Wednesday, 31 August 2022

Golaghat Breaking

GOLAGHAT 31 August, 2022 :

Vaccination drive for livestock aiming prevention of Foot and Mouth Disease (FMD) and Brucellosis under National Animal Disease Control Programme is going on at various parts of the Golaghat District including Merapani, Hatiakhowa, Dergaon and Ahom Gaon under the aegis of Animal Husbandry and Veterinary Department, Golaghat. Ear tagging of cattle is also being carried out at Hatiakhowa area to keep track and record information such as gender, age, weight, when a cow last calved, number of calves she has had, etc.

NORTHEAST NEWS INDIA

গোলাঘাট জিলাৰ হাতীচুকীয়া গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩৩০/২০২২

*গোলাঘাট জিলাৰ হাতীচুকীয়া গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

গোলাঘাট, ৩১ আগষ্ট : গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ডৰ অধীনৰ হাতীচুকীয়া গাঁৱৰ এজন লোকৰ ঘৰৰ গাহৰি ফাৰ্মত হোৱা গাহৰিৰ অস্বাভাৱিক মৃত্যু আফ্ৰিকান ছোৱাইন ফিভাৰৰ ঘটনা বুলি নিশ্চিত হোৱাৰ পিছতেই গোলাঘাটৰ অতিৰিক্ত জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে । অসম চৰকাৰে এক নিৰ্দেশনা যোগে ইতিমধ্যে গাঁওখনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ৰোগ যাতে অন্য ঠাইলৈ বিয়পিব নোৱাৰে তাৰ বাবে গাঁওখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে । তদুপৰি হাতীচুকীয়া গাঁও ( সংক্ৰমিত এলেকা) ৰ পৰা অসংক্ৰমিত এলেকালৈ গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ আদান-প্ৰদান নিষিদ্ধ কৰা হৈছে । গাহৰিক পেলনীয়া সামগ্ৰী খুওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জৰুৰীভাবে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Monday, 29 August 2022

🙏🏾 মা আৰু প্ৰকৃতি🙏🏾 মানৱ জাতিৰ তেতিয়াহে শান্তি সম্ভৱ। যেতিয়া মানৱ জাতিয়ে প্ৰকৃতি আৰু সকলো জীৱকোলৰ মঙ্গল কামনা কৰিৱ। লুভ, মোহ, কাম, ক্ৰধ, দম্ভ, অংহকাৰ ত্যাগ কৰিৱ। *মা আৰু প্ৰকৃতি* *মাধৱ গগৈ* *প্ৰতিষ্ঠাপক*Email- mother.and.nature2021@gmail.com -

🙏🏾 মা আৰু প্ৰকৃতি🙏🏾   

মানৱ জাতিৰ তেতিয়াহে শান্তি সম্ভৱ। যেতিয়া মানৱ জাতিয়ে প্ৰকৃতি আৰু  সকলো জীৱকোলৰ মঙ্গল কামনা কৰিৱ। লুভ, মোহ, কাম, ক্ৰধ, দম্ভ, অংহকাৰ ত্যাগ কৰিৱ। 


*মা আৰু প্ৰকৃতি*
    *মাধৱ গগৈ*
   *প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com -

Assam COVID-19🦠😷 Details 28/08/2022.

Saturday, 27 August 2022

হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভনি মন্ত্ৰী অজন্তা নেওগৰ**ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ বিত্তমন্ত্রীৰ**৩৮ গৰাকী সখীক সখী এক্সপ্ৰেছ প্ৰদান কৰিলে মন্ত্ৰী অজন্তা নেওগে

*হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভনি মন্ত্ৰী অজন্তা নেওগৰ*
*ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ বিত্তমন্ত্রীৰ*
*৩৮ গৰাকী সখীক সখী এক্সপ্ৰেছ প্ৰদান কৰিলে মন্ত্ৰী অজন্তা নেওগেহাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভনি মন্ত্ৰী অজন্তা নেওগৰ*
*ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ বিত্তমন্ত্রীৰ*
*৩৮ গৰাকী সখীক সখী এক্সপ্ৰেছ প্ৰদান কৰিলে মন্ত্ৰী অজন্তা নেওগে
*

দিছপুৰ, ২৭ আগষ্ট: আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে গোলাঘাটৰ নিজ সমষ্টিত উপস্থিত হয় বিত্ত আৰু  মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ। গোলাঘাট সমষ্টিৰ অন্তৰ্গত ওৱাটিং পঞ্চায়তৰ দীৰ্ঘদিনীয়া সমস্যা হাতী- মানুহৰ সংঘাত। এই সমস্যাৰ পৰা স্থানীয় ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে আজি বন বিভাগে আবন্টন দিয়া ৬ কিঃমিঃ দৈৰ্ঘ্যৰ সৌৰশক্তি চালিত ওলমা ফেন্সিং প্ৰকল্পৰ  শুভাৰম্ভনি কৰে ৰাজ্যৰ বিত্ত আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে ।
 এই প্ৰকল্পৰ শুভাৰম্ভনি কৰি মন্ত্ৰী নেওগে কয় যে- খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰাইজে এই প্ৰকল্পৰ জৰিয়তে সকাহ পাব।

ইফালে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 'সখী এক্সপ্ৰেছ আঁচনি' ৰ অধীনত আজি গোলাঘাট পূৱ উন্নয়ন খণ্ডৰ পদুমনি আৰু গমাৰিগুৰি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়িকা তথা ৰাজ্যিক বিত্তমন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বেংক সখী, বীমা সখী, পশু সখী আৰু কৃষি সখীকে আদি কৰি মুঠ ৩৮ গৰাকী সামূহিক কৰ্মীৰ মাজত  স্কুটী বিতৰণ কৰে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে " গ্রামাঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সৱলীকৰণৰ বাৰ্তা প্ৰচাৰ কৰাত সখীসকলে তেওঁলোকক প্ৰদান কৰা বাহন সমূহৰ সঠিক ব্যৱহাৰ কৰিব” ।

তাৎপৰ্যপূৰ্ণ যে- বিত্তমন্ত্ৰী গৰাকীয়ে আজি পুৱাই জিলাখনৰ ঐতিয্যমণ্ডিত ফৰকাটিং মহাবিদ্যালয়ত উপস্থিত হয়।
মহাবিদ্যালয়খনে আয়োজন কৰা ছাত্র-ছাত্ৰী তথা শিক্ষকসকলৰ সৈতে  বিত্তমন্ত্ৰী গৰাকীয়ে এক অন্তৰংগ আলাপ অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে-" বিশ্বায়নৰ যুগত প্ৰতিযোগিতামূলক যুঁজখনত নিজৰ শিপাক খামুচি ৰাখি আগুৱাই যাবলৈ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক আগুৱাই নিবলৈ শিক্ষক,অভিভাৱক আৰু আমাৰ সকলোৰে কৰনীয় আছে। তেওঁ লগতে কয় যে - শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰেৰক- PRO
NORTHEAST NEWS INDIA

Friday, 26 August 2022

গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩২৯/২০২২

*গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা*

গোলাঘাট, ২৬ আগষ্ট : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন বৈঠকত তেওঁ এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ একোটা পৰিয়ালৰ বিপৰীতে কৰ্মদিন সৃষ্টিৰ হাৰ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ এম জি এনৰেগাৰ শ্ৰমিকসকলৰ দ্বাৰা উন্নয়ন খণ্ডসমূহত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ তথা উন্নীতকৰণৰ বাবেও নিৰ্দেশ দিয়ে । বৈঠকত উপায়ুক্তগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক দক্ষতা বিকাশ অভিযান, গোলাঘাটৰ সৈতে সমিলমিলেৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, উন্নয়ন খণ্ড বিষয়াসকল, সহকাৰী কাৰ্যবাহী অভিযন্তাসকল, সহকাৰী অভিযন্তা, কণিষ্ঠ অভিযন্তা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক, খণ্ড প্ৰকল্প প্ৰবন্ধক আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

আনহাতে উপায়ুক্তগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ বিষয়ববীয়া সকলৰ সৈতেও এখন সুকীয়া বৈঠকত মিলিত হয় । তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুৰ্বল ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ ক্ষেত্ৰত গোট (ক্লাষ্টাৰ) ভিত্তিক সমীক্ষা আৰু জিলাখনৰ যিসমূহ বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ অতি কম তেনেবোৰ বিদ্যালয়ত বিশেষ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ আধাতে বিদ্যালয় এৰা বিশেষভাবে সক্ষম ল'ৰা-ছোৱালীৰ বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ বাবে ছ'চিয়েল মিডিয়া আৰু অন্য মাধ্যমসমূহৰ দ্বাৰা ব্যাপক প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক  ডঃ সমীৰণ বৰা আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী সকল  উপস্থিত আছিল । 

তেওঁ আজি ভূমি অধিগ্ৰহণ শাখাৰ সৈতেও আলোচনাত মিলিত হয় । অতিৰিক্ত উপায়ুক্ত চুলতানা  আখটাৰা আহমেদৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে এই শাখাৰ অধীনত জিলাখনত ৰূপায়িত ১১ টা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । এখন সুকীয়া বৈঠকত তেওঁ জিলা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Thursday, 25 August 2022

Special Health Camp under Swasthya Sewa Abhijan

*Special Health Camp under Swasthya Sewa Abhijan*

25th Aug, 2022: Golaghat 

 A special health camp was organised on 25th Aug, 2022 at Nabapur Rajahua Bhawan under Madhyampur Gaon Panchayat under Sarupathar BPHC.

The special health camp was inaugurated by the Joint Director of Health Services, Golaghat Dr. Arun Chandra Mahanta in presence of Sub Divisional Medical and Health Officer Dr. Paban Kumar Gonju, Dub Divisional Medical and Health Officer (Head Quarter) Dr. Ajit Gogoi.

Child Specialist, Medicine Specialists, Gynecologist, Community Health Officers, Laboratory Technician, Pharmacist, ANMs etc were present apart from team of  Mobile Medical Unit and  Rashtriya Bal Suraksha Karyakram. 

Various services like Ante Natal Care, Post Natal Care, Laboratory services, screening of Non Communicable Diseases, TB,  Malaria, Counseling etc were provided to the general people. 

This special health camp under Swasthya Sewa Abhijan is an initiative by National Health Mission, Assam which will be held from now on every month at different locations of the districts of Assam.

The aim of the special health camp is to provide specialist services to the people under one roof right at their doorstep. The  special health camps will enhance the health seeking behaviour of the people and generate awareness to make health their priority.

NORTHEAST NEWS INDIA

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ পি উদয় প্ৰবীণৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩২৮/২০২২

*ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ পি উদয় প্ৰবীণৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ

গোলাঘাট, ২৫ আগষ্ট : ২০১৬ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ পি উদয় প্ৰবীণে আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ ওদালগুৰি জিলাৰ উপায়ুক্ত আৰু বি টি চিৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । দায়িত্ব গ্ৰহণ কৰিয়েই নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে আৰু বিদায়ী উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাক বিদায় জনাবলৈ উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে । নৱনিযুক্ত উপায়ুক্তগৰাকীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে বিদায়ী উপায়ুক্তগৰাকীকো ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ লৈ বিদায়ী উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আৰু ইয়াৰ ৰাইজৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও গোলাঘাটৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি শ্ৰীবৰুৱাই মন্তব্য কৰে । তেওঁ কয় যে চৰকাৰী কাৰ্যালয়সমূহত অতি সোনকালেই কাগজৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা হ'ব । সেয়েহে বিষয়া-কৰ্মচাৰীসকলক এই নতুন ব্যৱস্থাৰ সৈতে আগবাঢ়িব পৰাকৈ নিজকে যোগ্য কৰি তুলিবলৈ তেওঁ আহ্বান জনায় । তেওঁ গোলাঘাটৰ উপায়ুক্ত হিচাপে প্ৰায় ১৩ মহীয়া কাৰ্যকাল সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে নৱনিযুক্ত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে কয় যে সকলোৰে সহায় সহযোগিতাতহে গোলাঘাট জিলাখনৰ সমস্যাৰাজীৰ আশু সমাধানসূত্ৰ উলিওৱাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহৰ সফল ৰূপায়ন সম্ভৱ হ'ব । এইক্ষেত্ৰত তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু গোলাঘাট জিলাবাসী ৰাইজৰ সহযোগিতা কামনা কৰে । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰীযুতা চুলতানা আখটাৰা আহমেদ, শ্ৰী কুলদীপ হাজৰিকা, ডঃ সংগীতা বৰঠাকুৰ, চক্ৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...