Tuesday, 31 January 2023
Monday, 30 January 2023
*ফৰকাটিং মহাবিদ্যালয়ত জি-২০ৰ অন্তৰ্গত ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্রাক কাৰ্যসূচী সম্পন্ন*
জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৭/২০২৩
গোলাঘাট, ৩০ জানুৱাৰী : গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা ভাৰতৰ জি-২০ শীৰ্ষ সন্মিলনৰ অন্তৰ্গত ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী আৰম্ভ হৈছে । আজি ইয়াৰ অংশৰূপে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত "কৰ্মৰ ভৱিষ্যত, উদ্যোগ ৪.০, উদ্ভাৱন আৰু ২১ শতিকা" শীৰ্ষক এখন আলোচনাচক্ৰ আৰু কুইজ অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰে আনুষ্ঠানিকভাৱে মুকলি কৰা আলোচনাচক্ৰখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অপূৰ্ব শইকীয়াই আদৰণি ভাষণ দিয়ে । মহাবিদ্যালয়খনৰ ডঃ দেৱাশিষ বৰুৱাই আঁত ধৰা আলোচনাচক্ৰখনত সমল ব্যক্তি হিচাপে অংশ লয় অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অৱ বিজনেছৰ অধ্যাপক আৰু ডীন ডঃ মনবিন্দৰ সিং পাহোৱা আৰু ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ডীন অধ্যাপক সৌমিত্ৰ সেনে । ডঃ মনবিন্দৰ সিং পাহোৱাই নিজৰ প্ৰেজেন্টেচনত "কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বয়ংক্ৰিয় ব্যৱস্থাৰ দ্বাৰা ভৱিষ্যতৰ কৰ্মক্ষেত্ৰ, ভাৰতৰ বাবে আগুৱাই যোৱাৰ পথ" শীৰ্ষক বিষয় লৈ নিজৰ বক্তব্য আগবঢ়ায় । তেওঁ নিজৰ বক্তব্যত কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বয়ংক্ৰিয় ব্যৱস্থাই কৰ্ম, কৰ্মচাৰী, কৰ্মক্ষেত্ৰ আৰু কামৰ পৰিৱেশত পেলাব পৰা সম্ভাব্য প্ৰভাৱ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে ভৱিষ্যত সময়ত ভাৰতৰ দৰে দেশত মানুহ, কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় ব্যৱস্থা, প্ৰযুক্তি, কৰ্ম সংস্কৃতিৰ বিকাশ আদিৰ মাজৰ সম্পৰ্ক এটা বিতৰ্কিত বিষয় । তেওঁ কয় যে কামসমূহ স্বয়ংক্ৰিয় কৰাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ অতি ব্যয়বহুল আৰু ই উন্নত অৰ্থনৈতিক বিকাশ সুনিশ্চিত নকৰিবও পাৰে । কিয়নো কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় ব্যৱস্থা, প্ৰযুক্তি আদিৰ ব্যৱহাৰৰ পূৰ্বে এক বৃহৎ প্ৰত্যাহ্বান হ'ল নিবনুৱা সমস্যাৰ সমাধানসূত্ৰ উলিওৱা আৰু আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ উপযুক্ত পথৰ সন্ধান কৰা । তেওঁ এইক্ষেত্ৰত ব্যক্তিগত খণ্ড, শিক্ষানুষ্ঠান আৰু গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ সৈতে বিকেন্দ্ৰীকৃত শিক্ষা ব্যৱস্থা কাৰ্যকৰী কৰাৰ পোষকতা কৰে । অনুষ্ঠানত অধ্যাপক সৌমিত্ৰ সেনেও কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় ব্যৱস্থা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ আৰু এই দিশত ভাৰতৰ অগ্ৰগতি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত মহাবিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰেজেন্টেশ্যন আগবঢ়ায় ।
কাৰ্যসূচীৰ অংশৰূপে কৰ্মৰ ভৱিষ্যত, উদ্যোগ ৪.০, উদ্ভাৱন আৰু ২১ শতিকা, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, বহনক্ষমতাক জীৱনৰ এটা পথ হিচাপে গঢ়ি তোলা, শান্তি প্ৰতিষ্ঠা আৰু যুদ্ধৰ পৰিৱৰ্তে আলোচনাৰ পৰিৱেশ গঢ় দিয়া, গণতন্ত্ৰ আৰু প্ৰশাসনত যুৱ প্ৰজন্ম, স্বাস্থ্য, জনকল্যাণ আৰু ক্ৰীড়া আদি বিষয় লৈ এখন আন্তঃমহাবিদ্যালয় কুইজ অনুষ্ঠিত হয় । মুঠ ১৫ টা দলে অংশ লোৱা প্ৰতিযোগিতাত ফৰকাটিং কলেজে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে । আজিৰ অনুষ্ঠানত উপাধ্যক্ষ ডঃ অজন্তা ৰাজখোৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক দুৰ্লভ বৰা আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Friday, 27 January 2023
Thursday, 26 January 2023
*গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা*
জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৬/২০২৩
গোলাঘাট, ২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ সদৰতো আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে গোলাঘাট নগৰৰ সমন্বয় পথাৰত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু সংগ্ৰামী সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । লগতে দেশখনৰ সাৰ্বভৌমত্ব আৰু সংহতি সুৰক্ষিত ৰাখিবলৈ সীমান্তত নিজৰ জীৱন উছৰ্গা কৰা বীৰসকললৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ নিজৰ ভাষণত বিগত সময়ত জিলাখনত ৰূপায়ন কৰা বিভিন্ন চৰকাৰী বিভাগৰ সফলতাৰ খতিয়ান দাঙি ধৰে । নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাইজক আস্থাত লৈ উন্নয়নমুখী যাত্ৰাৰে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে । তেওঁ কয় যে কৃষি, শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগৰ উদ্যোগত ৰাজ্য তথা জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশৰ বাবে চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰিছে । আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণক সক্ৰিয় অংশীদাৰ হোৱাৰ লগতে আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত মুক্তি যুঁজাৰুৰ সতি সন্ততিসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে আৰু কেইবাটাও চৰকাৰী বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে । গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ কুচকাৱাজত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ছাত্ৰ-ছাত্ৰী আদিকে ধৰি বহুকেইটা দলে অংশগ্ৰহণ কৰে । আজিৰ কাৰ্যসূচীত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Wednesday, 25 January 2023
*গোলাঘাটত পথ, উদ্যান, শ্মশান আৰু জাবৰ নিস্কাষণ প্ৰকল্পসহ ৭ টা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ**ৰাইজ বহল মনৰ অধিকাৰী হলেহে অঞ্চল এটাৰ সামগ্ৰিক উন্নয়ন সম্ভৱ : বিত্তমন্ত্ৰী*
জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৫/২০২৩
*গোলাঘাটত পথ, উদ্যান, শ্মশান আৰু জাবৰ নিস্কাষণ প্ৰকল্পসহ ৭ টা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ*
*ৰাইজ বহল মনৰ অধিকাৰী হলেহে অঞ্চল এটাৰ সামগ্ৰিক উন্নয়ন সম্ভৱ : বিত্তমন্ত্ৰী*
গোলাঘাট, ২৫ জানুৱাৰী : বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ বিভিন্ন স্থানত গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ নগৰ আন্তঃগাথঁনি উন্নয়ন পুঁজি চমুকৈ চি আই ডি এফৰ অধীনত মুঠ ৫ টা প্ৰকল্প আৰু আন দুটা প্ৰকল্পৰ শুভাৰম্ভ কৰে । চি আই ডি এফৰ অধীনত শুভাৰম্ভ কৰা প্ৰকল্পসমূহ হ'ল নৱনিৰ্মিত আৰু উন্নীতকৰণ হোৱা ৩ টা পথ আৰু নৰ্দমা, গোলাঘাট নগৰৰ মুক্তিধাম শ্মশানৰ উন্নয়ন আৰু গোলাঘাটৰ শঙ্কৰদেৱ উদ্যান । মন্ত্ৰীগৰাকীয়ে চি আই ডি এফৰ অধীনত গোলাঘাটৰ ১১, ১২ আৰু ১৩ নং ৱাৰ্ডৰ ১.২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এৰেঙাপাৰাৰ পৰা আমোলাপট্টি সংযোগী পথ আৰু নলা, ৮ আৰু ৯ নং ৱাৰ্ডৰ ৩১০ মিটাৰ দৈৰ্ঘৰ চিত্ৰসেন কাকতি পথ আৰু ১৩ নং ৱাৰ্ডৰ ৪০১ মিটাৰ দৈৰ্ঘৰ সুভাষ কলনী পথ আৰু নলা উদ্বোধন কৰে । মন্ত্ৰীগৰাকীয়ে ধনশিৰি নদীৰ পাৰত গোলাঘাট পৌৰসভাৰ বিজ্ঞানসন্মত জাবৰ নিষ্কাষন প্ৰকল্প এটাও মুকলি কৰে । তেওঁ লগতে ফৰকাটিং পঞ্চায়তৰ অন্তৰ্গত ২.৪৭০ কিঃমিঃ দৈৰ্ঘ্যৰ কর্মযোগী দেবেন্দ্রনাথ দত্ত পথটোৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে শঙ্কৰদেৱ উদ্যানৰ শুভাৰম্ভৰ সৈতে সংগতি ৰাখি উদ্যান প্ৰাংগনতে আয়োজন কৰা এখন সভাত দিয়া ভাষণত কয় যে আজিৰ দিনটো গোলাঘাটবাসীৰ বাবে এটা প্ৰাপ্তিৰ দিন । এক সূদীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে আজি এই প্ৰাপ্তি সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ সমস্ত কৃতিত্ব গোলাঘাটৰ ৰাইজৰ বুলি মত প্ৰকাশ কৰে । ৰাইজ বহল মনৰ অধিকাৰী হলেহে অঞ্চল এটাৰ সামগ্ৰিক উন্নয়ন সম্ভৱ বুলি উল্লেখ কৰি তেওঁ গোলাঘাটৰ ৰাইজৰ বাবেই এনে দ্ৰুত উন্নয়ণ সাধন কৰিব পৰা হৈছে বুলি কয় । অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, প্ৰাক্তন পৌৰপতি তথা বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱা , জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্ত , বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা আদিয়ে ভাষণ দিয়ে । সভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, গোলাঘাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্ঞানদ্বীপ বৰা, গোলাঘাট পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি, ৰাইজ উপস্থিত আছিল।
উল্লেখযোগ্য যে চি আই ডি এফৰ অধীনত শঙ্কৰদেৱ উদ্যানৰ সৌন্দৰ্যবৰ্ধন, নৌকাবিহাৰ আদিৰ উন্নীতকৰণৰ বাবে এক কোটি ৯৯ লাখ টকা আবণ্টন দিয়া হৈছিল । আনহাতে মুক্তিধাম শ্মশানৰ উন্নীতকৰণৰ বাবেও এক কোটি ৯৯ লাখ টকা আৱন্টন দিয়া হয় । চি আই ডি এফৰ অধীনত আজি মুঠ ৭ কোটি ৪৯ লাখ টকাৰ ৫ টা প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Sunday, 22 January 2023
*গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ বাবে যোগ্য ব্যক্তিৰ পৰা আবেদন আহ্বান*
জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৪/২০২৩
গোলাঘাট, ২২ জানুৱাৰী : গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ সকলো যোগ্য হিতাধিকাৰীক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে । অহা ২৫ জানুৱাৰীৰ ভিতৰত যোগ্য ব্যক্তিসকলে আবেদন কৰিব পাৰিব । ইয়াৰ বাবে গাঁও পঞ্চায়তৰ বাসিন্দাসকলে পঞ্চায়তৰ কাৰ্যালয়ত আৰু নগৰ এলেকাৰ বাসিন্দাসকলে পৌৰসভাৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব । যিসমূহ পৰিয়ালৰ বছৰি আয় ২.৫ লাখ টকাতকৈ কম আৰু যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন জনাব পাৰিব । তাৰ বাবে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক । অন্ত্যেদ্যয়া অন্ন যোজনা আৰু অগ্ৰাধিকাৰ শ্ৰেণীত হিতাধিকাৰী হিচাপে বাচনিভুক্ত হ'বলৈ গৃহহীন আৰু আশ্ৰয়হীন পৰিয়াল, কৰ্কট ৰোগ আৰু এইচ আই ভিত আক্ৰান্ত ৰোগী (এনে লোকৰ ক্ষেত্ৰত উপাৰ্জনৰ সীমা প্ৰযোজ্য নহয় ), বিধৱা মহিলা, তৃতীয় লিংগ, বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ ই নিৰ্ধাৰণ কৰা বিশেষভাৱে সক্ষম লোক, বৃদ্ধ, দুৰ্বল ব্যক্তি আৰু বৃদ্ধাশ্ৰমৰ বাসিন্দা, কৃষিখণ্ডৰ ভূমিহীন শ্ৰমিক, উপান্ত কৃষক, গ্ৰামাঞ্চলৰ শিল্পী, কাৰুশিল্পী, কমাৰ, হস্তশিল্পী, চাৰুশিল্পী, টেপাৰ্চ, পটাৰ্চ, শিপিনী, কুমাৰ, কাৰ্পেণ্টাৰ, মিস্ত্ৰী, চাহ বাগিছাৰ বনুৱা আৰু প্ৰাক্তন বনুৱা, সকলো অংশকালীন শ্ৰমিক, ড্ৰাইভাৰ, কণ্ডাক্টৰ, হেণ্ডিমেন, পৰ্টাৰ, টেইলৰ, ৱাশ্বাৰমেন, নাপিত, মুচি, চুইপাৰ, ইলেক্ট্ৰিচিয়ান, ঘৰুৱা সহায়ক, হকাৰ, ভেণ্ডৰ, ডেলিভাৰী মেন, ৰিক্সাচালক, ঠেলাচালক, পথৰ কাষত ফল-মূল, শাক-পাচলি, মাছ আৰু ফুলৰ ব্যৱসায় কৰা লোক আদিয়ে আবেদন কৰিব পাৰিব । তদুপৰি খহনীয়াত ক্ষতিগ্ৰস্ত লোক যাৰ পৰিয়ালৰ মুঠ বছৰি উপাৰ্জন ২.৫ লাখ টকাতকৈ কম, যৌনকৰ্মী যাৰ বছৰি উপাৰ্জন ২.৫ লাখ টকাতকৈ কম, যিসমূহ পৰিয়ালত শিশু ঘৰখনৰ মুৰব্বী হ'বলগীয়া হয়, যদি পৰিয়ালটোৰ উপাৰ্জনকাৰী সকলো ব্যক্তি অক্ষম, দীৰ্ঘদিন ধৰি ৰোগগ্ৰস্ত অথবা ৬০ বছৰ বয়সৰ উৰ্দ্ধত হয়, অকলশৰীয়া মহিলা (বিধৱা, অবিবাহিত আৰু বিবাহ বিচ্ছেদ হোৱা অকলশৰীয়া মহিলা, পৰিয়ালত আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকা অকলশৰীয়া মহিলা ), যিটো পৰিয়ালত অপ্ৰাপ্তবয়স্ক কিশোৰ-কিশোৰী মুৰব্বী হ'বলগীয়া হয় আৰু সকলো আদিম জনজাতীয় পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব । অৱশ্যে এই চৰ্তাৱলী কেৱল সূচকহে, সামগ্ৰিক নহয় । এই সন্দৰ্ভত অধিক জানিবৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত থকা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । যোগ্য ব্যক্তিসকলে আবেদনৰ বাবে জিলা প্ৰশাসনৰ ৱেবচাইট, ফেচবুক পেজ আৰু টুইটাৰৰ পৰা চি-ফৰ্ম ডাউনলোড কৰিব পাৰিব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Saturday, 14 January 2023
সমগ্র মানৱ জাতিলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন
সমগ্র মানৱ জাতিলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো।
সমগ্র মানৱ জাতিলৈ এই শুভখনত
আহ্বান জনাইছো আহক সকলো মানৱ জাতি, এই নতুন চিন্তা ধাৰাৰ মাজেৰে
এখন সুন্দৰ সমাজ গঢ় দিওঁ। যত নেকি লুভ, মোহ, কাম, ক্ৰধ, দম্ভ, অংহকাৰ
একো নথকা এটা মানৱ জাতি। মা আৰু প্ৰকৃতি ৰ সমাজ। আমাৰ মা আৰু প্ৰকৃতি য়ে আমাৰ গুৰু, ভগৱান। এটা নতুন
যোগৰ আৰম্ভ হওঁক।
ধন্যবাদেৰে।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...