Wednesday, 31 August 2022

গোলাঘাট জিলাৰ হাতীচুকীয়া গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩৩০/২০২২

*গোলাঘাট জিলাৰ হাতীচুকীয়া গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

গোলাঘাট, ৩১ আগষ্ট : গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ডৰ অধীনৰ হাতীচুকীয়া গাঁৱৰ এজন লোকৰ ঘৰৰ গাহৰি ফাৰ্মত হোৱা গাহৰিৰ অস্বাভাৱিক মৃত্যু আফ্ৰিকান ছোৱাইন ফিভাৰৰ ঘটনা বুলি নিশ্চিত হোৱাৰ পিছতেই গোলাঘাটৰ অতিৰিক্ত জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে । অসম চৰকাৰে এক নিৰ্দেশনা যোগে ইতিমধ্যে গাঁওখনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ৰোগ যাতে অন্য ঠাইলৈ বিয়পিব নোৱাৰে তাৰ বাবে গাঁওখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে । তদুপৰি হাতীচুকীয়া গাঁও ( সংক্ৰমিত এলেকা) ৰ পৰা অসংক্ৰমিত এলেকালৈ গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ আদান-প্ৰদান নিষিদ্ধ কৰা হৈছে । গাহৰিক পেলনীয়া সামগ্ৰী খুওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জৰুৰীভাবে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Monday, 29 August 2022

🙏🏾 মা আৰু প্ৰকৃতি🙏🏾 মানৱ জাতিৰ তেতিয়াহে শান্তি সম্ভৱ। যেতিয়া মানৱ জাতিয়ে প্ৰকৃতি আৰু সকলো জীৱকোলৰ মঙ্গল কামনা কৰিৱ। লুভ, মোহ, কাম, ক্ৰধ, দম্ভ, অংহকাৰ ত্যাগ কৰিৱ। *মা আৰু প্ৰকৃতি* *মাধৱ গগৈ* *প্ৰতিষ্ঠাপক*Email- mother.and.nature2021@gmail.com -

🙏🏾 মা আৰু প্ৰকৃতি🙏🏾   

মানৱ জাতিৰ তেতিয়াহে শান্তি সম্ভৱ। যেতিয়া মানৱ জাতিয়ে প্ৰকৃতি আৰু  সকলো জীৱকোলৰ মঙ্গল কামনা কৰিৱ। লুভ, মোহ, কাম, ক্ৰধ, দম্ভ, অংহকাৰ ত্যাগ কৰিৱ। 


*মা আৰু প্ৰকৃতি*
    *মাধৱ গগৈ*
   *প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com -

Assam COVID-19🦠😷 Details 28/08/2022.

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...