Friday, 17 June 2022

পি এন বি আৰছেটিৰ উদ্যোগত 'পশু মিত্ৰ' বা 'মৎস্য মিত্ৰ'ৰ বাবে আবেদন আহ্বান

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৮৯/২০২২

পি এন বি আৰছেটিৰ উদ্যোগত 
'পশু মিত্ৰ' বা 'মৎস্য মিত্ৰ'ৰ বাবে আবেদন আহ্বান

গোলাঘাট, ১৭ জুন : পঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ৯০ দিনীয়া 'আজাদী চে অন্ত্যেদয়া তক' অভিযানৰ অংশৰূপে তৃণমূল পৰ্য্যায়ত 'পশু মিত্ৰ' বা 'মৎস্য মিত্ৰ' হিচাপে কাম কৰিবলৈ আগ্ৰহী ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ ২৫ গৰাকী প্ৰাৰ্থীৰ বাবে আবেদন বিচৰা হৈছে । সাক্ষাৎকাৰৰ যোগেদি অৰ্হতাৰ ভিত্তিত প্ৰাৰ্থী বাচনি কৰা হ'ব । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 'পশু সখী' বা 'কৃষি সখী' হিচাপে কাম কৰি থকা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাৰ্থীক এই প্ৰশিক্ষণৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব । 

৬০ দিনীয়া আৱাসিক কাৰ্যসূচীৰ অন্তত গ্ৰামোন্নয়ন আৰু স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় একাডেমীৰ পৰা NSQF লেভেল ৪ ৰ স্কিল ইণ্ডিয়া প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব । লগতে বেংকৰ জৰিয়তে ঋণ প্ৰদানৰো ব্যৱস্থা কৰা হ'ব । তদুপৰি, প্ৰয়োজন অনুসৰি পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু মীন বিভাগৰ পৰা প্ৰশিক্ষাৰ্থীসকলক সহায় আৰু কাৰিকৰী সহযোগিতা আগবঢ়োৱা হ'ব । বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থাৰে এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হ'ব ।ইচ্ছুকসকলে আবেদন দাখিল কৰিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে । 

সঞ্চালক, পি এন বি, আৰছেটি গোলাঘাট, উন্নয়ন খণ্ড চৌহদ, এ টি ৰোড, বোকাখাত -৭৮৫৬১২, জিলা - গোলাঘাট, অসম ।

অথবা

লীড বেংক মেনেজাৰ, লীড বেংক কাৰ্যালয়, পি এন বি, গোলাঘাট- ৭৮৫৬২১ ।

অধিক তথ্যৰ বাবে ৮৭২০৯৬২৮৭০/ ৮৮২২৩৮৬২৯২ নম্বৰত যোগাযোগ কৰিব পাৰে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

যি কৰিছে প্ৰকৃতি য়ে ভালেই কৰিছে। মানৱ জাতি প্ৰকৃতিৰ উপৰত যাৱ বিচাৰে। মানৱ জাতিৰ অংহকাৰ বেছি হৈছে। টকাৰ পিছত সকলো প্ৰকৃতিৰ ধংস কৰিবলৈ নামি গৈছে। প্ৰকৃতিক ধন্যবাদ জ্ঞাপন জনাইছো। মানৱ জাতিয়ে শিক্ষা লওঁক যে মা আৰু প্ৰকৃতিত কে ডাঙৰ একো হব নোৱাৰে।

যি কৰিছে প্ৰকৃতি য়ে ভালেই কৰিছে। মানৱ জাতি প্ৰকৃতিৰ উপৰত যাৱ বিচাৰে। মানৱ জাতিৰ অংহকাৰ বেছি হৈছে। টকাৰ পিছত সকলো প্ৰকৃতিৰ ধংস কৰিবলৈ নামি গৈছে। 

প্ৰকৃতিক ধন্যবাদ জ্ঞাপন জনাইছো। মানৱ জাতিয়ে শিক্ষা লওঁক যে মা আৰু প্ৰকৃতিত কে ডাঙৰ একো হব নোৱাৰে। 

Thursday, 16 June 2022

Assam COVID-19🦠😷 Details 15/06/2022.

Assam COVID-19🦠😷 Details
 15/06/2022.

NOTIFICATIONS

জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ন বৰুৱা দেৱৰ সভাপতিত্বত জিলা স্বাস্থ্য সমিতিৰ এখনি পৰ্যালোচনা সভা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত

১৬ জুন, ২০২২

আজি জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ন বৰুৱা দেৱৰ সভাপতিত্বত জিলা স্বাস্থ্য সমিতিৰ এখনি পৰ্যালোচনা সভা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

এই পৰ্যালোচনা সভাত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপযুক্ত শ্ৰীমতী পল্লবি গগৈ, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ সুৰেন্দ্ৰ নাথ তামূলী, শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ অপূৰ্ব কুমাৰ শৰ্মা, প্ৰধান চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড০ জাহিদ হুছেইন উপস্থিত থাকে। 

উক্ত সভা খনত প্ৰত্যেক খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰতিনিধিত্ব কৰি  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ লগত খণ্ড কাৰ্যক্ৰম বিভাগৰ বিষয়া, সামূহিক স্বাস্থ্য বিষয়াকে আদি কৰি বহুসকল কৰ্মচাৰী উপস্থিত থাকে। 


বোকাখাট, চাৰিঙীয়া, কমাৰবন্ধা আলি, মিচামৰা, মৰঙি আৰু সৰুপথাৰ খণ্ডৰ মাতৃ আৰু শিশু স্বাস্থ্য লগত জৰিত প্ৰত্যেক বিষয়ৰ উপৰত বিশ্লেষণ কৰা হয়।

এই সভাত অন্য আলোচনাৰ লগতে প্ৰত্যেক প্ৰসৱ কক্ষক LaQshya কাৰ্যক্ৰমৰ অন্তৰ্গত প্ৰত্যয়িত কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে প্ৰত্যেক গৰ্ভৱতী মাতৃ বিশেষকৈ যিসকল চাহ বাগান অঞ্চলৰ বাসিন্দা তেখেতসকলৰ  বেংক একাউণ্ট নম্বৰ খোলাৰ বাবে  বেংকৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত লোৱা হয়। 

জিলা উপায়ুক্ত গৰাকীয়ে এই সভাত উপস্থিত প্ৰত্যেক সদস্যক স্বাস্থ্যৰ প্ৰত্যেকটো সূচকক আগবঢ়াই নিয়াৰ বাবে কৰণীয় খিনিৰ উপৰত দৃঢ়তা প্ৰদান কৰি অন্তাৰিকভাবে নিজৰ কৰ্ম কৰি যোৱাৰ বাবে অনুৰোধ জনায় ।

মাধৱ গগৈ
NORTHEAST NEWS INDIA

Welcome

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...