Monday, 23 May 2022

*শ্রী মন্ত শংকৰদেৱ সংঘৰ গোলাঘাট আঞ্চলিক শাখাই ৫৩৪ সংখ্যক মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ জন্ম জয়ন্তী পালন* গোলাঘাট 22 মে ২০২২ঃ শ্রী মন্ত শংকৰদেৱ সংঘৰ গোলাঘাট আঞ্চলিক শাখাই ৫৩৪ সংখ্যক মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ জন্ম জয়ন্তীভাগ কমাৰবন্ধাৰ কুমাৰ গাঁৱৰ নামঘৰত এদিনীয়া কাৰ্য সূচীৰে দীপজ্যোতি প্ৰা: আৰু বকুন্ঠপুৰ প্ৰ: শাখাৰ আতিথ্য ত যোৱাকালি ২২মে /২০২২ দেওবাৰে পালন কৰে। গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

 *শ্রী মন্ত শংকৰদেৱ সংঘৰ   গোলাঘাট আঞ্চলিক শাখাই ৫৩৪ সংখ্যক মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ জন্ম জয়ন্তী পালন*


গোলাঘাট 22 মে ২০২২ঃ শ্রী মন্ত শংকৰদেৱ সংঘৰ   গোলাঘাট আঞ্চলিক শাখাই ৫৩৪ সংখ্যক মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ জন্ম জয়ন্তীভাগ কমাৰবন্ধাৰ কুমাৰ গাঁৱৰ নামঘৰত এদিনীয়া কাৰ্য সূচীৰে দীপজ্যোতি প্ৰা: আৰু বকুন্ঠপুৰ প্ৰ: শাখাৰ আতিথ্য ত যোৱাকালি ২২মে /২০২২ দেওবাৰে পালন কৰে।


গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA


Friday, 20 May 2022

গোলাঘাটৰ আঠখেলীয়াৰ চাৰিঙ্গীয়া গাঁৱত লোম হৰ্ষক হত্যাকাণ্ডঃচোকা অস্ত্ৰৰে ঘঁপিয়াই এজনক হত্যাঃহত্যাকাৰীৰ আক্ৰমণত সাত বছৰীয়া শিশু সহ মাতৃক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণঃ

 গোলাঘাটৰ আঠখেলীয়াৰ চাৰিঙ্গীয়া গাঁৱত লোম হৰ্ষক হত্যাকাণ্ডঃচোকা অস্ত্ৰৰে ঘঁপিয়াই এজনক হত্যাঃহত্যাকাৰীৰ আক্ৰমণত সাত বছৰীয়া শিশু সহ মাতৃক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণঃ 


 ,২০ মে'ঃ ২০২২


গোলাঘাট জিলা ঘিলাধাৰী আৰক্ষী থানাৰ আঠখেলীয়া পঞ্চায়তৰ অন্তৰ্গত চাৰিঙ্গীয়া গাঁৱত যোৱা নিশা প্ৰায় ১ বজাত চোকা অস্ত্ৰৰে ঘঁপিয়াই এজন লোকক হত্যা কৰা লগতে হত্যাকাৰীৰ আক্ৰমণত নিহত লোকজনৰ পত্নী আৰু সাত বছৰীয়া পুত্ৰৰো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগা হোৱা এক গাৰ নোম সিহঁৰি যোৱা ঘটনা সংঘটিত হৈছে।ঘটনাৰ বিৱৰণী জানিব পৰামতে চিৰিঙ্গীয়া গাঁৱৰ ভাইটি আলি(ভোলা)ৰ পুত্ৰ নাজিদুৰ আলি(২০) য়ে যোৱা নিশা প্ৰায় ১ বজাত প্ৰতিৱেশী তিতাৰাম দাসৰ পুত্ৰ দিপেন দাস (দিব্যজ্যোতি) (৩২)ঘৰত ভেণ্টিলেটৰেদি প্ৰৱেশ কৰি দিপেন দাসক শুই থকা অৱস্থাত চোকা অস্ত্ৰৰে ডিঙি আৰু মূৰত ঘঁপিয়াই হত্যা কৰি সোণৰ অলঙ্কাৰ আৰু ধন লুট কৰে ৷হত্যাকাৰী নাজিদুৰ আলিয়ে মৃত দিপেন দাসৰ পত্নী চুম্পী দাস(২২) আৰু ৭ বছৰীয়া পুত্ৰ প্ৰিয়ম দাসকো উপৰ্যুপৰি ঘঁপিওৱাৰ ফলত সংকটজনক অৱস্থাত দুয়োজনকে  পুৱতীনিশা গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়াত অৱস্থা সংকটজনক হোৱাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।ইফালে এই হত্যাকাণ্ডৰ পাছতে স্থানীয় ৰাইজ উত্তেজিত হৈ হত্যাকাৰীৰ বাসগৃহৰ লগতে ব্ৰইলাৰ ফাৰ্মখনতো অগ্নি সংযোগ কৰে।পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰে যদিও  বাসগৃহৰ লগতে ফাৰ্মখন ৯০% শতাশ জুইত জাহ যায়।ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰা লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।বৰ্তমানলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ ৰাইজে ডকাইটিৰ উদ্দেশ্যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰা ফলতে ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে। ইফালে উত্তেজিত জনতাই দিপেন দাসৰ মৃতদেহটো আনি গোলাঘাটৰ জিলাউপায়ুক্ত কায্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বহু সময়ৰ পিছত মন্ত্ৰী অজন্তা নেওগ আহি দিপেন দাসৰ পৰিয়াললৈ আৰ্থিক সাহায্য আৰু মৃত দিপেনদাসৰ পত্নী পুত্ৰৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় চৰকাৰে কৰিববুলি প্ৰতিশ্ৰুতি দিয়ে ৷ আৰু মন্ত্ৰী গৰাকী ঘটনাস্থলীলৈ ৰাওনা হয় ৷ এই লোমহৰ্ষক হত্যাকাণ্ডঘটনাটোৱে সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। :: 

প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 19/05/2022.

Assam COVID-19🦠😷 Details
 19/05/2022.

Wednesday, 18 May 2022

*মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গোলাঘাটত অমৃত সৰোবৰ, জল জীৱন অভিযান আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অগ্ৰগতিৰ পৰ্যালোচনা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৩

*মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গোলাঘাটত অমৃত সৰোবৰ, জল জীৱন অভিযান আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অগ্ৰগতিৰ পৰ্যালোচনা*

*নিৰ্ধাৰিত সময়ৰ ভিতৰত ধ্বজাবাহী আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ*

*জল জীৱন অভিযানৰ সফল ৰূপায়নৰ বাবে শীঘ্ৰে উপভোক্তা সমিতি গঠনৰ নিৰ্দেশ*

*উন্নয়ন খণ্ড বিষয়াসকলে জেজেএম, অমৃত সৰোবৰ আঁচনিৰ কাম কাজ নিয়মীয়াকৈ নিৰীক্ষণ কৰক : ৰঞ্জিত কুমাৰ দাস*

গোলাঘাট, ১৮ মে' : ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গোলাঘাট জিলাত ৰূপায়ন হৈ থকা চৰকাৰৰ ধ্বজাবাহী আঁচনি জলজীৱন অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু অমৃত সৰোবৰ আঁচনি সন্দৰ্ভত আজি গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশ লয় । তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত এই ধ্বজাবাহী আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ অমৃত সৰোবৰ আঁচনিখনৰ সফল ৰূপায়নৰ বাবে বিশেষভাবে উন্নয়ন খণ্ড বিষয়াসকলক আঁচনিখন গুৰুত্বসহকাৰে লৈ ইয়াৰ ক্ষিপ্ৰ কাৰ্যৰূপায়নৰ বাবে ক্লাষ্টাৰ লেভেল ফাউণ্ডেছন চমুকৈ চিএলএফ হিচাপে কাম কৰিবলগীয়া আত্মসহায়ক গোটসমূহৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে অমৃত সৰোবৰ আঁচনিখন 'অসম মডেল' হিচাপে সমগ্ৰ দেশতেই ৰূপায়ন কৰা হ'ব । এই 'অসম মডেল'ক সফল কৰাটো এতিয়া সংশ্লিষ্ট বিভাগীয় বিষয়া-কৰ্মচাৰীৰ পৰা উন্নয়ন খণ্ড বিষয়ালৈকে, জনপ্ৰতিনিধিৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকললৈকে, সকলোৰে দায়িত্ব বুলি তেওঁ উল্লেখ কৰে । আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ পৰ্যালোচনা কৰি তেওঁ বেংক একাউণ্ট নোহোৱাৰ বাবে যিসকল হিতাধিকাৰীয়ে এতিয়াও গৃহ আবণ্টনৰ ধন লাভ কৰা নাই তেওঁলোকৰ একাউণ্ট খোলাৰ বাবে শীঘ্ৰে ব্যৱস্থা ল'বলৈ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প বিষয়াক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ আন এখন ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰো অগ্ৰগতিৰ বুজ লয় । তেওঁ আঁচনিখনৰ সফল ৰূপায়ন সুনিশ্চিত কৰাৰ বাবে অতি সোনকালে উপভোক্তা সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ সপ্তাহৰ অন্ততঃ এটা দিন অগ্ৰাধিকাৰ ভিত্তিত পঞ্চায়তৰ সভাপতি আৰু সচিবসকলৰ সৈতে এই আঁচনিখনৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ তথা নিজে ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ উন্নয়ন খণ্ড বিষয়াসকলক নিৰ্দেশ দিয়ে । এইক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ কৰণীয়সমূহৰ বিষয়ে তেওঁলোকক সজাগ কৰি নিয়মীয়াকৈ আঁচনিখনৰ নিৰীক্ষণ অব্যাহত ৰাখিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগকো এইক্ষেত্ৰত উন্নয়ন খণ্ড বিষয়াসকলৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে ২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে নলযোগে পানীৰ সংযোগ লাভ কৰাটো সুনিশ্চিত কৰিব লাগিব । তেওঁ নাৰীৰ আৰ্থিক সবলীকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি মহিলা আত্মসহায়ক গোটৰ সদস্য সকলৰ বছৰি উপাৰ্জন ১ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবে উদ্ভাৱনমূলক পদক্ষেপ ল'বলৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে অসমৰ ৩ লাখ আত্মসহায়ক গোটৰ ৩০ লাখ মহিলাই বছৰি ১লাখ টকাকৈ উপাৰ্জন কৰিলে ৩০ হাজাৰ কোটি টকা উপাৰ্জন হ'ব আৰু ই অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ছবিখনেই সলনি কৰি দিব । তেওঁ অসমৰ ভিতৰতে গোলাঘাট জিলাক লেখত ল'বলগীয়া জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । 

উল্লেখযোগ্য যে অমৃত সৰোবৰ আঁচনিৰ অধীনত গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতে ৭৫ টাকৈ পুখুৰী নিৰ্মাণ কৰা হ'ব । প্ৰায় এক হেক্টৰ মাটিত একোটা পুখুৰী নিৰ্মাণ কৰা হ'ব । আনহাতে জল জীৱন মিছনৰ অধীনত গোলাঘাট জিলাত ১,২৮,৬৫২ টা পৰিয়ালক এই বছৰৰ ভিতৰতে নলযোগে পানীৰ সংযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে । একেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ১৭,৯৮৪ টা গৃহৰ নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত ১৬,১৮০ টা অৰ্থাৎ ৯০ শতাংশ গৃহৰ কাম সম্পূৰ্ণ হৈছে । 

আজিৰ বৈঠকত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে বিভিন্ন বিভাগৰ জিলা মুৰব্বী, উন্নয়ন খণ্ড বিষয়াসকল আৰু কৰ্মচাৰীসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...