Saturday, 13 June 2020
13 Jun, 2020 এগৰাকী ৫৫ বছৰীয়া মহিলা ৷ জতীল ৰোগত আক্ৰান্ত মহিলা গৰাকীৰ চিকিৎসা কৰাত ব্যৰ্থ হৈছে পৰিয়ালৰ লোক ৷ গোলাঘাট চহৰৰ পাৰ্শ্ব্ৱ্তী এলেকা কাঠকটিয়া গাঁৱৰ কৃষক ডিম্বেশ্বৰ বৰাৰ পত্নী তথা পাঁচ সন্তানৰ মাতৃ মিনা বৰা আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত ৷ মহিলা গৰাকীৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কণ্যা ৷ পুত্ৰ-কণ্যা সকলোৰে আছে নিজ নিজ সংসাৰ ৷ কেইবছৰমানৰ আগতে মীনা অসুষ্ঠ হোৱাত তেওক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ৰোগ নিণয় কৰিব পৰা নাছিল ৷ বহু পৰীক্ষাৰ অন্তত মীনা বৰা ব্লাড কেঞ্চাৰ হোৱা বুলি জানিব পাৰিছে। চিকিৎসকে মীনা বৰা ক গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে ৷ কোনো উপাই নাই পৰিয়ালটোৰ ৷ নিজৰ মাটিবাৰি ধনশিৰিনদীয়ে গ্ৰাস কৰাৰ পিচত আনৰ মাটিত ঘৰ সাজি যেনেতেনে দুবেলা দুমুঠি খাই আছে ৷ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা ৷ সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজলৈ আৰ্থিক সাহায্য বিছাৰিছে কোনো সদাসয় লোকে যদি আৰ্থিক অনুদান আগবঢ়ায় তেন্তে অসম গ্ৰামীণ বিকাশ বেংক গোলাঘাট শাখাৰ । A/C 7234010038933 আৰু IFSC Code- UTBIORRBAGB জমা দিব পাৰিব। যোগাযোগৰ নম্বৰ 6001940051 পৰিয়াটোলৈ দুয্যোগ নামি আহিছে ৷ ধনশিৰি নদীৰ পানী বাঢ়িলেই নদীৰ খহনীয়াই তেওলোকৰ জুপুৰীটো চিনচাৱ নোহোৱাৰ আশংকা আহি পৰিছে ৷ :::পাৰ্থ জোতি বৰা গোলাঘাট।
Subscribe to:
Post Comments (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
No comments:
Post a Comment
Welcome Northeast News India