Monday, 11 April 2022
*অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ অধীনত এল ই ডি বাল্ব প্ৰস্তুতকৰণ প্ৰকল্প ৰূপায়ণ*
Sunday, 10 April 2022
Saturday, 9 April 2022
Friday, 8 April 2022
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅ গোলাঘাট শাখাৰ উদ্যোগত সজাগতা
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅ গোলাঘাট শাখাৰ উদ্যোগত সজাগতা
গোলাঘাট, ৮এপ্ৰিল। গোলাঘাটত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅৰ গোলাঘাট শাখাৰ উদ্যোগত গোলাঘাট চহৰত বিশ্ব স্বাস্থ্য দিৱস উদযাপন লগত সংগতি ৰাখি সজাগতা। ৭ এপ্ৰিল দিনা গোলাঘাট চহৰত থকা কেইবাখনো মিঠাই দোকান আৰু হোটেলত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅৰ গোলাঘাট শাখাৰ কাৰ্য্যকৰ্তা সকলে উপস্থিত হৈ মালিক আৰু কৰ্মচাৰী সকলক তেওঁলোকৰ দোকানত থকা খাদ্য সামগ্ৰী যেনে মিঠাইৰ দাম লিখি ৰখা দৰে মিঠাই বনোৱা তাৰিখ আৰু উকলি যোৱা তাৰিখ লিখি থব লাগে, দোকান খন পৰিস্কাৰ পৰিচন্নতা কৈ ৰখা, মালিক আৰু কৰ্মচাৰী দোকানত থাকোতে চাফ চিকুন কৈ থকা, খোৱা সামগ্ৰী বিক্ৰী কৰোতে হেন্ড গ্লভ লগাই থৱ লাগে আৰু মাখি, ধূলি বালি নপৰাকৈ খোৱা সামগ্ৰী ঢাকি ৰখা ইত্যাদি বিভিন্ন ধৰনে সজাগতা কৰে। এই সজাগতা অনুষ্ঠানত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅৰ গোলাঘাট শাখাৰ সভানেত্ৰী অনুৰেখা বাকিলিৱাল, উপ সভাপতি সন্তোষ কুমাৰ কানু, ব্লক সভানেত্ৰী ৰসীতা জচৱাল, মিডিয়া বিষয়া সোণেশ্বৰ বাঢ়ৈ,অশোক চাহু, সঞ্জীৱ কুমাৰ প্ৰজাপতি আৰু ভলনটিয়াৰ বিশাল ৰজক, সঞ্জয় দে, ব্ৰ্ৰীজমণী পাণ্ডে আৰু স্থানীয় যুৱ সমাজকৰ্মী মনোজ তাঁতী, পাপো তাঁতীয়ে অংশ গ্ৰহণ কৰে। এই সজাগতা সময়ত দোকানৰ মালিক সকলক বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি এখনকৈ প্ৰশংসা পত্ৰ জিলা শাখাই প্ৰদান কৰে। এনেধৰণৰ কাৰ্য্যসূচীৰ দ্বাৰা সজাগতা কৰাৰ বাবে এনে পদক্ষেপক মালিক পক্ষ আৰু জন সাধাৰনে উদ্যোগতা সকলক শলাগ লয়।
Sanjib Kumar Prajapati Report Northeast News India
*গোলাঘাটত সখী স্বেচ্ছাসেৱীসকলৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সামৰণি**গাঁৱত হোৱা দুৰ্যোগত গাঁৱৰ মহিলাই ল'ব স্বেচ্ছাসেৱীৰ ভূমিকা*
গোলাঘাট জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিছে ।
Date 08/04/2022
গোলাঘাট জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিছে ।
যিহেতু হস্ততাঁত ( উৎপাদিত সামগ্ৰী সংৰক্ষণ ) আইন, ১৯৮৫ ৰ অধীনত গামোচা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত হাতেবোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাটো নিষিদ্ধ । এই নিষেধাজ্ঞা পালন নকৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে । উপায়ুক্ত গৰাকীয়ে ইতিমধ্যে এনে ব্যৱসায়ীক ধৰা পেলোৱাৰ বাবে তিনিটা বলৱৎকাৰী বাহিনী ( Enforcement Squad) গঠন কৰি দিছে । মেচিনত প্ৰস্তুত কৰা নিম্নমানৰ গামোচা বৰ্জন কৰি তেওঁ উন্নত মানৰ হাতেবোৱা গামোচা ক্ৰয় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে গঠন কৰা বাহিনীয়ে আজি গোলাঘাট নগৰৰ বিভিন্ন ব্যৱসায় প্রতিষ্ঠানত অভিযান চলায় । গোলাঘাট মহকুমাৰ বাবে সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকনৰ নেতৃত্বত ৭ জনীয়া গোট গঠন কৰা হৈছে ।
Madhob Gogoi Report Northeast News India
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...