Tuesday, 19 July 2022
Monday, 18 July 2022
গোলাঘাট জিলাৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৯৯/২০২২
গোলাঘাট, ১৮ জুলাই : জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে গছ-গছনিৰে সেউজ আৱৰণ বৃদ্ধি কৰা আৰু প্ৰতিটো চৰকাৰী কাৰ্যালয় চৌহদৰ সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আৰু অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত গোলাঘাট জিলাতো আজিৰে পৰা মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত আজি জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত চুলতানা আখটাৰা আহমেদ আৰু ডঃ সংগীতা বৰঠাকুৰ, সহকাৰী আয়ুক্ত তথা এই কাৰ্যসূচীৰ নডেল বিষয়া অম্লান ফুকন, মাণ্ডলিক বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে অংশ লয় ।
ইয়াৰ পিছতেই পুলিবৰত থকা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত জিলা প্ৰশাসনৰ উদ্যোগত বকুল, নাহৰ, শেৱালী আদি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয় । কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, মহাবিদ্যালয়খনৰ অধ্যক্ষ সত্যজিৎ পালৰ লগতে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু এন চি চি কেডেটসকলে ভাগ লয় । মাণ্ডলিক বন বিষয়াৰ উদ্যোগত গছপুলিসমূহৰ ব্যৱস্থা কৰা হয় । আজিৰ কাৰ্যসূচীত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলেও ভাগ লয় ।
উল্লেখযোগ্য যে কাৰ্বনৰ ভাণ্ডাৰ বৃদ্ধি কৰা, থলুৱা প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণ, কাৰ্যালয়সমূহৰ চৌহদৰ সৌন্দৰ্যবৰ্ধন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি আদি মহান উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই কাৰ্যসূচীত অসম চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰী, শিক্ষক, ছাত্ৰ-ছাত্ৰী, স্বায়ত্ব শাসিত পৰিষদ, সংস্থা, নিগম, সংগঠন, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, পৌৰ নিকায়ৰ সদস্য আদিয়ে ভাগ ল'ব পাৰিব । ইয়াৰ অধীনত প্ৰতিটো চৰকাৰী প্ৰতিষ্ঠানৰ চৌহদত অহা ১৫ আগষ্টলৈকে গছপুলি ৰোপণ কৰা হ'ব । সকলো চৰকাৰী কৰ্মচাৰীয়ে ৰোপণ কৰা গছপুলি ৩ বছৰলৈ প্ৰতিপালন কৰিব লাগিব । এই কাৰ্যসূচীৰ অধীনত ইতিমধ্যে ৩৫ টা প্ৰজাতিৰ গছপুলি ৰোপণৰ বাবে এক নিৰ্দেশনা দিয়া হৈছে । ইয়াৰ উপৰি থলুৱা প্ৰজাতিৰ বিভিন্ন গছপুলি ৰোপণ কৰিব পাৰিব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
*এককালীন সাহায্য আৰু ক্ৰীড়া পেঞ্চনৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত পদক প্ৰাপকসকলৰ পৰা আবেদন আহ্বান*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৯৮/২০২২
*এককালীন সাহায্য আৰু ক্ৰীড়া পেঞ্চনৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত পদক প্ৰাপকসকলৰ পৰা আবেদন আহ্বান*
গোলাঘাট, ১৮ জুলাই : ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান সঞ্চালকালয়ে অসমৰ স্থায়ী বাসিন্দা তথা অলিম্পিক গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, বিশ্ব চেম্পিয়নশ্বিপ (অলিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত খেলসমূহ ) আৰু নেচনেল গেমছত পদক লাভ কৰা খেলুৱৈসকলক ক্ৰীড়া পেঞ্চন (এককালীন বিত্তীয় সাহায্য আৰু নিয়মীয়া ক্ৰীড়া পেঞ্চন) প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি গোলাঘাট জিলাতো জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত এনে খেলুৱৈসকলৰ তালিকা প্ৰস্তুত কৰি থকা হৈছে । পদক প্ৰাপকসকলক অহা ২৪ জুলাইৰ ভিতৰত পদক লাভৰ প্ৰমাণপত্ৰ, নিয়োগৰ স্থিতি উল্লেখ কৰি শপতনামা, বেংক পাচবুক, নিয়োগকৰ্তাই জাৰি কৰা পৰিচয় পত্ৰ(চৰকাৰী, অৰ্ধ চৰকাৰী, ব্যক্তিগত, অন্যান্যৰ ক্ষেত্ৰত প্ৰযোজ্য), ভোটাৰ পৰিচয় পত্ৰ আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰসহ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ ক্ৰীড়া বিষয়াগৰাকীয়ে আহ্বান জনাইছে । ২০২১-২২ বৰ্ষত ক্ৰীড়া পেঞ্চন আঁচনিৰ বাবে বাচনিভুক্ত হোৱা ক্ৰীড়াবিদসকলে আকৌ এবাৰ ইয়াৰ বাবে আবেদন কৰিব নালাগে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Sunday, 17 July 2022
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...