Thursday, 27 July 2023

*গোলাঘাটত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন*

জনসংযোগ গোলাঘাট

*গোলাঘাটত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন*

গোলাঘাট, ২৭ জুলাই ২০২৩: গোলাঘাট জিলাৰ সদৰত সমাগত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অৰ্দ্ধসামৰিক বাহিনীৰ বিষয়া, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়৷ এইবেলিও পূৰ্বৰ বছৰবোৰৰ দৰেই স্বাধীনতা দিৱস বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰা হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে। আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷

আয়ুক্তগৰাকীয়ে কয় যে এইবাৰো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি আৰু ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰোপৰি চিকিৎসালয়, কাৰাগাৰ, বৃদ্ধাশ্রম, শিশু আশ্ৰয় গৃহ আদি আগতীয়াকৈ পৰিদৰ্শন কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ বাবে সভাত সিদ্ধান্ত লোৱা হয়। লগতে স্বাধীনতা দিৱস উপলক্ষে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবেও প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইবেলি স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসন, আৰক্ষী, চি আৰ পি এফ আৰু সংবাদ মাধ্যমৰ মাজত প্ৰীতি খেল অনুষ্ঠিত কৰাৰ বাবেও এটা প্ৰস্তাৱ লোৱা হয়।

সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত আয়ুক্ত ৱাছবিৰ ছুভানী, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত,
মহকুমাধিপতি (সদৰ) পাপৰি দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ভালেমান বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ ব্যক্তি উপস্থিত আছিল। 
        
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট* 
NORTHEAST NEWS INDIA

Wednesday, 26 July 2023

*বিত্তমন্ত্ৰীৰ উপস্থিতিত গোলাঘাট জিলাত অমৃত সৰোবৰ প্ৰকল্প মুকলি মন্ত্ৰী ৰঞ্জিত দাসৰ**২৯৬ টা আত্মসহায়ক গোটক ৬.৭৬ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋনৰ মঞ্জুৰিপত্ৰ প্ৰদান**কেৱল চৰকাৰী ধান ক্ৰয় কেন্দ্ৰতহে নিজৰ উৎপাদিত ফচল বিক্ৰী কৰিবলৈ কৃষকৰ প্ৰতি আহ্বান* *অসমত ২৭ মাহত চাৰে ৮ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ*

*বিত্তমন্ত্ৰীৰ উপস্থিতিত গোলাঘাট জিলাত অমৃত সৰোবৰ প্ৰকল্প মুকলি মন্ত্ৰী ৰঞ্জিত দাসৰ*

*২৯৬ টা আত্মসহায়ক গোটক ৬.৭৬ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋনৰ মঞ্জুৰিপত্ৰ প্ৰদান*

*কেৱল চৰকাৰী ধান ক্ৰয় কেন্দ্ৰতহে নিজৰ উৎপাদিত ফচল বিক্ৰী কৰিবলৈ কৃষকৰ প্ৰতি আহ্বান* 

*অসমত ২৭ মাহত চাৰে ৮ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ*

গোলাঘাট, ২৬ জুলাই ২০২৩ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট জিলাৰ গমাৰিগুৰি আৰু পদুমণি উন্নয়ন খণ্ড পৰিদৰ্শন কৰি কেইবাখনো সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গমাৰিগুৰি উন্নয়ন খণ্ড আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গমাৰিগুৰিৰ সৌজন্যত উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত অংশ লৈ আত্মসহায়ক গোটৰ মাজত সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰিপত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে নাৰী সবলীকৰণৰ ক্ষেত্ৰত মহিলা উদ্যোগী সৃষ্টিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি ৰাজ্যখনত ২৭ মাহত চাৰে ৮ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছে। তদুপৰি ধানৰ ন্যূনতম সমৰ্থন মূল্য ২০৪০ টকাকৈ নিৰ্ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বৃহৎসংখ্যক কৃষক উপকৃত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ ৬৭ হাজাৰ কৃষকে প্ৰতি কুইন্টলত ২০৪০ টকাকৈ ধান বিক্ৰী কৰিছে। তেওঁ জিলাখনৰ কৃষকসকলক কেৱল ধান ক্ৰয় কেন্দ্ৰতহে ধান বিক্ৰী কৰিবলৈ আহ্বান জনায়। অনাগত সময়ত গোলাঘাট জিলাত ধান আৰু সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খেতি কৰিবলৈ এৰি দিয়াৰ প্ৰৱণতা আমাৰ বাবে দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে কৃষকসকল আৰু অধিক উপকৃত হ'ব পৰাকৈ প্ৰতি কুইন্টলত ২১৮৩ টকাকৈ ধান ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লৈছে। তেওঁ আত্মসহায়ক গোটসমূহক গোলাঘাটৰ ব্ৰেণ্ডত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত দিয়া ভাষণত বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে কয় যে ২৯ হাজাৰ পৰিয়ালে বাস কৰা গমাৰিগুৰি উন্নয়ন খণ্ডত ক'ভিড মহামাৰীৰ সময়ছোৱাত ১০০০ টা পুখুৰী খন্দাই বহিঃৰাজ্যৰ পৰা উভতি অহা ১০০০ টা পৰিয়ালক সংস্থাপন দিয়া হৈছিল। তেওঁ কয় যে বছৰি ২ লাখ কেজি মাছ যাতে গোলাঘাটৰ ৰাইজে লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে মৎস্য উৎপাদনৰ ক্ষেত্ৰখনত গমাৰিগুৰি উন্নয়ন খণ্ডত ব্যাপক উদ্যমেৰে কাম কৰা হৈছে। আজিৰ অনুষ্ঠানত প্ৰায় চাৰে ৪ কোটি টকাৰ ঋণ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি ই উন্নয়ন খণ্ডটোৰ ২৯ হাজাৰ পৰিয়ালক অৰ্থনৈতিকভাৱে অধিক আগুৱাই লৈ যাব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ১৬৮ টা আত্মসহায়ক গোটক প্ৰায় চাৰে ৪ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋনৰ মঞ্জুৰিপত্ৰ প্ৰদান কৰা হয়। দুয়োগৰাকী মন্ত্ৰীয়ে পদুমণি উন্নয়ন খণ্ডতো এখন সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ১২৮ টা আত্মসহায়ক গোটক প্ৰায় ২ কোটি ২৬ লাখ টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋনৰ মঞ্জুৰিপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণো উপস্থিত আছিল।

ইয়াৰ পূৰ্বে তেওঁ বিত্ত মন্ত্ৰীগৰাকীৰ উপস্থিতিত উন্নয়ন খণ্ডটোৰ অন্তৰ্গত চাউদাং পথাৰ পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দোৱা ৰজাপুখুৰীৰ শুভ উদ্বোধন কৰে। তেওঁ কয় যে ৰজাপুখুৰী অমৃত সৰোবৰটো সম্ভৱতঃ অসমৰ সৰ্বশ্ৰেষ্ঠ সৰোবৰ হ'ব। তেওঁ স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ নিজা উদ্যোগেৰে এই অমৃত সৰোবৰত ভগৱান বিষ্ণুৰ দশাৱতাৰৰ মূৰ্তি স্থাপন কৰাৰ লগতে ৱাকিং জ'নৰো সুব্যৱস্থা কৰাত শলাগ লয় ৷ তেওঁ কয় যে এই অমৃত সৰোবৰ ইতিমধ্যে অমৃত পৰ্যবেক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে। উল্লেখযোগ্য যে মুঠ ২৫,৪৩,৬৭৮ টকা ব্যয়সাপেক্ষে চাউদাংপথাৰৰ ৰজাপুখুৰী অমৃত সৰোবৰ আঁচনিখন ৰূপায়ন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত বিধায়কদ্বয় মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনো উপস্থিত আছিল।

আটাইকেইটা অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক কৃষ্ণা বৰুৱা, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ড বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়ববীয়াসকল, আত্মসহায়ক গোটৰ মহিলাসকল আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। মন্ত্ৰী দুগৰাকীয়ে আদৰ্শ গমাৰিগুৰি পঞ্চায়তৰ কাৰ্যালয়টোও উদ্বোধন কৰে।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন

গোলাঘাট ২৬ জুলাই, ২০২৩ঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ হিন্দী স্কুল পথত সংঘটিত তিনিটা হত্যাকাণ্ডৰ ঘটনাত পিতৃ-মাতৃ আৰু ভগ্নীক হেৰুওৱা অংকিতা ঘোষক গোলাঘাটৰ শ্ৰীমন্ত নগৰত তেওঁৰ সম্বন্ধীয়ৰ বাসগৃহত সাক্ষাৎ কৰি শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

NORTHEAST NEWS INDIA

Monday, 24 July 2023

*গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ, ২২ খন সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতে বৈঠক**আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব প্ৰতিবেদন যুগুতকৰণৰ কাম**দুই/তিনিমাহৰ ভিতৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব : অধ্যক্ষ*

*গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ, ২২ খন সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতে বৈঠক*

*আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব প্ৰতিবেদন যুগুতকৰণৰ কাম*

*দুই/তিনিমাহৰ ভিতৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব : অধ্যক্ষ*   

গোলাঘাট, ২৪ জুলাই ২০২৩: অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দলে আজি গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন কৰে। প্ৰথমে দলটোৱে জিলাখনৰ গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কুমাৰ গাঁও, ন-পমুৱাৰ ঠকৰিয়াল সত্ৰ আৰু তাৰ পিছতেই ঘিলাধাৰী মৌজাৰ নোগোৰা গাঁৱৰ দিহিং সত্ৰ পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লয়। সত্ৰ আয়োগৰ অধ্যক্ষ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা দলটোত আছিল আয়োগৰ সদস্য বিধায়ক মৃণাল শইকীয়া আৰু পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা। তেওঁলোকৰ সৈতে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) দামোদৰ বৰ্মন, গোলাঘাটৰ চক্ৰ বিষয়া পাপৰি দাস আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।  আয়োগৰ দলটোৱে দুয়োখন সত্ৰৰ ভূমি সংক্ৰান্তীয় সমস্যাৰ চৰজমিন পৰ্যালোচনা কৰাৰ লগতে সত্ৰসমূহৰ সাঁচিপতিয়া পুথি, তাম্ৰফলি আদিৰ সবিশেষ তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছতেই গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ ২২খন সত্ৰৰ সত্ৰাধিকাৰ আৰু বিষয়ববীয়াসকলৰ সৈতে দলটোৱে এখন সভাত মিলিত হয়। আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সত্ৰত থকা পৌৰাণিক সমলসমুহৰ তালিকা যুগুত কৰি আয়োগৰ ওচৰত দাখিল কৰাৰ লগতে সত্ৰসমূহৰ প্ৰতি যাতে ৰাইজ আকৰ্ষিত হয়, তাৰবাবে এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে ৰাজ্যখনৰ সত্ৰসমূহৰ মাটি বেদখলমুক্ত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰয়াস অব্যাহত ৰাখিছে। অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা সত্ৰ আয়োগে ইয়াৰ প্ৰতিবেদন যুগুতকৰণৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে দুই/তিনিমাহৰ ভিতৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব। ভূমিৰ অভাৱৰ সৈতে যুঁজ দি থকা বিভিন্ন সত্ৰৰ অভাৱ-অভিযোগৰ বুজ লৈ তেওঁ কয় যে সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি দাখিল কৰিবলগীয়া এই প্ৰতিবেদনে চৰকাৰক সত্ৰৰ ভূমিৰ সমস্যা সমাধানত যথেষ্ট সহায় কৰিব। নতুন প্ৰজন্মক এই সত্ৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে সকলোৱে আন্তৰিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

সত্ৰ আয়োগৰ আন এগৰাকী সদস্য বিধায়ক মৃণাল শইকীয়াই কয় যে সত্ৰসমূহক লৈ বহু বিভ্ৰান্তি আছিল। এইসমূহ বিভ্ৰান্তি দুৰ কৰি প্ৰকৃত তথ্য উদ্ঘাটনৰ বাবেই চৰকাৰে এই আয়োগখন গঠন কৰিছে বুলি উল্লেখ কৰি তেওঁ সত্ৰসমূহক পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত অংশ লৈ সত্ৰ আয়োগৰ আন এগৰাকী সদস্য বিধায়ক ৰূপক শৰ্মাই কয় যে সত্ৰ আয়োগে দাখিল কৰা প্ৰতিবেদনে সত্ৰসমূহে মুখামুখি হৈ অহা ভূমিৰ সমস্যাৰ সমাধানসূত্ৰ উলিওৱাত যথেষ্ট সহায় কৰিব। তেওঁ এইক্ষেত্ৰত সত্ৰৰ ভকত বৈষ্ণৱসকলৰ সহযোগিতা কামনা কৰে।

দলটোৱে পিছত বোকাখাতৰ কুৰুৱাবাহী সত্ৰও পৰিদৰ্শন কৰি সত্ৰখনৰ ভূমিৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত সবিশেষ বুজ লয়। দলটোৰ সৈতে বোকাখাতৰ চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত সিদ্ধাৰ্থ সোণোৱাল আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল। 

উল্লেখযোগ্য যে, ৰাজ্যখনৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়টো নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে ২০২১ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই সত্ৰ আয়োগখন গঠন কৰিছিল।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 17 July 2023

*গোলাঘাটৰ বিশাল মেগা মাৰ্টত প্ৰদৰ্শন কৰি ৰখা আৰু মজুত কৰি ৰখা যিকোনো খাদ্য/পানীয় যেনে বিস্কুট, আচাৰ, চকলেট, ফলৰ ৰস, চাউল, দাইল আৰু আন সকলো পেকেজড খাদ্য সামগ্ৰীৰ ম্যাদৰ পৰীক্ষা সম্পন্ন নোহোৱালৈকে সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

*গোলাঘাটৰ বিশাল মেগা মাৰ্টত প্ৰদৰ্শন কৰি ৰখা আৰু মজুত কৰি ৰখা যিকোনো খাদ্য/পানীয় যেনে বিস্কুট, আচাৰ, চকলেট, ফলৰ ৰস, চাউল, দাইল আৰু আন সকলো পেকেজড খাদ্য সামগ্ৰীৰ ম্যাদৰ পৰীক্ষা সম্পন্ন নোহোৱালৈকে সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

গোলাঘাট ১৭ জুলাই, ২০২৩ঃ গোলাঘাটৰ বিশাল মেগা মাৰ্টত বিক্ৰীৰ ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী/পানীয় আদি বিক্ৰী হৈ থকা বুলি লাভ কৰা অভিযোগৰ ভিত্তিত গোলাঘাটৰ খাদ্য সুৰক্ষা বিষয়াই আৰক্ষীৰ সহযোগত যোৱা ১৪ জুলাইত ব্যৱসায় প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দুবিধ সামগ্ৰীৰ বিক্ৰীৰ ম্যাদ ওকলা বুলি সামগ্ৰী দুবিধৰ ওপৰত লগাই থোৱা লেবেলত ধৰা পৰে। দুয়োবিধ সামগ্ৰী লেবৰেটৰী পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰীয়ে মানুহৰ স্বাস্থ্য আৰু জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ চৈয়দ ৱাছবিৰ ছুভানিয়ে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা নিষেধাজ্ঞা অনুসৰি বিশাল মেগা মাৰ্টত বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰি ৰখা আৰু মজুত কৰি ৰখা যিকোনো খাদ্য/পানীয় যেনে বিস্কুট, আচাৰ, চকলেট, ফলৰ ৰস, চাউল, দাইল আৰু আন সকলো পেকেজড খাদ্য সামগ্ৰীৰ ম্যাদৰ পৰীক্ষা সম্পন্ন নোহোৱালৈকে আৰু এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই অনুপালন প্ৰতিবেদন (Compliance Report) দাখিল নকৰালৈকে এনে সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

NORTHEAST NEWS INDIA

Saturday, 15 July 2023

*গোলাঘাট জিলাত বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা*

*গোলাঘাট জিলাত বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা*

গোলাঘাট, ১৫ জুলাই ২০২৩ : গোলাঘাট জিলাৰ ৩টা ৰাজহ চক্ৰৰ ৩৪ খন গাঁৱৰ ১৯ হাজাৰৰো অধিক লোক সাম্প্ৰতিক বানৰ কবলত পৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বোকাখাত ৰাজহ চক্ৰৰ ২৩ খন গাওঁ, দেৰগাঁও ৰাজহ চক্ৰৰ ৭ খন গাওঁ আৰু খুমটাই ৰাজহ চক্ৰৰ ৪ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত জিলাখনৰ ১৩২ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ছশৰো অধিক পশুধন বানৰ কবলত পৰিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শংকৰদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা এটা আশ্ৰয় শিবিৰত শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। 

গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে যুদ্ধকালীন ক্ষীপ্রতাৰে বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য সামগ্ৰী যোগান, পানী, অনাময় ব্যৱস্থা, স্বাস্থ্য শিবিৰ আদিৰ ব্যৱস্থা কৰাত তৎপৰ হৈ পৰিছে। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে আজি দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। তেওঁ ৰাজহ চক্ৰটোৰ অধীনৰ চিকাৰীঘাট মিলনপুৰৰ শংকৰদেৱ বহুমুখী মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আশ্ৰয় শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত  লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, প্ৰয়োজন অনুসৰি প্ৰাথমিক চিকিৎসা, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি দিশসমূহৰ বুজ লয়। তেওঁ বান ক্ষতিগ্ৰস্ত লেমচাপৰি, নতুন চাপৰি আৰু চিৰিশটিকা আদি অঞ্চলো পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁৰ সৈতে দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাসো উপস্থিত আছিল। আনহাতে, বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ নিকৰি, শিলজুৰি, কাকজুৰি, ধনশিৰি হাঁহচৰা, বামুনগাঁও, বেজগাঁও আদিকে ধৰি ১৭ টা স্থানত স্থাপন কৰা সাহায্য কেন্দ্ৰত আজি জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰা হয়। জিলা প্ৰশাসনৰ ফালৰ পৰা বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চাউল, দাইল, নিমখ, মিঠাতেল, পশুখাদ্য, মম, মষ্কুইট' কয়ল, ছেনিটেৰী নেপকিন আদি বিতৰণ কৰা হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰ আৰু প্রাধিকৰণৰ ক্ষেত্ৰ বিষয়াসকলেও আজি বান ক্ষতিগ্রস্ত বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। 

ইফালে, গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত বোকাখাত মহকুমাৰ বিভিন্ন ঠাইত জিলাখনৰ স্বাস্থ্য বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটে সেৱা অব্যাহত ৰাখিছে। আজি বোকাখাত মহকুমাৰ বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ যোগনীয়া অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সাহায্য শিবিৰ অনুষ্ঠিত কৰা হয়। ভ্ৰাম্যমাণ চিকিৎসা গোটৰ লগতে উপ-স্বাস্থ্য কেন্দ্ৰৰ দলে অসুস্থ লোকসকলৰ চিকিৎসা অব্যাহত ৰাখিছে। লগতে দুগৰাকী গৰ্ভৱতী মহিলাক অস্থায়ী আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে। পশুপালন আৰু পশুচিকিৎসা বিভাগেও জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পশুধনৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰিছে। আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী যোগান আৰু আশ্ৰয় শিবিৰত অনাময় ব্যৱস্থাৰ বাবে ব্যাপক তৎপৰতাৰে কাম অব্যাহত ৰাখিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত ধোদাং ভেকেলী অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আজি পানী পৰিশোধনৰ বাবে ব্লিছিং আৰু অন্য ৰাসায়নিক সামগ্ৰী বিতৰণ কৰাৰ লগতে টিউবৱেল স্থাপন কৰি পানীৰ ব্যৱস্থা কৰা হৈছে। 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত ছাত্ৰ-ছাত্ৰীৰ বাবে গীত-নৃত্য-কবিতা আবৃত্তিৰ চাৰিখন বিনামূলীয়া কৰ্মশালাৰ শুভাৰম্ভ*

জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ছাত্ৰ-ছাত্ৰীৰ বাবে গীত-নৃত্য-কবিতা আবৃত্তিৰ চাৰিখন বিনামূলীয়া কৰ্মশালাৰ শুভাৰম্ভ*

গোলাঘাট, ১৫ জুলাই ২০২৩: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাতো চাৰিওটা বিধানসভা সমষ্টিত ১০ দিনীয়াকৈ বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। আজি গোলাঘাট সমষ্টিত এখন, বোকাখাত সমষ্টিত দুখন আৰু খুমটাই সমষ্টিত এখন কৰ্মশালা আৰম্ভ হৈছে। গোলাঘাটৰ কলেজ তিনিআলিৰ এভাৰগ্ৰীণ ড্ৰামা এণ্ড ফিল্ম এডুকেশ্যন চেন্টাৰত শিশুৰ ওমলা চৰাৰ উদ্যোগত আজিৰে পৰা নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আজি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিল্পী মণীষা হাজৰিকা, বিশিষ্ট নিৱন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, বিশিষ্ট শিল্পী দুৰ্গাধৰ নেওগৰ লগতে পৰ্যবেক্ষক হিচাপে অৰুণ মহন্ত, ইলু বৰুৱা আৰু প্ৰদীপ হাজৰিকা, শিশু ওমলা চৰাৰ সম্পাদক নিলুফাৰ ই মাহতাবি আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। এই কৰ্মশালা দৈনিক পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত হ'ব। আনহাতে, খুমটাই সমষ্টিৰ মিছামৰাৰ মাধৱদেৱ পুথিভঁৰাল প্ৰাংগনত কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজিৰে পৰা নৃত্য আৰু পৰম্পৰাগত নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী পৰাগ বৰা, বেটিয়নি গাঁও পঞ্চায়তৰ সভাপতি বিদ্যা বিজয় দুৱৰা আৰু কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি অৰিন্দম শইকীয়া উপস্থিত আছিল। দৈনিক পুৱা ১০ বজাৰ পৰা এই কৰ্মশালা অনুষ্ঠিত হ'ব।

বোকাখাত সমষ্টিতো আজি দুখন কৰ্মশালা আৰম্ভ হৈছে। বোকাখাত মহকুমাৰ অন্তৰ্গত বংকোৱাল চিত্ৰকলা বিদ্যালয়ত শিপাভূমি নাট্যগোষ্ঠী গোলাঘাট, বংকোৱাল চিত্ৰকলা বিদ্যালয়ৰ সহযোগত সত্ৰীয়া নৃত্য আৰু পৰম্পৰাগত লোকনৃত্যৰ কৰ্মশালাৰ আজি শুভাৰম্ভ কৰা হয়। টাজাং কুটুম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনকধন বৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে বংকৱাল চিত্ৰকলা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ইভান লইঙে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিপাভূমি নাট্যগোষ্ঠীৰ সদস্য পলাশ লইঙে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহ অধ্যাপক সোণমণি শৰ্মাই আজিৰ কৰ্মশালাখনি উদ্বোধন কৰে। সভাত অফলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত বৰি, বংকোৱাল গাঁৱৰ গাঁও প্ৰধান অজিত দাৱ, মহুৰামুখ প্ৰেছ ক্লাবৰ হৈ হেমন্ত লইং, বলোৰাম কামান আৰু বংকৱাল চিত্ৰকলা বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুকান্ত দাৱে বক্তব্য আগবঢ়ায়। কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ ল'ব সত্ৰীয়া নৃত্যৰ বিশাৰদ নিৰু বাহেকে। দৈনিক ডেৰ বজাৰ পৰা ৩ বজালৈ এই কৰ্মশালা অনুষ্ঠিত হ'ব। আনহাতে, শিপাভূমি নাট্য গোষ্ঠী, গোলাঘাট আৰু দেখহ শুনহ কুৰুৱাবাহীয়ে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আন এখন গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰে। কৰ্মশালাত বন্তি প্ৰজ্বলন কৰে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল দেৱীয়ে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বোকাখাত খণ্ড উন্নয়ন বিষয়া পাৰ্থজিত গগৈ, বিশিষ্ট সাংবাদিক বুবুল দত্ত, বিশিষ্ট নাট পৰিচালক বিজয়ানন্দ হাজৰিকা আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতকোত্তৰ সোণমণি শৰ্মা। এই কৰ্মশালাৰ সময় হ'ব পুৱা ১০.৩০ বজাৰ পৰা ২ বজালৈ।

উল্লেখযোগ্য যে কৰ্মশালাসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাৰ অন্তত সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...