তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ'ব চিন্তন শিবিৰ
বোকাখাত,২৩ ছেপ্টেম্বৰ: অসমক সামাজিক, সাংস্কৃতিক,আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিত ভাৱে আগুৱাই নিয়াৰ বাবে নৱচিন্তা-চৰ্চাৰ উদ্দেশ্যে অহা ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাত চিন্তন শিবিৰ অনুষ্ঠিত কৰা হ'ব। ২৪ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। চিন্তন শিবিৰৰ প্ৰথম দিনা সদ্ গুৰু উপস্থিত থাকি তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়াব। দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰ তাৰিখে শ্ৰী শ্ৰী ৰবি শংকৰে প্ৰৱচন আগবঢ়াব।তিনিদিনীয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত হ'বলগীয়া চিন্তন শিবিৰত উপস্থিত থাকিব অসমকে ধৰি কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰপ্ৰদেশ, অন্ধ্রপ্ৰদেশৰ মুখ্য সচিৱ আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ উপৰিও ৰাজ্যৰ (অসম) বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া বৰ্গ।
NORTHEAST NEWS INDIA