জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৫/২০২৩
*গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে মাচুল ধাৰ্য প্ৰশাসনৰ*
*২০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ নোহোৱালৈকে সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে দিয়া নহ'ব অনুমতি*
গোলাঘাট, ১০ ফেব্ৰুৱাৰী : গোলাঘাট জিলা প্ৰশাসনে গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰ (জেনেৰেল ফিল্ড)ৰ পৰিচালনা তথা চোৱা-চিতা কৰাৰ বাবদ ইয়াত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিব বিচৰা আয়োজকসকলৰ বাবে দৈনিক ১০০০ টকাৰ মাচুল আৰু ১০ হাজাৰ টকাৰ আমানত (security deposit) ধাৰ্য কৰিছে । অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি এই মাচুল আৰু আমানতৰ ধন আদায় দিয়াৰ পিছতহে সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে অনুমতি দিয়া হ'ব । জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া চৰ্তাৱলী পালন কৰিলে উক্ত আমানতৰ ধন আয়োজকসকলক ওভতাই দিয়া হ'ব । আয়োজক সমিতিয়ে সাময়িক বিদ্যুৎ মাচুল বহন কৰিব লাগিব আৰু অনুষ্ঠানৰ বাবে অনুমতি লাভ কৰাৰ পিছত এ পি ডি চি এলক এই বিদ্যুতৰ মাচুল জমা দিব লাগিব । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশৰ উপৰি কয় যে অহা ২০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ নোহোৱালৈকে সমন্বয় ক্ষেত্ৰত কোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নহ'ব । অন্য কোনো পক্ষই পৰীক্ষাৰ সময়ছোৱাত উচ্চ স্বৰত মাইক আদি বজাই ব্যাঘাত জন্মালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA