২৩/০৯/২০২২, গোলাঘাট
বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আজি ধনশিৰিমুখ পলাগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।
এই বিশেষ স্বাস্থ্য শিবিৰ খন স্বাস্থ্য সেৱা অভিযান ২.০ ৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম ৰ সৌজন্যত আয়োজন কৰা হয়।
এই বিশেষ স্বাস্থ্য শিবিৰৰ দ্বাৰা বিশেষগ্য চিকিৎসকৰ সেৱা ৰাইজৰ কাষলৈ নিয়াৰ প্ৰচেষ্টা কৰা হৈছে।
আজিৰ শিবিৰত স্ত্ৰী ৰোগ, শিশু ৰোগৰ চিতকিৎসককে আদি কৰি চকু, দাঁত, নাক, কান আদিৰ পৰীক্ষা কৰা হয়। মানসিক স্বাস্থ্যৰ উপৰত গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাইজক ইয়াৰ বিষয়ে অৱগত কৰাৰ লগত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ পৰীক্ষা কৰা হয়। লগতে বাহক জনিত ৰোগৰ পৰীক্ষা, বয়োজেষ্ঠ সকলৰ স্বাস্থ্যৰ পৰীক্ষা হয়।
ৰাইজক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ প্ৰতি জগৰুক কৰাৰ লগতে বিভিন্ন ৰোগৰ বিষয়ে সজাগতা প্ৰদান কৰা হৈছে।
এই শিবিৰত উপস্থিত ৰাইজক ABHA ID ( Ayushman Bharat Health Account) বনাই দিয়াৰ প্ৰচেষ্টা চলোৱা হয়।
NORTHEAST NEWS INDIA