Thursday, 11 June 2020
11 Jun, 2020 মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে যোবা কালি বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত টেলিফোনযোগে বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতি আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীক সবিশেষ অৱগত কৰে। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাত ক্ষতিগ্ৰস্ত ৰাইজলৈ প্ৰয়োজনীয় সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
Wednesday, 10 June 2020
এগৰাকী ৫৫ বছৰীয়া মহিলা ৷ জতীল ৰোগত আক্ৰান্ত মহিলা গৰাকীৰ চিকিৎসা কৰাত ব্যৰ্থ হৈছে পৰিয়ালৰ লোক ৷ গোলাঘাট চহৰৰ পাৰ্শ্ব্ৱ্তী এলেকা কাঠকটিয়া গাঁৱৰ কৃষক ডিম্বেশ্বৰ বৰাৰ পত্নী তথা পাঁচ সন্তানৰ মাতৃ মিনাবৰা আক্ৰান্তহৈছে ব্লাড কেঞ্চাৰত ৷ ৫৫ বছৰীয়া মহিলা গৰাকীৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কণ্যা ৷ পুত্ৰ-কণ্যা সকলোৰে আছে নিজ নিজ সংসাৰ ৷ কেইবছৰমানৰ আগতে মীনা অসুষ্ঠ হোৱাত তেওক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ৰোগ নিণয় কৰিব পৰা নাছিল ৷ বহু পৰীক্ষাৰ অন্তত মীনাৰ ব্লাড কেঞ্চাৰ হোৱা বুলি জানিব পাৰি পৰিয়ালটোৰ মুৰত সৰগ ভাঙি পৰিল ৷ চিকিৎসকে মীনাক গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে ৷ কিন্ত কোনো উপাই নাই পৰিয়ালটোৰ ৷ কিয়নো নিজৰ মাটিবাৰি ধনশিৰিনদীয়ে গ্ৰাস কৰাৰ পিচত আনৰ মাটিত ঘৰ সাজি যেনেতেনে দুবেলা দুমুঠি খাই আছে ৷ পুতেক কেইজনেও হাজিৰা কৰি পোৱাধন মাকৰ চিকিৎসাত খৰছ কৰিলে ৷ এতিয়া পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজলৈ আৰ্থিক সাহায্য বিছাৰিছে কোনো সদাসয় লোকে যদি আৰ্থিক অনুদান আগবঢ়ায় তেন্ত অসম গ্ৰামীণ বিকাশ বেংক গোলাঘাট শাখাৰ 7234010038933 আৰু আই এফ এচ চি ক’ড UTBIORRBAGB একাউণ্টত জমা দিব পাৰিব ৷ ধনৰ অনাতন হোৱাত তেওঁ আজি নিজেই কাঠকটিয়াৰ পৰা বাহন ভাড়াৰলৈ গোলাঘাটৰ অসম গ্ৰামীন বিকাশ বেংকত থকা ৫০০ টকা উলিয়াবলৈ যাবলগা হল ৷ কাৰণ তেওঁক বেংকৰ কোনোৱে কলে যে একাউণ্ট হ’ল্ডাৰ নিজে নাহিলে বেংকে ধন নিদিয়ে সেয়েহে ব্লাডকেঞ্চাৰ ৰোগী গৰাকীয়ে নিজেই ২০০ টকাত বেটাৰীৰিক্চা ভাড়াকৰি বেংকলৈ যাবলগা হ’ল ৷ এফালে ঘৰত এই জতীল ৰোগীৰ চিন্তা আৰু আনফালে ভূতৰ ওপৰত দানহ পৰাদি অন্য এক দুয্যোগ নামি আহিছে পৰিয়াটোলৈ ৷ ধনশিৰি নদীৰ পানী বাঢ়িলেই নদীৰ খহনীয়াই তেওলোকৰ জুপুৰীটো চিনচাৱ নোহোৱাৰ আশংকা আহি পৰিছে ৷ :::পাৰ্থ শইকীয়া গোলাঘাট ৷ ১০ জুন ২০২০
10 Jun, 2020 কলিয়াবৰৰ উলূৱনি গাঁৱত নীল বিপ্লৱ আঁচনিৰ অধীনত Re-Circulatory Aquaculture System (RAS) প্ৰকল্পৰ শুভ উদ্বোধন কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে। লগতে, তেখেতে মৎস্য পাম পৰিদর্শন কৰি হিতাধিকাৰীদ্বয় শ্ৰী শৈলেন্দ্ৰ গোস্বামী আৰু শ্ৰী ধনঞ্জয় উপাধ্যায়ৰ সৈতে মত বিনিময় কৰে। তদুপৰি, কৃষি তথা মীনপালনক জীৱিকা হিচাপে গ্ৰহণ কৰি আত্মনির্ভৰশীল হ'বলৈ বিচৰা যুৱপ্ৰজন্মক চৰকাৰৰ তৰফৰপৰা যাৱতীয় সহযোগিতা আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে। অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী পৰিমল শুক্লবৈদ্য আৰু শ্ৰী কেশৱ মহন্তও অনুষ্ঠানত উপস্থিত আছিল।
Subscribe to:
Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...















