Tuesday, 8 March 2022

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি গোলাঘাট গ্ৰামসভা সম্পন্ন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫১
আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি গোলাঘাট  গ্ৰামসভা সম্পন্ন
গোলাঘাট,৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি গোলাঘাটত সমাজ কল্যাণ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যৌথ উদ্যোগত জিলাখনৰ উত্তৰ গোলাঘাট, কেন্দ্ৰীয় গোলাঘাট ,গমাৰীগুৰি, মৰঙি দক্ষিণ গোলাঘাট, কাকডোঙা ,পূব গোলাঘাট আৰু পশ্চিম গোলাঘাট  সংহত উন্নয়ন প্ৰকল্পত বিশেষ গ্ৰামসভা অনুষ্ঠিত হৈ যায় । 'এক সুস্থিৰ ভৱিষ্যতৰ বাবে আজিয়েই লিংগ সমানতা নিশ্চিতকৰণ ' বিষয়বস্তু হিচাপে লোৱা আজিৰ অনুষ্ঠানত সকলো ক্ষেত্ৰতে নাৰীক সমমৰ্যদা , সুযোগ সুবিধা তথা উপযুক্ত সন্মান প্ৰদানৰ ওপৰত আলোকপাত কৰা হয়। জিলা সমাজ কল্যাণ বিভাগ ভাৰপ্ৰাপ্ত বিষয়া গৌৰী প্ৰিয়া দেউৰীৰ নিৰীক্ষণত সংহত  উন্নয়ন প্ৰকল্পৰ শিশু উন্নয়ন বিষয়াসকল আৰু পঞ্চায়ত কাৰ্যালয় সমূহৰ সহযোগিতাত এই দিৱস সফলতাৰে অনুষ্ঠিত হয়। সভাকেইখনত উপস্হিত সকলোৱে নাৰী আৰু শিশুৰ বিভিন্ন দিশৰ  ওপৰত প্ৰতিজ্ঞাবদ্ধ হোৱাৰ সংকল্প গ্ৰহণ কৰে।এই কাৰ্যসূচী সমূহত সংশ্লিষ্ট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে সমাজৰ কল্যাণ বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী , পঞ্চায়তৰ সভাপতিসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্হিত থাকে।

গোলাঘাটৰ পৰা মাধৱ গগৈ
NORTHEAST NEWS INDIA

Monday, 7 March 2022

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 08/03/2022

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 08/03/2022

Notifications

Notifications

০৭ মাৰ্চ ২০২২: অসম চৰকাৰৰ আজি অনুষ্ঠিত কেবিনেট বৈঠকত আইনী সংস্থাৰ সবলীকৰণ, ভূমি কিস্তিৰ হাৰ সংশোধন, সুচল ব্যৱসায় নীতি, শ্ৰমিকৰ সুৰক্ষা নিশ্চিতকৰণ, অপ্ৰচলিত আইন বাতিলকৰণ আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Assam COVID-19🦠😷 Details 07/03/2022.

Assam COVID-19🦠😷 Details
 07/03/2022.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...