Sunday, 20 February 2022
*গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ**গোলাঘাটত ৩২ গৰাকী আৰু দেৰগাঁৱত ২৯ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫০
*গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ*
*গোলাঘাটত ৩২ গৰাকী আৰু দেৰগাঁৱত ২৯ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা*
গোলাঘাট, ২০ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে আজি চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে । সেই অনুসৰি গোলাঘাট পৌৰসভাৰ অধীনৰ ১৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে মুঠ ৩২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । গোলাঘাট পৌৰসভাৰ ৮ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ হোৱাত ৱাৰ্ডটোৰ বিজেপি প্ৰাৰ্থী অজয় ভৰালীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । আজি প্ৰকাশিত চূড়ান্ত তালিকা অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছৰ চিমা গগৈ শৰ্মা, বিজেপিৰ নৱনীতা বৰা আৰু আপৰ জোনমনি হাজৰিকা, ২ নং ৱাৰ্ডত কংগ্ৰেছৰ জেনিফা বেগম আৰু অগপৰ হালিমা ছিদ্দিকা, ৩ নং ৱাৰ্ডত কংগ্ৰেছৰ মামণি ৰয়, অগপৰ টিলোত্তোমা শইকীয়া, আপৰ প্ৰিয়ংকা বৰা আৰু নিৰ্দলীয় কাবেৰী শইকীয়া হুছেইন আৰু ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ আলী আকবৰ, অগপৰ সতীশ চন্দ্ৰ বৰ্মন, আপৰ গোপাল ৰবি দাস, এ জে পিৰ তচলিমা বেগম আৰু নিৰ্দলীয় বিকাশ হৰিজনে প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে ৫ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনীতা বৈশ্য সিকদাৰ আৰু বিজেপিৰ কৃষ্ণা ধৰ গুপ্তা, ৬ নং ৱাৰ্ডত কংগ্ৰেছৰ সুৰজিত গোহাঁই(জিকু), বিজেপিৰ প্ৰনয়জ্যোতি চলিহা(ৰণ) আৰু আপৰ সুৰেশ গুপ্তা, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়ন্ত গগৈ আৰু বিজেপিৰ কৃষ্ণা কুমাৰ গুপ্তা, ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰশান্ত শইকীয়া, বিজেপিৰ সীমান্ত বৰা আৰু আপৰ বিশ্বদীপ দাস, ১০ নং ৱাৰ্ডত বিজেপিৰ ৰবীন বৰুৱা আৰু এ জে পিৰ জিতেন কাকতি , ১১ নং ৱাৰ্ডত কংগ্ৰেছৰ দুলাল চন্দ্ৰ বৰা আৰু বিজেপিৰ দুলুমনি বৰবৰা, ১২ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰিতুমনি বৰা(পপি) আৰু বিজেপিৰ অৰ্চনা বৰা শইকীয়া আৰু ১৩ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰুমি দত্ত পাল আৰু বিজেপিৰ ৰশ্মি দাসে প্ৰতিদ্বন্দ্বিতা কৰিব ।
উল্লেখযোগ্য যে পৌৰসভাখনৰ ১৩ টা ৱাৰ্ডৰ বাবে মুঠ ৩৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ৮ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী ৰীছামণি গগৈ সিংহ আৰু ১০ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ নবীন কাকতিৰ মনোনয়ন পত্ৰ নাকচ হয় আৰু ১০ নং ৱাৰ্ডত আপৰ জুৰি সন্দিকৈয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ।
ইফালে দেৰগাঁও পৌৰসভাৰ মনোনয়ন দাখিল কৰা মুঠ ২৯ গৰাকী প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা কৰাটো চূড়ান্ত হৈছে । আজি প্ৰকাশ পোৱা তালিকা অনুসৰি পৌৰসভাখনৰ ১ নং ৱাৰ্ডত কংগ্ৰেছৰ বিমল বৰবৰুৱা, বিজেপিৰ স্নেহলতা নাথ আৰু নিৰ্দলীয় সুৰুজ বৰঠাকুৰ, ২ নং ৱাৰ্ডত বিজেপিৰ উজ্জল কুমাৰ কাশ্যপ, কংগ্ৰেছৰ হুছেইন আলী আৰু নিৰ্দলীয় দিব্যজ্যোতি বৰা(বাবা) আৰু বীৰেন দাস, ৩ নং ৱাৰ্ডত বিজেপিৰ মিতালী ফুকন বৰুৱা, কংগ্ৰেছৰ লখিমী নেওগ আৰু নিৰ্দলীয় গায়ত্ৰী দত্ত বৰুৱা আৰু ভাৰতী বৰঠাকুৰ, ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়কৃষ্ণ বৰুৱা আৰু বিজেপিৰ শুভাঙ্কৰ ঘোষ, ৫ নং ৱাৰ্ডত বিজেপিৰ মধুমিতা বৰা আৰু কংগ্ৰেছৰ ৰিতামনি পাত্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব । ৬ নং ৱাৰ্ডত বিজেপিৰ নিশা লিম্বু আৰু কংগ্ৰেছৰ বন্দনা চেতিয়া, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰহেলিকা শৰ্মা, অগপৰ মনালিছা শৰ্মা আৰু নিৰ্দলীয় অপৰাজিতা দাস আৰু দীপা সোমানি, ৮ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনোদ দাস, অগপৰ দীপাঞ্জন হাজৰিকা আৰু নিৰ্দলীয় অন্তৰা দাস (টুমনি), ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ চামিম চুলতানা উল্লা, বিজেপিৰ ৰূপাঞ্জলী বৰা আৰু নিৰ্দলীয় অনিস্মীতা খাউণ্ড বৰুৱা, ১০ নং ৱাৰ্ডত কংগ্ৰেছৰ শীতল সোমানি আৰু অগপৰ বুবুল চন্দ্ৰ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।
দুয়োখন পৌৰসভাৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Saturday, 19 February 2022
আমি মানৱ জাতি কোন দিশে আগবাঢ়িছো।
আমি মানৱ জাতি কোন দিশে আগবাঢ়িছো।
আমি কাক লৈ অংহকাৰ কৰিছো।
আমি ভাবো আমাক লৈ সকলো,
আচলতে সকলোকে লৈ পেলাইহে আমি মানৱ জাতি।
আমি মানৱ জাতি ইমানে নিষ্ঠুৰ হৈ গৈ আছো ।
আমি পাহৰি পেলাইছো , সকলো জীৱৰ যে এই পৃথিবীত সমান অধিকাৰ আছে।
আমাৰ মানৱ জাতিৰ ভুক বা পিয়াহ লাগিলে যিটো অনুভব হয়, সেই একে অনুভব আন সকলোৰ জীৱৰ হয়।
আমি সকলো জীৱক সন্মান কৰা উচিত, যেনেকৈ আমি মানৱ জাতি ইজনে সিজনক সন্মান কৰো।
আমাৰ যেতিয়া দুৰ্ঘটনা হয়, আমি দুখ পালে যিটো বেদনা পাওঁ। সেই দুখ বেদনা আন সকলো জীৱই পায়।
সকলো মানৱ জাতিলৈ এটা বিশেষ আহ্বান।
আপোনালোকে যেতিয়া গাড়ী, বাহন, বা বাইক বা অন যি কোনো ইন্জিন যুক্ত গাড়ী চলাই , এটা হিচাবত চলাওঁক যাতে কোনো জীৱ জন্তুৰ অসুবিধা নহয় বা তেওঁলোকৰ কোনো দুৰ্ঘটনাৰ বলি হব লগীয়া নহয় যাতে।
আপোনালোকক ঘৰৰ বা পৰিয়ালৰ লোকে চিকিৎসা কৰিব।
কিন্তু সেই জীৱ জন্তুৰ সকলৰ চিকিৎসা কোনে কৰিৱ সেই অজান জীৱৰ।
সেই জীৱ বোৰৰ বহুত কষ্ট হয়।
আহক আমি সকলোয়ে আমাৰ লগতে সকলো জীৱৰ কথা চিন্তা কৰো।
সেৱাৰে
মাধৱ গগৈ
অসম।
*গোলাঘাটত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন**বাৰিষাৰ বতৰত জিলাখনৰ সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত আলোচনা*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৯
*গোলাঘাটত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন*
গোলাঘাট, ১৯ ফেব্ৰুৱাৰীঃ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাৰিষাৰ বতৰত জিলাখনৰ সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু শিল-বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে ক্ষতিপূৰণ দিয়া সন্দৰ্ভত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেইবাটাও প্ৰস্তাৱ আলোচনা তথা গৃহীত কৰা হয় । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে সভাত জিলাখনত বিগত বৰ্ষৰ বানত হোৱা ক্ষয়-ক্ষতি আৰু সম্ভাব্য বানৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । সভাত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈয়ে বান পৰিস্থিতিৰ সময়ছোৱাত যাতে জনসাধাৰণ আৰু বিভিন্ন বিভাগে সময়মতে তথ্যসমূহ লাভ কৰে তাৰ বাবে প্ৰতিটো বিভাগে সমন্বয়েৰে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । তেওঁ ৰাজহ চক্ৰ পৰ্যায়ৰ গোটসমূহ গঠন কৰাৰ সময়ত প্ৰতিটো বিভাগৰ প্ৰতিনিধিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈয়ো নিৰ্দেশ দিয়ে । তেওঁ কয় যে বিভাগসমূহে সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা আগতিয়াকৈয়ে যুগুত কৰিব লাগিব । তেওঁ বানপানীৰ সময়ত যাতে বিদ্যুৎস্পৃষ্ট হৈ কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে এতিয়াই ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাই বিভিন্ন ঠাইত মেৰামতিৰ প্ৰয়োজন থকা বৈদ্যুতিক সা-সঁজুলি আৰু তাঁৰসমূহৰ সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে টাইম কাৰ্ড ব্যৱস্থা সঠিকভাৱে ৰূপায়ন কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বান শিবিৰসমূহত ভাৰপ্ৰাপ্ত বিষয়া আৰু প্ৰতিটো শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ বাবে পঞ্জীয়ন বহী ৰখাৰ বাবেও পৰামৰ্শ আগবঢ়ায় । সভাত চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Friday, 18 February 2022
*গোলাঘাটৰ ১৩টা ৱাৰ্ডৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ, দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৮
*গোলাঘাটৰ ১৩টা ৱাৰ্ডৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ, দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ*
গোলাঘাট, ১৮ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট পৌৰসভাৰ অধীনৰ ১৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ সম্পূৰ্ণ হয় । উল্লেখযোগ্য যে গোলাঘাট পৌৰসভাৰ ১৩টা ৱাৰ্ডৰ ভিতৰত কালি ১১টা ৱাৰ্ডৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ বিপৰীতে ৮ আৰু ১০ নং ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষাৰ সময় আজি পৰ্যন্ত বৃদ্ধি কৰা হৈছিল । গোলাঘাট পৌৰসভাৰ অধীনৰ আজি পৰীক্ষা কৰা ৮ আৰু ১০ নং ৱাৰ্ডত ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ পোৱাৰ বিপৰীতে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয় । ৮ নং ৱাৰ্ডত বিজেপিৰ অজয় ভৰালী আৰু ১০ নং ৱাৰ্ডত বিজেপিৰ ৰবীন বৰুৱা, এ জে পিৰ জিতেন কাকতি আৰু আপৰ জুৰি সন্দিকৈৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । ৮ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ ৰিছামণি গগৈ সিংহ আৰু ১০ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ নবীন কাকতিৰ মনোনয়ন পত্ৰ নাকচ হয় ।
ইয়াৰ পূৰ্বে কালি ১১টা ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ ভিতৰত আটাইকেইখন অৰ্থাৎ ৩০ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছিল । সেই অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছৰ চিমা গগৈ শৰ্মা, বিজেপিৰ নৱনীতা বৰা আৰু আপৰ জোনমনি হাজৰিকা, ২ নং ৱাৰ্ডত কংগ্ৰেছৰ জেনিফা বেগম আৰু অগপৰ হালিমা ছিদ্দিকা, ৩ নং ৱাৰ্ডত কংগ্ৰেছৰ মামণি ৰয়, অগপৰ টিলোত্তোমা শইকীয়া, আপৰ প্ৰিয়ংকা বৰা আৰু নিৰ্দলীয় কাবেৰী শইকীয়া হুছেইন আৰু ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ আলী আকবৰ, অগপৰ সতীশ চন্দ্ৰ বৰ্মন, আপৰ গোপাল ৰবি দাস, এ জে পিৰ তচলিমা বেগম আৰু নিৰ্দলীয় বিকাশ হৰিজনৰ নাম বৈধ পোৱা গৈছে । আনহাতে ৫ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনীতা বৈশ্য সিকদাৰ আৰু বিজেপিৰ কৃষ্ণা ধৰ গুপ্তা, ৬ নং ৱাৰ্ডত কংগ্ৰেছৰ সুৰজিত গোহাঁই, বিজেপিৰ প্ৰনয়জ্যোতি চলিহা আৰু আপৰ সুৰেশ গুপ্তা, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়ন্ত গগৈ আৰু বিজেপিৰ কৃষ্ণা কুমাৰ গুপ্তা, ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰশান্ত শইকীয়া, বিজেপিৰ সীমান্ত বৰা আৰু আপৰ বিশ্বদীপ দাস, ১১ নং ৱাৰ্ডত কংগ্ৰেছৰ দুলাল চন্দ্ৰ বৰা আৰু বিজেপিৰ দুলুমনি বৰবৰা, ১২ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰিতুমনি বৰা আৰু বিজেপিৰ অৰ্চনা বৰা শইকীয়া আৰু ১৩ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰুমি দত্ত পাল আৰু বিজেপিৰ ৰশ্মি দাসৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...