Friday, 23 September 2022

তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ'ব চিন্তন শিবিৰ

তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ'ব চিন্তন শিবিৰ

বোকাখাত,২৩ ছেপ্টেম্বৰ: অসমক সামাজিক, সাংস্কৃতিক,আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিত ভাৱে আগুৱাই নিয়াৰ বাবে নৱচিন্তা-চৰ্চাৰ উদ্দেশ্যে অহা ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাত চিন্তন শিবিৰ অনুষ্ঠিত কৰা হ'ব। ২৪ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। চিন্তন শিবিৰৰ প্ৰথম দিনা সদ্ গুৰু উপস্থিত থাকি তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়াব। দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰ তাৰিখে শ্ৰী শ্ৰী ৰবি শংকৰে প্ৰৱচন আগবঢ়াব।তিনিদিনীয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত হ'বলগীয়া চিন্তন শিবিৰত উপস্থিত থাকিব অসমকে ধৰি কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰপ্ৰদেশ, অন্ধ্রপ্ৰদেশৰ মুখ্য সচিৱ আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ  উপৰিও ৰাজ্যৰ (অসম) বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া বৰ্গ।

NORTHEAST NEWS INDIA

*Caesarean Section starts in Sarupathar CHC*

Press Release
Date: 23 Sept, 2022; Golaghat 

*Caesarean Section starts in Sarupathar CHC*

C-Section deliveries has started from today at Sarupathar CHC. The ceremonial opening of the service to the public was done by MLA, Sarupathar LAC, Biswajit Phukan in presence of the Joint Director of Health Services, Golaghat, Dr. Arun Chandra Mahanta, Superintendent, Swahid Kushal Konwar Civil Hospital, Dr. Uttam Prasad Dutta, Circle Officer, Hemanga Nobis,  SDM&HO, Sarupathar, Dr. P. K. Gonju, SDM&HO (HQ) Golaghat, Dr. Hiren Saikia, SDM&HO (HQ), Sarupathar Sub-division, Dr. Ajit Gogoi, DPM, NHM, Golaghat,  Anushka Bora, representatives from Numaligarh Refinery Limited, Block programme unit officials and others.

The medical team today successfully carried out two C-Section deliveries. One of the delivery was assisted by the Joint Director of Health Services NHM programme , Dr. Arun Chandra Mahanta and the Superintendent, SKKCH Dr. Uttam Prasad Dutta.

Gynecologists Dr. Shivani Vaidya and Dr. Kafiluddin Ahmed carried out both the deliveries along with the other team members.

The opening of the C-Section service at Sarupathar CHC has received support from Numaligarh Refinery Limited under their Corporate Social Responsibility programme.

NORTHEAST NEWS INDIA

বিশ্বৰ সমগ্র মানৱ জাতিলৈ আহ্বান।

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

বিশ্বৰ সমগ্র মানৱ জাতিলৈ আহ্বান। 

🚩আহত আমি  সকলোৱে এই পৃথিবীত  সুস্থ মানৱ জাতি হিচাপে জীৱন নিৰ্বাহ কৰো। 

🚩আহক আমি সকলোৱে সকলোকে মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে ব্যৱহাৰ কৰো। 

🚩আহক আমি  সকলো মানৱ জাতি কোনো জাতি ধৰ্ম ভাষা নধৰি মানৱ জাতিৰ পৰিচয় দিও। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 

🚩আহক আমি সকলো বিশ্বত এক মানৱ জাতি বুলি পৰিচয় হওঁ। 

🚩 আহক আমাৰ সকলো মানৱ জাতিৰ ,ভাল কৰ্মই ধৰ্ম হওঁক। 
 
🚩আহক আমি সকলো মানৱ জাতি ইজনে সিজনক  সমভাৱ প্ৰদান কৰো। 

🚩 আহক আমি সকলো মানৱ জাতি, শান্তি সম্প্রতি ভাতিত্ববোধ একতা সকলোৱে বৰ্তাই ৰাখো।

🚩আহক আমি সকলো মানৱ জাতি, এটা পৰিয়াল হৈ এই পৃথিবীত জীয়াই থাকো।  যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা প্ৰদান কৰো। 

🚩আহক আমি মানৱ জাতি, আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান  প্ৰদান কৰো। 

🚩 আহক আমাৰ সকলোৰে  লক্ষ্য আৰু উদ্দেশ্য হওঁক, সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলো জীৱকোলক সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।

🚩মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। 
🚩আহক আমি সকলো মানৱ জাতি সকলো ভেদাভেদ লুভ,মোহ,দম্ৱ অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতিৰ পৰিচয় দিওঁ । 

  আহক আমি সকলো মানৱ জাতি হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো  ।।


সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক।
Email - mother.and.nature2021@gmail.com

Thursday, 22 September 2022

মেৰামতিৰ বাবে ২৪ আৰু ২৫ ছেপ্টেম্বৰত গোলাঘাট নগৰত বিদ্যুৎ কৰ্তনৰ আশংকা*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৬/২০২২

*মেৰামতিৰ বাবে ২৪ আৰু ২৫ ছেপ্টেম্বৰত গোলাঘাট নগৰত বিদ্যুৎ কৰ্তনৰ আশংকা*

গোলাঘাট, ২২ ছেপ্টেম্বৰ : এইপিডিচিএল, ইউ এ আৰ, গোলাঘাটৰ গোলাঘাট বৈদ্যুতিক উপ-সংমণ্ডল-১ৰ অধীনৰ নিৰ্মীয়মান ১১ কেভিএ ভিআইপি ফিদাৰৰ সংযোগ তথা সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় মেৰামতিৰ বাবে অহা ২৪ আৰু ২৫ ছেপ্টেম্বৰৰ পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ ১১ কেভিএ টাউন ফিদাৰৰ বিদ্যুৎ কৰ্তন কৰা হ'ব । এইপিডিচিএল, ইউ এ আৰ, গোলাঘাটৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এই সন্দৰ্ভত জাৰি কৰা জাননীত কোৱা হৈছে যে উক্ত সময়ছোৱাত গোলাঘাট নগৰৰ টোকানি চাৰ্কোল, হিন্দী স্কুল পথ, শান্তিপুৰ, কোৰ্ট ৰোড, ৰ'দালি পইন্ট, টেনপুৰ, মিছন তিনিআলি, কলেজ তিনিআলি, জোনাকী নগৰ, দেৱৰাজ ৰয় মহাবিদ্যালয় পথ, মিছন কম্পাউণ্ড, বিপিন ফুকন নগৰ, ধ্ৰুৱ নগৰ, ষ্টেচন ৰোড তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহত প্ৰভাৱ পৰিব পাৰে ।  বিদ্যুৎ বিভাগে এই দিনকেইটাত উপভোক্তাসকলক বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Wednesday, 21 September 2022

*PMFME আঁচনিৰ অধীনত খাদ্য সংশাধনৰ ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িত ৯টা আত্মসহায়ক গোটক চল্লিশ হাজাৰকৈ টকাৰ অনুমোদন পত্ৰ প্ৰদান*

*PMFME আঁচনিৰ অধীনত খাদ্য সংশাধনৰ ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িত ৯টা আত্মসহায়ক গোটক চল্লিশ হাজাৰকৈ টকাৰ অনুমোদন পত্ৰ প্ৰদান*

গোলাঘাট ২১ ছেপ্টেম্বৰ ২০২২ঃ অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত PMFME আঁচনিৰ অধীনত খাদ্য সংশাধনৰ ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িত ৯টা আত্মসহায়ক গোটক চল্লিশ হাজাৰকৈ টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে পথৰ দাঁতিৰ ব্যৱসায়ীসকলৰ মাজত পৰিচয় পত্ৰও বিতৰণ কৰে । 'আত্মনিৰ্ভৰ ভাৰত অভিযান'ৰ অন্তৰ্ভুক্ত এই আচঁনিয়ে ক্ষুদ্ৰ খাদ্য উৎপাদনকাৰী ব্যৱসায়িক সংস্থা সমূহক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে । 

একেটা অনুষ্ঠানতে 'প্ৰধানমন্ত্ৰী স্বনিধি যোজনা'ৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক পৰিচয় পত্ৰ আৰু পৰিচয় ব'ৰ্ড প্ৰদান কৰা হয় । অনুষ্ঠানত গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, পৌৰ সভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু উপ-পৌৰপতি সীমান্ত বৰাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

Tuesday, 20 September 2022

*গোলাঘাটত ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ অধীনত ২৫৯ গৰাকী মহিলাক ২৫,০০০ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৫/২০২২

*গোলাঘাটত ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ অধীনত ২৫৯ গৰাকী মহিলাক ২৫,০০০ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ*

গোলাঘাট, ২০ ছেপ্টেম্বৰ : গোলাঘাট জিলাতো আজি ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ অধীনত ২৫৯ গৰাকী মহিলাক ২৫,০০০ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত অনুৰূপ কাৰ্যসূচী কেন্দ্ৰীয়ভাবে মুকলি কৰাৰ সমান্তৰালভাবে গোলাঘাটতো বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে ১৬ গৰাকী মহিলাক আনুষ্ঠানিকভাবে অনুমোদন পত্ৰ প্ৰদান কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । উল্লেখযোগ্য যে জিলাখনৰ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন লাভ কৰি থকা মহিলাসকলৰ মাজৰ ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ ২৫৯ গৰাকী মহিলালৈ এই এককালীন সাহায্য আগবঢ়োৱা হৈছে । মহিলাসকলৰ বেংক একাউণ্টত পোনে পোনে এই ধনৰাশি জমা হ'ব । আজিৰ এই অনুষ্ঠানতে যোৱা বানত সৰ্বস্ব হেৰুওৱা ১৪ টা পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এক লাখ টকাকৈ আৰ্থিক সাহাৰ্যৰ চেকো প্ৰদান কৰা হয় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা পৰিষদৰ সভানেত্ৰী এলিনা পেগু দলে, উপ-সভানেত্ৰী ৰশ্মি কাকতি, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, উন্নয়ন খণ্ড বিষয়াসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা মহিলা আৰু হিতাধিকাৰীসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।