Tuesday, 21 June 2022
*গোলাঘাটত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমূহীয়া যোগাভ্যাসত অংশ ল'লে কৃষি মন্ত্ৰী অতুল বৰাই*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৯০/২০২২
*গোলাঘাটত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমূহীয়া যোগাভ্যাসত অংশ ল'লে কৃষি মন্ত্ৰী অতুল বৰাই*
গোলাঘাট, ২১ জুন : গোলাঘাট নগৰৰ ইণ্ড'ৰ ক্ৰিকেট ষ্টেডিয়ামত আজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, গোলাঘাটৰ সহযোগত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সমূহীয়া যোগাভ্যাস কাৰ্যসূচীত অংশ লৈ কৃষি, পশুপালন, পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে যোগক বিশ্বত জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলোৱা প্ৰয়াসৰ বাবেই আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে। যোগক ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে জড়িত এটা বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে যোগাভ্যাসে মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে । যোগক জনপ্ৰিয় কৰি তুলিব পাৰিলে অপৰাধমূলক প্ৰৱণতা বহু পৰিমাণে ৰোধ কৰিব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে শিক্ষানুষ্ঠানসমূহত নিয়মীয়াকৈ যোগাভ্যাসৰ প্ৰশিক্ষণ প্ৰদানৰো পোষকতা কৰে । অনুষ্ঠানত ভাষণ দি উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মানৱ জীৱনত যোগৰ উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰে । তেওঁ কয় যে যোগ কেৱল এক শাৰীৰিক অনুশীলন নহয়, বৰং ই এক জীৱনশৈলী হোৱা দৰকাৰ । মুখ্য যোগ প্ৰশিক্ষক দীপক গগৈৰ নেতৃত্বত ছজনীয়া প্ৰশিক্ষকৰ এটা দলে সকলোকে সমূহীয়াভাবে যোগাভ্যাস কৰোৱায় । কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰি, আৰক্ষী অধীক্ষক সুমিত শৰ্মা আৰু সকলো বিভাগৰ জিলা মুৰব্বী, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ উপ কমাণ্ডেণ্ট আৰু জোৱানসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
যিকোনো স্বাস্থ্য সম্পৰ্কীয় অভিযোগৰ বাবে অনুগ্ৰহ কৰি তলত প্ৰদান কৰা হেল্পলাইন নম্বৰবোৰৰ সৈতে যোগাযোগ কৰক।মাধৱ গগৈNORTHEAST NEWS INDIA
যিকোনো স্বাস্থ্য সম্পৰ্কীয় অভিযোগৰ বাবে অনুগ্ৰহ কৰি তলত প্ৰদান কৰা হেল্পলাইন নম্বৰবোৰৰ সৈতে যোগাযোগ কৰক।
মাধৱ গগৈ
Monday, 20 June 2022
Golaghat Breaking
গোলাঘাট ২০ জুন, ২০২২ঃ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, খুমটাইৰ ৰাজহ চক্ৰ বিষয়া, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া, ক্ষেত্ৰ বিষয়া, গাঁও প্ৰধান আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ এটা দলে আজি খুমটাই ৰাজহ চক্ৰৰ অধীনৰ বানপীড়িত নামটেমেৰা, মিছিমিআটি আদি অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় ।
ইফালে বোকাখাতৰ কয়লাখাট গাঁৱত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ চক্ৰ পৰ্যায়ৰ ক্ষীপ্ৰ সঁহাৰি গোট, এছ ডি আৰ এফ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে বান সজাগতা কাৰ্যসূচী ৰূপায়ন কৰে ।
মাধৱ গগৈ
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...