Friday, 15 July 2022

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদ্যপানক কেন্দ্ৰ কৰি আজিৰে পৰা সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাত কোভিড - ১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অমৃত মহোৎসৱৰ আৰম্ভণি হয়।

*কোভিড-১৯ প্ৰতিষেধক অমৃত মহোৎসৱৰ আৰম্ভনি*

১৫ জুলাই, ২০২২; গোলাঘাট

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদ্যপানক কেন্দ্ৰ কৰি আজিৰে পৰা সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাত কোভিড - ১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অমৃত মহোৎসৱৰ আৰম্ভণি হয়। 

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এই কাৰ্যসূচী আনুষ্ঠানিক ভাৱে  শুভাৰম্ভ কৰে জিলা উপাযুক্ত শ্ৰীযুত মৃগেশ নাৰায়ন বৰুৱা দেৱে।

১৫ জুলাই, ২০২২ তাৰিখৰ পৰা ৭৫ দিনলৈ চলিব লগা এই কাৰ্যসূচীৰ দ্বাৰা ১৮- ৫৯ বয়সৰ সকলো লোকে চৰকাৰী কোভিদ প্ৰতিষেধক কেন্দ্ৰ সমূহত বিনামূলীয়াকৈ তৃতীয় পালি ভেকচিন (বুষ্টাৰ দোজ) গ্ৰহণ কৰিব পাৰিব।

আজি অনুষ্ঠিত কৰা উদ্বোধন অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত শ্ৰীমতী পল্লবি গগৈ, কোভিদ প্ৰতিষেধক কাৰ্যসূচীৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদিপ হাজৰিকা, উপ - অধীক্ষক ড০ কাবেৰী দত্ত, 
 জিলা প্ৰতিষেধক বিষয়া ড০ জ্যোতি দেউৰী, এন. এইহ. এমৰ বিষয়া সকল, স্বাস্থ্য কৰ্মীক আদি কৰি প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে অহা ৰাইজ উপস্থিত থাকে।

NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 14/07/2022.

Welcome

Thursday, 14 July 2022

*লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে লেখা আহ্বান*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯৭/২০২২

*লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে লেখা আহ্বান*

গোলাঘাট, ১৪ জুলাই : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ লেখক, নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা মহান বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ আধাৰত যুগুত কৰা অথবা তেওঁৰ সৈতে জড়িত যিকোনো বিষয়ৰ লেখা আহ্বান কৰিছে । লেখাসমূহ ১০০ৰ পৰা ১০০০ শব্দৰ ভিতৰত হ'ব লাগিব আৰু ভাল হাতৰ আখৰেৰে লিখা অথবা টাইপ কৰা হ'ব লাগিব । লেখাসমূহৰ পৰা ১০০ টা উন্নত মানৰ লেখা বাচনি কৰি সেইসমূহ জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইট আৰু ফেচবুক পেজত আপলোড কৰা হ'ব । ইয়াৰে উৎকৃষ্ট ৫ টা লেখা বাচনি কৰি সাধাৰণ প্ৰশাসন বিভাগলৈ প্ৰেৰণ কৰা হ'ব । উৎকৃষ্ট মানৰ কেতবোৰ লেখাৰ বাবে লেখকক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীত পুৰস্কৃত কৰা হ'ব । নাগৰিকসকলৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লেখা প্ৰেৰণ কৰিবলৈ বিশেষভাৱে আহ্বান জনোৱা হ'ল । লেখাসমূহ ১৫ আগষ্ট, ২০২২ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব । ১৫ আগষ্টৰ পিছত লাভ কৰা লেখা গ্ৰহণ কৰা নহ'ব । লেখাসমূহ নিকটৱৰ্তী মহকুমাধিপতিৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব । লেখা প্ৰেৰণ কৰা খামৰ ওপৰত "লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উপলক্ষে" বুলি লিখি দিব লাগিব । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ অধীনত শ্বহীদ কুশল কোঁৱৰৰ জন্মস্থান গন্ধকৰৈত শ্বহীদগৰাকীৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা, স্বচ্ছতা অভিযান*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯৬/২০২২

*'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ অধীনত শ্বহীদ কুশল কোঁৱৰৰ জন্মস্থান গন্ধকৰৈত শ্বহীদগৰাকীৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা, স্বচ্ছতা অভিযান*

গোলাঘাট, ১৪ জুলাই : 'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ অংশৰূপে আজি গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰণ আৰু গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । এই উপলক্ষে জিলা গ্ৰামোন্নয়ন অভিকৰনৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াৰ সভাপতিত্বত শ্বহীদগৰাকীৰ জন্মস্থান গোলাঘাট জিলাৰ গন্ধকৰৈ গাঁৱত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্জলন কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোকসকলক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্বচ্ছ আৰু সেউজ গাঁও অভিযানৰ অধীনত এটা স্বচ্ছতা অভিযান চলোৱা হয় । আনহাতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগতো শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে এটা পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । আজিৰ অনুষ্ঠানত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ বিষয়া- কৰ্মচাৰীসকল, পঞ্চায়তৰ প্ৰতিনিধি, গন্ধকৰৈ গাঁও পঞ্চায়তৰ কৰ্মচাৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 13/07/2022.

Assam COVID-19🦠😷 Details
 13/07/2022.

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...