জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২২৬
*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ ৫ টা সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল*
গোলাঘাট, ৩১ ডিচেম্বৰ : অহা ২০ জানুৱাৰীত হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনালৈকে মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ইয়াৰে গোলাঘাট মহকুমাৰ ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী হৰপ্ৰভা ঠেঙাল আৰু কংগ্ৰেছৰ বিপিন বৰাই মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিৰ বাবে কংগ্ৰেছৰ জাহ্নৱী শইকীয়া, অসম গণ পৰিষদৰ শিখামনি ঠেঙাল বৰুৱা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰীস্মিতা ঠেঙালে মনোনয়ন পত্ৰ দাখিল কৰে । ১৪ নং চাউদাং পথাৰ সমষ্টিত বিজেপিৰ স্মৃতিৰেখা ঠেঙাল, কংগ্ৰেছ দলৰ ছায়া ঠেঙাল আৰু চি পি আইৰ ভাস্কৰ ঠেঙালে মনোনয়ন পত্ৰ দাখিল কৰে । ইফালে ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্মেশ্বৰ শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী উৎপল ঠেঙালে মনোনয়ন পত্ৰ দাখিল কৰে ।
আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিৰণ্য বৰা, বিজেপিৰ মিনালী হাজৰিকা শইকীয়া আৰু আম আদমী পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ বৰাই মনোনয়ন পত্ৰ দাখিল কৰে ।
কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ৩ জানুৱাৰী । ২০ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ জিলাখনৰ পাঁচোটা সমষ্টিৰ বাবে ভোটগ্ৰহন কৰা হ'ব । কোনো কেন্দ্ৰত প্ৰয়োজন হ'লে ২২ জানুৱাৰীত পুনৰ ভোটগ্ৰহন কৰা হ'ব । ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব ।
ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বাবে মুঠ ৩৮ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ঠেঙাল কমাৰগাঁও সমষ্টিত ১৫টা, কাছমাৰী সমষ্টিত ৮টা, চাউদাং পথাৰ সমষ্টিত ৭টা আৰু চাউদাং পথাৰ দৈয়াং সমষ্টিত ৮টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে ।
আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিৰ বাবে ১১টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে ।
গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৫৮৪ জন । ইয়াৰে ৮১৪জন পুৰুষ আৰু ৭৭০গৰাকী মহিলা ভোটদাতা । ঠেঙাল কমাৰগাঁও সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২২৯জন । ইয়াৰে ১১৬ জন পুৰুষ আৰু ১১৩গৰাকী মহিলা ভোটদাতা । কাছমাৰী সমষ্টিত ২০৮ জন ভোটদাতাৰ ভিতৰত ১১১জন পুৰুষ আৰু ৯৭গৰাকী মহিলা ভোটদাতা । চাউদাং পথাৰ সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১০জন । ইয়াৰে ১৫৪ জন পুৰুষ আৰু ১৫৬ গৰাকী ভোটদাতা মহিলা । চাউদাং পথাৰ দৈয়াং সমষ্টিৰ ৮৩৭ গৰাকী ভোটদাতাৰ ভিতৰত ৪৩৩ জন পুৰুষ আৰু ৪০৪ গৰাকী মহিলা ভোটদাতা ।
আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১৪১জন । ইয়াৰে ১৭২০ জন পুৰুষ আৰু ১৪২১ গৰাকী মহিলা ভোটদাতা ।
উল্লেখযোগ্য যে যোৱা ২৪ ডিচেম্বৰত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ৫ খন জিলাত থকা ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ মুঠ ২২টা সমষ্টিৰ বাবে অধিসূচনা জাৰি কৰিছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA