Monday, 11 April 2022
প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ ৰূপায়নত হোৱা অনিয়ম সন্দৰ্ভত ধুবুৰী জিলাৰ জনসাধাৰণে হোৱাটছআপ যোগে অভিযোগ কৰিব পাৰিব এই ৯৩৮৭৫৪৯৭০২ নম্বৰত৷ ধুবুৰী জিলা উপায়ুক্ত ডাঙৰীয়াই পোনপটীয়াকৈ অভিযোগসমূহ চাই গ্ৰহণ কৰিব ব্যৱস্থা৷NORTHEAST NEWS INDIA
প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ ৰূপায়নত হোৱা অনিয়ম সন্দৰ্ভত ধুবুৰী জিলাৰ জনসাধাৰণে হোৱাটছআপ যোগে অভিযোগ কৰিব পাৰিব এই ৯৩৮৭৫৪৯৭০২ নম্বৰত৷ ধুবুৰী জিলা উপায়ুক্ত ডাঙৰীয়াই পোনপটীয়াকৈ অভিযোগসমূহ চাই গ্ৰহণ কৰিব ব্যৱস্থা৷
*অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ অধীনত এল ই ডি বাল্ব প্ৰস্তুতকৰণ প্ৰকল্প ৰূপায়ণ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬১
গোলাঘাট, ১১ এপ্ৰিল : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ অধীনত মৰঙী খণ্ড অভিযান পৰিচালনা গোটৰ মণ্ডল পৰ্যায়ৰ সংস্থা, স্মৃতি ( ফলঙনি গাঁও পঞ্চায়ত ) ৰ উদ্যোগত যোৱা মাৰ্চ মাহত এচি ডিচি এলইডি বাল্ব প্ৰস্তুতকৰণৰ এটা প্ৰকল্প ৰূপায়ন কৰা হয় । লুচিয়ান এনাৰ্জি এণ্ড ইনফ্ৰাৰ সহযোগত ৰূপায়ন কৰা এই প্ৰকল্প জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই যোৱা ১৪ মাৰ্চত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । সংস্থাৰ উদ্যোগত এতিয়ালৈকে ১৫০০ তা এনে বাল্ব প্ৰস্তুত কৰা হৈছে । গোটটোৱে প্ৰাৰম্ভিক পৰ্যায়ত ৩০,০০০ তা বাল্ব প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে । যোৱা ৮ এপ্ৰিলত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ বৈঠকত উপায়ুক্ত গৰাকীয়ে প্ৰতিটো
বাল্বত ২৬০ টকা মূল্যত ৯ ৱাটৰ ৯০ টা বাল্ব জিলাখনৰ বিভিন্ন বিভাগক অৰ্পন কৰে । উপায়ুক্ত গৰাকীয়ে এই বাল্বসমূহ ক্ৰয় কৰি স্থানীয়ভাৱে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰসাৰ আৰু প্ৰচাৰত অৰিহণা যোগাবলৈ বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । তেওঁ লগতে ৭০০২১-৬৬১৩৫ নম্বৰত ফোন কৰি অথবা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে যোগাযোগ কৰি বাল্বসমূহ ক্ৰয় কৰিবলৈ অনুৰোধ জনায় । উল্লেখযোগ্য যে এই বাল্বসমূহৰ বিশেষত্ব হ'ল বিদ্যুৎ নথকা অৱস্থাত সৰ্বাধিক ৩ ঘণ্টা পৰ্যন্ত এই বাল্ব সমূহে পোহৰ দিয়ে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Sunday, 10 April 2022
Saturday, 9 April 2022
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...