Saturday, 13 June 2020

13 Jun, 2020 এগৰাকী ৫৫ বছৰীয়া মহিলা ৷ জতীল ৰোগত আক্ৰান্ত মহিলা গৰাকীৰ চিকিৎসা কৰাত ব্যৰ্থ হৈছে পৰিয়ালৰ লোক ৷ গোলাঘাট চহৰৰ পাৰ্শ্ব্ৱ্তী এলেকা কাঠকটিয়া গাঁৱৰ কৃষক ডিম্বেশ্বৰ বৰাৰ পত্নী তথা পাঁচ সন্তানৰ মাতৃ মিনা বৰা আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত ৷ মহিলা গৰাকীৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কণ্যা ৷ পুত্ৰ-কণ্যা সকলোৰে আছে নিজ নিজ সংসাৰ ৷ কেইবছৰমানৰ আগতে মীনা অসুষ্ঠ হোৱাত তেওক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ৰোগ নিণয় কৰিব পৰা নাছিল ৷ বহু পৰীক্ষাৰ অন্তত মীনা বৰা ব্লাড কেঞ্চাৰ হোৱা বুলি জানিব পাৰিছে। চিকিৎসকে মীনা বৰা ক গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে ৷ কোনো উপাই নাই পৰিয়ালটোৰ ৷ নিজৰ মাটিবাৰি ধনশিৰিনদীয়ে গ্ৰাস কৰাৰ পিচত আনৰ মাটিত ঘৰ সাজি যেনেতেনে দুবেলা দুমুঠি খাই আছে ৷ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা ৷ সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজলৈ আৰ্থিক সাহায্য বিছাৰিছে কোনো সদাসয় লোকে যদি আৰ্থিক অনুদান আগবঢ়ায় তেন্তে অসম গ্ৰামীণ বিকাশ বেংক গোলাঘাট শাখাৰ । A/C 7234010038933 আৰু IFSC Code- UTBIORRBAGB জমা দিব পাৰিব। যোগাযোগৰ নম্বৰ 6001940051 পৰিয়াটোলৈ দুয্যোগ নামি আহিছে ৷ ধনশিৰি নদীৰ পানী বাঢ়িলেই নদীৰ খহনীয়াই তেওলোকৰ জুপুৰীটো চিনচাৱ নোহোৱাৰ আশংকা আহি পৰিছে ৷ :::পাৰ্থ জোতি বৰা গোলাঘাট।


No comments:

Post a Comment

Welcome Northeast News India

বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...