Friday, 25 March 2022

গোলাঘাটত আশা অভিৱৰ্তন-২০২২ সম্পন্ন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫২

*গোলাঘাটত আশা অভিৱৰ্তন-২০২২ সম্পন্ন*

*আশা কৰ্মীসকল প্ৰচলিত চিকিৎসা ব্যৱস্থা আৰু ৰাইজৰ মাজত যোগসুত্ৰ স্থাপনৰ মূল চালিকাশক্তিঃ উপায়ুক্ত*

গোলাঘাট, ২৫ মাৰ্চ : গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিৱৰ্তন-২০২২ অনুষ্ঠিত হয় । এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকল, চিকিৎসক, স্বাস্থ্যকৰ্মী আদিয়ে অংশগ্ৰহন কৰে । অনুষ্ঠানত দিয়া ভাষণত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে আশা কৰ্মীসকল ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজখনৰ আটাইতকৈ সন্মুখৰ শাৰীৰ যুঁজাৰু আছিল । তেওঁলোকৰ অকুণ্ঠ প্ৰচেষ্টাতে স্বাস্থ্যৰক্ষাৰে এখন সবল সমাজে ঠন ধৰি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আশা কৰ্মীসকল প্ৰচলিত চিকিৎসা ব্যৱস্থা আৰু জনসাধাৰণৰ মাজত যোগসুত্ৰ স্থাপনৰ মূল চালিকাশক্তি । আজি আশা কৰ্মীসকলে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানসমূহক উদযাপন কৰাৰ এটা বিশেষ দিন বুলি তেওঁ কয় । তেওঁ লগতে কয় যে আশা কৰ্মীসকলৰো বিভিন্ন সমস্যা আছে । নিশ্চয় পৰৱৰ্তী সময়ত চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সহানুভূতিৰে চাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

অনুষ্ঠানত আদৰণি ভাষণ দি গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই কয় যে স্বাস্থ্য খণ্ডলৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সময়ত আশা কৰ্মীসকলে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু একাগ্ৰতা প্ৰশংসাৰ উৰ্ধত । গোলাঘাট জিলাৰ প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীয়ে অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে । চিকিৎসকগৰাকীয়ে আশা কৰ্মীসকলে চিকিৎসক আৰু ৰোগীৰ মাজত তৃণমূল পৰ্য্যায়ত যোগসুত্ৰ স্থাপনত লোৱা ভূমিকাৰ শলাগ লয় । অনুষ্ঠানত বিশিষ্ট সমাজসেৱিকা ডঃ লুকুমণি গোস্বামীয়ে নিজৰ ভাষণত আশা কৰ্মীসকলে যি নিষ্ঠাৰে সমাজৰ প্ৰতি সেৱা আগবঢ়াই আছে তাৰ ভূঁয়সী প্ৰশংসা কৰে । 

আজিৰ কাৰ্যসূচীৰ অংশৰূপে জিলাখনৰ আশা কৰ্মী আৰু ছুপাৰভাইজৰসকলক তেওঁলোকে আগবঢ়াই থকা সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয় । লগতে বোকাখাত, মৰঙী, মিছামৰা, সৰুপথাৰ, চাৰিঙীয়া, কমাৰবন্ধা আলী আৰু গোলাঘাট নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ ১৯ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ছগৰাকী শ্ৰেষ্ঠ আশা ছুপাৰভাইজৰক পুৰস্কৃত কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে বিগত বর্ষত অকালতে প্ৰাণ হেৰুওৱা আশা কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । কাৰ্যসূচীৰ অংশৰূপে বিশিষ্ট শিল্পী অণুধৃতি মহন্তই বেহেলা বাদনেৰে সকলোকে আপ্লুত কৰে । বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মীসকলে সমবেত সংগীত, নেগেৰা নাম, ঝুমুৰ, বিহু, গীত-মাত আদি পৰিৱেশন কৰে । 

অনুষ্ঠানত তিনিচুকীয়া জিলাৰ স্বাস্থ্য সেৱাৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ জ্যোতি ভূঞা, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা, ডাঃ হীৰেন শইকীয়া, ডাঃ জ্যোতি দেউৰী, ডাঃ সুনিতা এক্কা, বিশিষ্ট সমাজ সেৱিকা অপৰাজিতা বৰুৱা, ৰূপা শইকীয়া, ডি চি এম জেচমিন বেগম, ডি পি এম অনুষ্কা বৰা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 24 March 2022

Notifications

Assam COVID-19🦠😷 Details 24/03/2022.

Assam COVID-19🦠😷 Details
 24/03/2022.

গোলাঘাটত ৰাষ্ট্ৰীয় যক্ষ্মা দিৱস পালন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫১

*গোলাঘাটত ৰাষ্ট্ৰীয় যক্ষ্মা দিৱস পালন*

গোলাঘাট, ২৪ মাৰ্চ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাটতো আজি বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় । এই উপলক্ষে গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা স্বাস্থ্য সমিতি (ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী)ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় । গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিষয়া, চিকিৎসক, সমাজকৰ্মী, স্বাস্থ্যকৰ্মী, আশা কৰ্মী, এন চি চি কেডেট আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে । সভাত উপস্থিত থাকি তিনিচুকীয়া জিলাৰ স্বাস্থ্য সেৱাৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ জ্যোতি ভুঞাই যক্ষ্মা ৰোগৰ লক্ষণ দেখা পালেই চিকিৎসকৰ ওচৰ চাপিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । তেওঁ কয় যে এই ৰোগৰ চিকিৎসা বিনামূলীয়া আৰু চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণৰূপে এই ৰোগৰ পৰা নিৰাময় লাভ কৰিব পৰা যায় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী, গোলাঘাটৰ জিলা যক্ষ্মা বিষয়া ডাঃ সুনিতা এক্কাই যক্ষ্মা ৰোগৰ ইতিহাস আৰু ইয়াৰ চিকিৎসা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । তেওঁ এই ৰোগক লৈ শংকিত হোৱাৰ পৰিৱৰ্তে সজাগ হবলৈ আহ্বান জনায় । ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূল কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে যদিও অসমত ২০২৩ চনৰ ভিতৰতে যক্ষ্মা নিৰ্মূল কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । এই ৰোগত আক্ৰান্ত হলেও ১০০ শতাংশ সুস্থ হৈ উঠাটো সম্ভৱ বুলি তেওঁ দোহাৰে । সভাত গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই যক্ষ্মামুক্ত অসম গঢ়াৰ বাবে সকলোকে সহযোগিতা আৰু ঐক্যবদ্ধভাৱে প্ৰয়াস চলাবলৈ আহ্বান জনায় ।  তেওঁ কয় যে গোলাঘাট জিলাত যাতে এজনো যক্ষ্মা ৰোগীয়ে চিকিৎসা নোপোৱাকৈ নাথাকে সেয়া সুনিশ্চিত কৰিব লাগিব । যক্ষ্মা ৰোগীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতা কামনা কৰে । সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈ, জ্যেষ্ঠ চিকিৎসক ডাঃ সুৰেন্দ্ৰ নাথ তামূলী, ডাঃ জাহিৰ হুছেইন, ডাঃ ৰবীন তামূলী, ডি আৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ পুতুল চন্দ্ৰ শইকীয়া, ডি আৰ কলেজৰ প্ৰাক্তন অধ্যাপক ডঃ নৃপেন কুমাৰ বৰুৱা, বিশিষ্ট গায়িকা অণুধৃতি মহন্ত আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল । আজিৰ অনুষ্ঠানতে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজ দি সফল হোৱা তথা এই ৰোগ নিৰ্মূলত বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় । লগতে দুদিনীয়াকৈ আয়োজিত যক্ষ্মা দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে অনুষ্ঠিত ক্ৰিকেট খেলৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয় ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...