Monday, 8 June 2020
8 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল কৃষিমন্ত্ৰী শ্ৰী অতুল বৰা আৰু কৃষি আৰু উদ্যান শস্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে গুৱাহাটীত এক বৈঠকত মিলিত হয়। অসমৰ কৃষিভিত্তিক অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ লক্ষ্যৰে 'আত্মনিৰ্ভৰ অসম'ৰ লক্ষ্য বাস্তৱায়িত কৰাত মুখ্যমন্ত্ৰীয়ে বিশেষকৈ গুৰুত্ব আৰোপ কৰে আৰু বীজ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনক স্বনিৰ্ভৰশীল কৰাৰ দিশত মনোনিৱেশ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। লগতে, কৃষি আৰু উদ্যান শস্যৰ বিভিন্ন বীজৰ উৎপাদনৰ ক্ষেত্ৰত স্থানীয় কৃষকসকলক জড়িত কৰিবলৈও তেখেতে নিৰ্দেশ প্ৰদান কৰে। 'অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প' (APART)ৰ অধীনত ১০০টা Farmer Producer Companies গঠন কৰিবলৈ আজি সিদ্ধান্ত লোৱা হয়। প্ৰত্যেকটো কোম্পানীৰ অধীনত ৫০০ গৰাকী লোক থাকিব। এই পদক্ষেপে কৃষিখণ্ডক নতুন গতি প্ৰদান কৰাৰ লগতে কৃষকসকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি, 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত অসমৰ ১২৬টা সমষ্টিৰ প্ৰতিটোতে এটাকৈ 'Combine Harvestor' যন্ত্ৰ যোগান ধৰাৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। "কৃষিক্ষেত্ৰত আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগে উৎপাদন বৃদ্ধি তথা খেতিয়কসকলৰ সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।"- মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
Subscribe to:
Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...











