সাৰুৱা ভূমীত বিষাক্ত অপতৃণ পৰ্থেনিয়ামে চানি ধৰিছে ৷ দৈয়াং নদীখন ধনশিৰি নদীৰ লগত দুইনৈসূতী মুখত সংগম ঘটিছে ৷ দুয়োখন নদীৰ কাষত হেজাৰৰো অধিক কৃষকে বছৰ বছৰ ধৰি কৃষি কায্য কৰি আহিছে ৷ কৃষকৰ মাতৃ স্বৰূপ এই দুইখন নদীপাৰৰ কৃষকে ধানৰ লগতে বছৰৰ বাৰ মাহেই বেঙেনা : জিকা ; ভেন্দী ; ভোল ; জাতিলাউ ; ৰঙালাউ ; জলকীয়া ; আলু বিলাহী ; লাই -পালেং ধনীয়া আদি শাক পাছলিৰ খেটিকৰি উৎপাদিত ফচল জিলাখনৰ বিভিন্ন ঠাই ; নগালেনণ্ড ; ডিমাপুৰ আৰু উজনিৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰি আহিছে ৷ কিন্ত কেঞ্চাৰ ;খজুৱতীকে ধৰি বিভিন্ন চৰ্মৰোগৰ বাহক এই অপতৃণ পাৰ্থেনিয়ামে কৃষিভূমি চানি ধৰাত কৃষক সকল সমস্যাত পৰিছে ৷ পাৰ্থেনিয়িমৰ বিষয়ে অজ্ঞএকাংশ কৃষকে এনে পাৰ্থেনিয়ামৰ সংস্পশলৈ অহাত বহুত কৃষক চৰ্মৰোগত আক্ৰান্ত হৈছে ৷ এইবিধ পাৰ্থেনিয়াম বৃদ্ধি হোৱাৰ সামান্তৰাল ভাবে নৈ পৰীয়া এলেকা জামুগুৰি ; নোগোৰা ; দলৌজান কুৱৰীকথাৰ ৰূপকলীয়া আইটনীয়া মিৰিগাও ; দ’ গাও মইলনাপাৰা ; থোৰামুখ আদি গাও সমূহত কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ৷উল্লেখ্য যে এই অপতৃণ প্ৰথম অবস্থাত ৰেলআলিৰ দাঁতিত গজালি মেলি ফুল ধৰিছিল ৷ জান -জুৰিৰ পানীত বি-পথাৰলৈ আানি নদীৰ পানীত পৰে নদীৰ সাৰুৱা মাটিত লহ পহকৈ বাঢ়ি ৰক্তবীজা বংশৰ দৰে নদীৰ দুই পাৰ চানি ধৰে কূষকে খেটিৰ বাবে হালবোৱা পথাৰত পাৰ্থেনিয়াম গজিউঠে ৷ ইফালে নদী কিনাৰৰ বালি বা মাটি গোলাঘাত চহৰ আৰু বিভিন্ন গাঁৱলৈ অনাত সেই মাটিত ইয়াৰ বীজৰ সম্প্ৰসাৰণ হৈ বিভিন্ন অঞ্চলত গজিবলৈ ধৰে ৷ নদীৰ কিনাৰৰ সেউজীয়া ঘাহ খাবলৈ যোৱা গৰু-ছাগলীৰ গা’ত পাৰ্থেনীয়ামৰ বীজ লাগি অথবা বতাহত উৰি আহি এই বিষাক্ত অপতৃণৰ বিস্তাৰ হৈয়েই আছে ৷ সেয়েহে এইবিধ অপতৃণ নিৰ্মূল কৰিবলৈ ৰাইজে বিষয়টো কৃষিমন্ত্ৰী অতুলবৰাৰ দৃষ্টিগোচৰ কৰিছে ৷ ঃ প্ৰকাশ শৰ্মা ৷


বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...