*কোভিড-১৯ প্ৰতিষেধক অমৃত মহোৎসৱৰ আৰম্ভনি*
১৫ জুলাই, ২০২২; গোলাঘাট
স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদ্যপানক কেন্দ্ৰ কৰি আজিৰে পৰা সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাত কোভিড - ১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অমৃত মহোৎসৱৰ আৰম্ভণি হয়।
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এই কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জিলা উপাযুক্ত শ্ৰীযুত মৃগেশ নাৰায়ন বৰুৱা দেৱে।
১৫ জুলাই, ২০২২ তাৰিখৰ পৰা ৭৫ দিনলৈ চলিব লগা এই কাৰ্যসূচীৰ দ্বাৰা ১৮- ৫৯ বয়সৰ সকলো লোকে চৰকাৰী কোভিদ প্ৰতিষেধক কেন্দ্ৰ সমূহত বিনামূলীয়াকৈ তৃতীয় পালি ভেকচিন (বুষ্টাৰ দোজ) গ্ৰহণ কৰিব পাৰিব।
আজি অনুষ্ঠিত কৰা উদ্বোধন অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত শ্ৰীমতী পল্লবি গগৈ, কোভিদ প্ৰতিষেধক কাৰ্যসূচীৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদিপ হাজৰিকা, উপ - অধীক্ষক ড০ কাবেৰী দত্ত,
জিলা প্ৰতিষেধক বিষয়া ড০ জ্যোতি দেউৰী, এন. এইহ. এমৰ বিষয়া সকল, স্বাস্থ্য কৰ্মীক আদি কৰি প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে অহা ৰাইজ উপস্থিত থাকে।
NORTHEAST NEWS INDIA