Friday, 7 January 2022

মেট্ৰিক পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিলে ছেবাই।১৫ মাৰ্চৰ পৰা আৰম্ভ হব মেট্ৰিক পৰীক্ষা

মেট্ৰিক পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিলে ছেবাই।

১৫ মাৰ্চৰ পৰা আৰম্ভ হব মেট্ৰিক পৰীক্ষা

Tuesday, 4 January 2022

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৩

*গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা*

গোলাঘাট, ৪ জানুৱাৰী : গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । মন্ত্ৰী দুগৰাকীয়ে জল জীৱন অভিযান, ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক ক'ভিডৰ প্ৰতিষেধক প্ৰদান অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত গৃহ নিৰ্মাণৰ স্থিতি, কৰ, আবকাৰী, পৰিবহন আদি বিভাগৰ ৰাজহ সংগ্ৰহ আদি বিভিন্ন বিষয় পৰ্যালোচনা কৰে । সভাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জলজীৱন অভিযানৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত বুজ লৈ তেওঁ অভিভাৱক মন্ত্ৰী হিচাপে সকলোখিনি সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে । তেওঁ বিশেষভাৱে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক ক'ভিডৰ প্ৰতিষেধক প্ৰদান অভিযান সফল কৰাৰ বাবে নিয়াৰিকৈ পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে । অহা ৯ জানুৱাৰীৰ ভিতৰত প্ৰতিষেধক প্ৰদান অভিযানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰাকৈ দৈনিক ৪০/৫০ খন বিদ্যালয়ত এই অভিযান চলাবলৈ তেওঁ নিৰ্দেশ দিয়ে । 

সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে বিষয়াসকলে মানুহৰ সৈতে এটা সু-সম্পৰ্ক ৰক্ষা কৰক যাতে ৰাইজে কিবা কামৰ বাবে বিচাৰি আহিলে অন্ততঃ এটা নিৰ্দিষ্ট সময়ত তেওঁলোকক লগ ধৰিব পাৰে । তেওঁ কয় যে প্ৰশাসনিক বিষয়াসকলে পেছাদাৰী মানসিকতাৰে কাম কৰিব লাগিব, তেতিয়াহে এখন সৰ্বাংগসুন্দৰ গোলাঘাট গঢ় দিব পৰা যাব । বৰ্তমানৰ চৰকাৰখনে আধৰুৱা আঁচনি চাব নোখোজে বুলিও প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে এইবাৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ১৫,০০০ কোটি টকা ধার্য কৰিছে । চৰকাৰী বিষয়াসকলৰ সদিচ্ছা থাকিলেহে সকলো উন্নয়নমূলক কাম-কাজৰ সফল ৰূপায়ন সম্ভৱ হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । সুশাসনৰ ক্ষেত্ৰত গোলাঘাট জিলাখনে যাতে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিব পাৰে তাৰ বাবে সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায় । 

সভাত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, বোকাখাত আৰু ধনশিৰি মহকুমাৰ মহকুমাধিপতি আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...