Tuesday, 9 June 2020
9 Jun, 2020 আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত, অসম বোৰ্ড অব্ স্প'ৰ্টছৰ পৰিচালনা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বোৰ্ড অব্ স্প'ৰ্টছৰ বিভিন্ন কাৰ্যাৱলী আৰু পৰিকল্পনা সন্দৰ্ভত বিতংভাৱে বৈঠকত আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বোৰ্ড অব্ স্প'ৰ্টছৰ অধীনস্থ নেহৰু ষ্টেডিয়ামকে ধৰি অন্যান্য ক্ৰীড়াঙ্গণসমূহ আধুনিক ৰূপত গঢ়ি তোলাৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহ সৃষ্টি তথা বৃদ্ধিৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। ইয়াৰ বাবে অভিজ্ঞ আৰু পেছাদাৰী পৰামৰ্শদাতা নিয়োজিত কৰি আন্তঃগাঁথনিসমূহৰ ভৱিষ্যৎমুখী আৰু ৰাজহ অর্জনকাৰী মডেল সৃষ্টি কৰাৰ পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে। বোৰ্ড অব্ স্প'ৰ্টছৰ অধীনত বিভিন্ন ক্ৰীড়া আন্তঃগাথঁনিসমূহৰ ভিতৰত থকা সা-সুবিধাবোৰ ছ'চিয়েল মিডিয়াকে ধৰি অন্যান্য সংবাদ মাধ্যমৰ জৰিয়তে উপযুক্ত প্ৰচাৰৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে, যাতে নৱপ্ৰজন্মৰ খেলুৱৈসকলে ইয়াৰ সুবিধা সম্পৰ্কে অৱগত হ'ব পাৰে। আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল অসম বোৰ্ড অব্ স্প'ৰ্টছৰ উপাধ্যক্ষ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলেৰ লগতে বোৰ্ড অব্ স্প'ৰ্টছৰ সদস্য আৰু আন বিষয়ববীয়াসকল।
9 Jun, 2020 মাননীয় স্বাস্থ্য মন্ত্রী শ্ৰী যুত হিমন্ত বিশ্ব শৰ্মা, ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আন সদস্য আৰু জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে যোৱা কালি হাফলঙত এক বৈঠকত মিলিত হৈ কোভিড-১৯ সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰে ৷ এই ক্ষেত্ৰত তৎপৰতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত ল'ব লগা পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰে ৷ বৈঠকত সতীৰ্থ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা, সন্মানীয় সাংসদ শ্ৰী পল্লৱলোচন দাস আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাং ডাঙৰীয়াও উপস্থিত আছিল ৷
Subscribe to:
Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...









