Thursday, 8 September 2022

Welcome

*গোলাঘাটত পোষণ অভিযানৰ কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগে**শিশু আৰু মাতৃৰ স্বাস্থ্য সুৰক্ষিত হ'লেহে স্বাস্থ্যৱান জাতি আৰু স্বাস্থ্যৱান সমাজ প্ৰতিষ্ঠা হ'ব : নেওগ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৩৮/২০২২

*গোলাঘাটত পোষণ অভিযানৰ কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগে*

*শিশু আৰু মাতৃৰ স্বাস্থ্য সুৰক্ষিত হ'লেহে স্বাস্থ্যৱান জাতি আৰু স্বাস্থ্যৱান সমাজ প্ৰতিষ্ঠা হ'ব : নেওগ*

গোলাঘাট, ৮ ছেপ্টেম্বৰ : অসম চৰকাৰৰ বিত্ত আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰাংগনত মহিলা আৰু শিশু উন্নয়ন বিভাগ, গোলাঘাটৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা পোষণ মাহ, ২০২২ৰ কাৰ্যসূচীত অংশ লয় । তেওঁ পোষণ মাহৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন পোষণ প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে পোষণ অভিযান সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত গোলাঘাটলৈ প্ৰেৰণ কৰা তিনিখন পোষণ ৰথৰ ফ্লেগ অফ কৰে । এই প্ৰদৰ্শনীত বিভিন্ন বিভাগৰ উদ্যোগত বিপনী মুকলি কৰাৰ উপৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে পুষ্টিকৰ খাদ্য, থলুৱাভাবে সহজলভ্য খাদ্য সামগ্ৰী, শাক-পাচলি, ফল-মূল আদি প্ৰদৰ্শন কৰে । ইয়াৰ অংশৰূপে এখনি ৰন্ধন প্ৰতিযোগিতাও অনুষ্ঠিত হয় । বিপনীসমূহত মহিলাসকলৰ মাজত ৰক্তহীনতাৰ সমস্যা দুৰ কৰা, শিশু আৰু মহিলাৰ পৰিপুষ্টি আদি বিষয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় । 

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে পোষণ অভিযানক এক জন আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে মহিলাসকলে পুষ্টিকৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত প্ৰায়ে নিজৰ প্ৰতি অৱজ্ঞা কৰা দেখা যায় । বিশেষকৈ গৰ্ভাৱস্থাত দৰিদ্ৰ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন নোলোৱাৰ ফলত শিশুটিৰ ক্ষেত্ৰত অপুষ্টিজনিত সমস্যাই দেখা দিয়ে । তেওঁ কয় যে সমাজৰ অতি দৰিদ্ৰ মহিলাগৰাকীয়েও যাতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে তাৰ প্ৰতি সজাগতা সৃষ্টিয়েই এই অভিযানৰ প্ৰধান লক্ষ্য । মাতৃগৰাকীয়ে যাতে এটি নিৰোগী শিশু জন্ম দিব পাৰে তাৰ বাবে গৰ্ভধাৰণ কৰা সময়তে পুষ্টিকৰ খাদ্য যোগান ধৰি শিশুটিৰ অন্ততঃ ছবছৰ বয়সলৈকে উপযুক্ত পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰাটো সামাজিক দায়িত্ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে গাঁৱৰ শিশুহঁতক এটা সুস্থ পৰিৱেশ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে ১০০০ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিছে । এই বছৰ আৰু ৪০০০টা আৰু অনাগত সময়ত মুঠ ১৫,০০০ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । শিশু আৰু মাতৃৰ স্বাস্থ্য সুৰক্ষিত হ'লেহে এটা স্বাস্থ্যৱান জাতি আৰু স্বাস্থ্যৱান সমাজ প্ৰতিষ্ঠা হ'ব বুলি তেওঁ কয় । কোনো মহিলাই বিশেষকৈ চাহ বাগিচা অঞ্চলৰ মহিলাসকলে যাতে অপুষ্টিজনিত সমস্যাত ভুগিবলগীয়া নহয় সেইয়া সুনিশ্চিত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । 

এই অনুষ্ঠানতে গোলাঘাট নগৰৰ দুটি স্বাস্থ্যৱান শিশুক পুৰস্কৃত কৰা হয় । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, গোলাঘাটৰ চক্ৰ বিষয়া(স) তথা নগৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ছত্ৰজিত নেওগ, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, জিলা সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ আৰু সংহত শিশু উন্নয়ন প্ৰকল্পসমূহৰ ছুপাৰভাইজৰ আৰু বিষয়া- কৰ্মচাৰী, আশা, অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু ভালেসংখ্যক মহিলা উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 7 September 2022

সমাগত দুৰ্গা পূজাৰ বাবে চাহ বাগিচাৰ কৰ্মীসকলক বোনাছ

গোলাঘাট ৭ ছেপ্টেম্বৰ 2022ঃ গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষৰ লগতে বিভিন্ন চাহ গোট আৰু চাহ শ্ৰমিক সংস্থাৰ প্ৰতিনিধিৰ এখন বৈঠক অনুষ্ঠিত হয় । সভাত সমাগত দুৰ্গা পূজাৰ বাবে চাহ বাগিচাৰ কৰ্মীসকলক বোনাছ প্ৰদানৰ বিষয়ে আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষক ১৬ ছেপ্টেম্বৰৰ পূৰ্বে শ্ৰমিকসকলক তেওঁলোকৰ বোনাছসমূহ মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে যাতে দুৰ্গা পূজাৰ পূৰ্বে শ্ৰমিকসকলে বজাৰ কৰাৰ বাবে দুটা বন্ধৰ দিন লাভ কৰে । তেওঁ কয় যে যদি কোনো চাহ বাগিচা কৰ্তৃপক্ষই ১৬ ছেপ্টেম্বৰৰ পূৰ্বে বোনাছ প্ৰদান কৰিবলৈ সক্ষম নহয় তেনেহ'লে তেওঁলোকে জিলা প্ৰশাসনৰ আগত ইয়াৰ বৈধ কাৰণ দেখুৱাব লাগিব আৰু বিষয়টো গুৰুত্ব সহকাৰে লৈ আলোচনা কৰা হ'ব যাতে ২০ তাৰিখৰ পূৰ্বে সকলো শ্ৰমিকে তেওঁলোকৰ বোনাছ লাভ কৰে ।

 উল্লেখযোগ্য যে ১৯৬৫ চনৰ বোনাছ আইন অনুসৰি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে নূন্যতম বোনাছ ৮.৩৩ শতাংশ আৰু সৰ্বোচ্চ বোনাছ ২০ শতাংশ ।

সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, সহকাৰী শ্ৰম আয়ুক্ত তিলোত্তমা দেউৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, চাহ বাগিচাসমূহৰ প্ৰবন্ধক, বিভিন্ন চাহ গোট যেনে আবিটা, নেটা, আটপা, টাই আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধি উপস্থিত আছিল ।
NORTHEAST NEWS INDIA

*গোলাঘাটত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী অজন্তা নেওগৰ**চাহ বাগিচা অঞ্চলৰ শিশু-মহিলাৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৩৭/২০২২

*গোলাঘাটত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী অজন্তা নেওগৰ*

*চাহ বাগিচা অঞ্চলৰ শিশু-মহিলাৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ*


গোলাঘাট, ৭ ছেপ্টেম্বৰ : অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে ।তেওঁ গোলাঘাট পূব উন্নয়ন খণ্ডৰ অধীনৰ হাঁহচৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু দৈয়াং চাহ বাগিচাত স্থাপন কৰা ৪ নং দৈয়াং বাগান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ দুটা মুকলি কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচা অঞ্চলৰ শিশু আৰু মহিলাসকলৰ স্বাস্থ্যক লৈ বৰ্তমানৰ চৰকাৰখন সদা সচেতন । জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰৰ সদায় দায়বদ্ধতা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অংগনৱাড়ী কেন্দ্ৰৰ পূৰ্বৰ ধাৰণা এতিয়া সলনি হৈছে । তেওঁ কয় যে প্ৰতিখন চাহ বাগিচাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব  আৰু চাহ বাগিচা অঞ্চলৰ মহিলা আৰু শিশুসকলৰ স্বাস্থ্য ৰক্ষা আৰু উপযুক্ত শিক্ষা সুনিশ্চিত কৰা হ'ব । তেওঁ থলুৱাভাবে পোৱা ফল-মূল, শাক-পাচলিতেই আমি পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰোঁ বুলি উল্লেখ কৰি মাতৃসকলক নিজৰ লগতে সন্তানক এনে খাদ্য সামগ্ৰী খুৱাবলৈ আহ্বান জনায় ।

আনহাতে অৰুণোদয় আঁচনি প্ৰসংগত তেওঁ কয় যে যোগ্য হিতাধিকাৰী সকলেহে যাতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে সেয়া ৰাইজেও নিৰীক্ষণ কৰিব লাগিব । তেওঁ চাকৰি নোপোৱা যুৱক-যুৱতীসকলক হতাশ নহৈ মৎস্য পালন আৰু বিভিন্ন ক্ষেত্ৰত স্ব-নিয়োজনেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

দুয়োটা অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, পদুমনি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমনি সন্দিকৈ বৰা, গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ উন্নয়ন খণ্ড বিষয়া ৰাম চন্দ্ৰ দেউৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল । অনুষ্ঠানত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, কেন্দ্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত আছিল । দৈয়াং বাগান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি অনুষ্ঠানৰ অংশৰূপে মন্ত্ৰীগৰাকীয়ে পোষণ মাহৰ সৈতে সংগতি ৰাখি এখন পোষণ মেলাও মুকলি কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাটৰ ৮৭০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা**ছাত্ৰ-ছাত্ৰীক গুণগত আৰু নৈতিক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং - ৩৩৬/২০২২

*গোলাঘাটৰ ৮৭০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা*

*ছাত্ৰ-ছাত্ৰীক গুণগত আৰু নৈতিক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ*

গোলাঘাট, ৭ ছেপ্টেম্বৰ: গোলাঘাট জিলাতো আজি জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ষ্টাৰ নম্বৰ আৰু তাতকৈ অধিক লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্ৰদান কৰা হয় । এই উপলক্ষে গোলাঘাটৰ বিৰাংগণা সাধনী কলাক্ষেত্ৰত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । তেওঁ গুণগত শিক্ষা আৰু নৈতিক শিক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে সফলতা এদিনতে নাহে তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় লাগিব । শিক্ষাক সমাজৰ ভেঁটি বুলি উল্লেখ কৰি তেওঁ শিক্ষক আৰু অভিভাৱকসকলক নম্বৰৰ পিছত দৌৰাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীক সৎ নাগৰিক হিচাপে গঢ়ি তোলাত গুৰুত্ব দিবলৈ আহ্বান জনায় । ইণ্টাৰনেট আৰু বিজ্ঞান-প্ৰযুক্তিৰ বৰ্তমানৰ যুগত ছাত্ৰ ছাত্ৰীসকলক তেওঁ নিজৰ সামাজিক আৰু নৈতিক দায়িত্বৰ কথা পাহৰি নগৈ কষ্ট আৰু প্ৰয়াসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । তেওঁ কয় যে কোনো পৰিস্থিতিতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পিতৃ মাতৃ আৰু শিক্ষক সকলক পাহৰি যোৱা উচিত নহয় । প্ৰসংগক্ৰমে তেওঁ জনসাধাৰণক অংগনৱাড়ী কেন্দ্ৰ একোটা 'এডপ্ট' কৰি কেন্দ্ৰ সমূহত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু অন্যান্য দিশ চোৱা চিতা কৰিবলৈ আহ্বান জনায় । তেওঁ শিক্ষানুষ্ঠান সমূহক মন্দিৰৰ সৈতে তুলনা কৰি এনে মন্দিৰতে উপযুক্ত মানৱ সম্পদ গঢ় দিব পৰাকৈ গুণগত শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে কয় যে অৰ্থনৈতিক অৱস্থা শিক্ষা গ্ৰহণৰ অন্তৰায় নহয়, মানসিকতাহে মূল কথা ।

অনুষ্ঠানত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে দিয়া ভাষণত ছাত্ৰ-ছাত্ৰীসকলক এটা লক্ষ্য স্থিৰ কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাবলৈ আহ্বান জনায় । অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এলাহ পৰিহাৰ কৰি কঠোৰ অধ্যৱসায়েৰে লক্ষ্যপ্ৰাপ্তিৰ দিশত অগ্ৰসৰ হ'বলৈ আহ্বান জনায় । আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত আছিল । 

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মুঠ ৮৭০ গৰাকী ষ্টাৰ নম্বৰ আৰু তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ অধীনত তেওঁলোকৰ বেংক একাউণ্টত ১৬,০০০ টকাকৈ আগবঢ়োৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 6 September 2022

*গোলাঘাটৰ বিভিন্ন সমস্যা সন্দৰ্ভত সাংবাদিকৰ সৈতে আলোচনা উপায়ুক্তৰ**ৰাইজৰ সমস্যাসমূহৰ সমাধানৰ বাবে সহানুভূতিশীল আৰু দায়বদ্ধতাৰে কাম কৰাৰ আশ্বাস*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং - ৩৩৫/২০২২

*গোলাঘাটৰ বিভিন্ন সমস্যা সন্দৰ্ভত সাংবাদিকৰ সৈতে আলোচনা উপায়ুক্তৰ*

*ৰাইজৰ সমস্যাসমূহৰ সমাধানৰ বাবে সহানুভূতিশীল আৰু দায়বদ্ধতাৰে কাম কৰাৰ আশ্বাস*
গোলাঘাট, ৬ ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত জিলাখনৰ বিভিন্ন সমস্যাৰাজীৰ বিষয়ে আলোচনা কৰে । যোৱা ২৫ আগষ্টত জিলাখনৰ উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহন কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে গোলাঘাট জিলাৰ বিভিন্ন সমস্যাৰ আশু সমাধানসূত্ৰ উলিওৱাৰ বাবে সাংবাদিকসকলৰ পৰা দিহা-পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰে । তেওঁ কয় যে শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ বিভাগ আদি বিভিন্ন বিভাগৰ সৈতে তেওঁ ইতিমধ্যে পৰ্যালোচনা বৈঠকত মিলিত হৈছে আৰু অগ্ৰাধিকাৰ ভিত্তিত সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়াস চলোৱা হ'ব । সভাত সাংবাদিকসকলে গোলাঘাট নগৰ আৰু জিলাখনৰ বিভিন্ন সমস্যাৰ বিষয়ে উনুকিয়াই দিয়ে । তাৰ ভিতৰত গোলাঘাট নগৰৰ পাৰ্কিঙৰ সমস্যা, যানবাহন নিয়ন্ত্ৰণ ব্যৱস্থা আৰু চি আই ডি এফৰ অধীনত গোলাঘাট নগৰত ৰূপায়ন কৰি থকা আঁচনিসমূহৰ কামসমূহ নিৰ্দেশনা অনুসৰি হৈছেনে নাই আৰু কামৰ মানৰ উপযুক্ত নিৰীক্ষণ, কৃত্ৰিম বানৰ সমস্যা আদি অন্যতম । গোলাঘাট সদৰৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে অংশ লোৱা অনুষ্ঠানত তেওঁলোকে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক ৰাইজ আৰু প্ৰশাসনৰ মাজৰ সেঁতু বুলি উল্লেখ কৰি স্বচ্ছ আৰু নিকাভাবে প্ৰতিখন আঁচনিৰ ৰূপায়ন সুনিশ্চিত কৰা হ'ব বুলি উল্লেখ কৰে । তেওঁ ৰাইজৰ সমস্যাসমূহক লৈ সহানুভূতিশীল আৰু দায়বদ্ধতাৰে কাম কৰা হ'ব বুলি মত প্ৰকাশ কৰে । সাংবাদিকসকলে গোলাঘাট নগৰ আৰু দেৰগাঁও অঞ্চলৰ বাট-পথ, চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীৰ অভাৱ, অবৈধ বালিৰ খনন, ড্ৰাগছৰ পয়োভৰ ৰোধ কৰা, বান্দৰৰ উপদ্ৰৱৰ সমস্যা, গোলাঘাট নগৰৰ বজাৰসমূহ যাতে নিশা অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰ্যবসিত নহয় তাৰ বাবে উপযুক্ত  নিৰীক্ষণৰ ব্যৱস্থা কৰা, স্থায়ী খাদ্য সুৰক্ষা বিষয়া আৰু ঔষধ পৰিদৰ্শক নিযুক্তি, গোলাঘাট নগৰত উপযুক্ত আৱৰ্জনা নিষ্কাষণ ব্যৱস্থা, চাহ বাগিচাসমূহত শিক্ষা, চিকিৎসা সেৱা আদিৰ মান উন্নত কৰা, চাহ বাগিচা এলেকাৰ চিকিৎসালয়সমূহত চিকিৎসক, স্বাস্থ্যকৰ্মী নিয়োগ কৰা, গোলাঘাট নগৰত ষ্টাম্প পেপাৰৰ অভাৱ আদি সমস্যাৰ জোৰা মৰা ইত্যাদি ভালেমান বিষয় উত্থাপন কৰে । উপায়ুক্তগৰাকীয়ে গোলাঘাট নগৰ আৰু সমগ্ৰ জিলাখনৰ সমস্যাসমূ্হৰ পৰ্যায়ক্ৰমে সমাধান কৰাৰ বাবে প্ৰয়াস চলোৱা হ'ব বুলি আশ্বাস দিয়ে । বিশেষকৈ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰা আদি ভালেমান বিষয় অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰা হ'ব বুলি তেওঁ কয় । ভৱিষ্যত সময়তো তেওঁ জিলাখনৰ যিকোনো সমস্যাৰ বিষয়ে সাংবাদিকসকলৰ পৰা দিহা-পৰামৰ্শ কামনা কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 5 September 2022

কেশৱ বৰা লৈ কৃতী শিক্ষক বঁটা।

৫ ছেপ্টেম্বৰ ২০২২ঃ 
কেশৱ বৰা লৈ কৃতী শিক্ষক বঁটা।        নগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত এই বছৰ 10 গৰাকী কৃতী শিক্ষকৰ ভিতৰত কেশৱ বৰাও নিৰ্বাচিত হয়।এই বঁটা হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় আৰু জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় তথা শিক্ষা বিভাগৰ বিষয়া সকলৰ present ত কেশৱ বৰা কো এই বঁটা প্ৰদান কৰে। কেশৱ বৰাই কৃতী শিক্ষকৰ হৈ দীঘলীয়া ভাষণ প্ৰদান কৰে।

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।