Wednesday, 10 June 2020
10 Jun, 2020 তিনিচুকীয়াৰ বাঘজানৰ সামগ্ৰিক পৰিস্থিতিৰ বিতংভাৱে বুজ লয় টেলিফোনযোগে আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই । এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু বিভাগীয় বিষয়াবৰ্গৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে গ্ৰহণ কৰা যাৱতীয় ব্যৱস্থাৰ বিষয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰে, মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে। এই পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতাৰ লগতে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজক তেখেতে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে।
Tuesday, 9 June 2020
9 Jun, 2020 আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত, অসম বোৰ্ড অব্ স্প'ৰ্টছৰ পৰিচালনা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বোৰ্ড অব্ স্প'ৰ্টছৰ বিভিন্ন কাৰ্যাৱলী আৰু পৰিকল্পনা সন্দৰ্ভত বিতংভাৱে বৈঠকত আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বোৰ্ড অব্ স্প'ৰ্টছৰ অধীনস্থ নেহৰু ষ্টেডিয়ামকে ধৰি অন্যান্য ক্ৰীড়াঙ্গণসমূহ আধুনিক ৰূপত গঢ়ি তোলাৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহ সৃষ্টি তথা বৃদ্ধিৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। ইয়াৰ বাবে অভিজ্ঞ আৰু পেছাদাৰী পৰামৰ্শদাতা নিয়োজিত কৰি আন্তঃগাঁথনিসমূহৰ ভৱিষ্যৎমুখী আৰু ৰাজহ অর্জনকাৰী মডেল সৃষ্টি কৰাৰ পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে। বোৰ্ড অব্ স্প'ৰ্টছৰ অধীনত বিভিন্ন ক্ৰীড়া আন্তঃগাথঁনিসমূহৰ ভিতৰত থকা সা-সুবিধাবোৰ ছ'চিয়েল মিডিয়াকে ধৰি অন্যান্য সংবাদ মাধ্যমৰ জৰিয়তে উপযুক্ত প্ৰচাৰৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে, যাতে নৱপ্ৰজন্মৰ খেলুৱৈসকলে ইয়াৰ সুবিধা সম্পৰ্কে অৱগত হ'ব পাৰে। আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল অসম বোৰ্ড অব্ স্প'ৰ্টছৰ উপাধ্যক্ষ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলেৰ লগতে বোৰ্ড অব্ স্প'ৰ্টছৰ সদস্য আৰু আন বিষয়ববীয়াসকল।
9 Jun, 2020 মাননীয় স্বাস্থ্য মন্ত্রী শ্ৰী যুত হিমন্ত বিশ্ব শৰ্মা, ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আন সদস্য আৰু জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে যোৱা কালি হাফলঙত এক বৈঠকত মিলিত হৈ কোভিড-১৯ সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰে ৷ এই ক্ষেত্ৰত তৎপৰতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত ল'ব লগা পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰে ৷ বৈঠকত সতীৰ্থ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা, সন্মানীয় সাংসদ শ্ৰী পল্লৱলোচন দাস আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাং ডাঙৰীয়াও উপস্থিত আছিল ৷
Subscribe to:
Comments (Atom)
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...







