জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২২৩
*গোলাঘাট পৌৰসভাৰ চাফাইকর্মীসকলৰ অভাৱ-অভিযোগৰ বুজ ল'লে বিত্তমন্ত্ৰী অজন্তা নেওগে*
গোলাঘাট, ২৭ ডিচেম্বৰঃ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত আত্মসহায়ক গোটৰ সদস্য, পৌৰ সভাৰ বিষয়া-কৰ্মচাৰী আৰু চাফাইকর্মীসকলৰ অভাৱ-অভিযোগসমূহৰ বুজ লয় । অনুষ্ঠানত চাফাইকর্মীসকলক ইউনিফৰ্ম বিতৰণ কৰি তেওঁ নিজৰ ভাষণত কয় যে গোলাঘাট নগৰৰ আটাইকেইটা ৱাৰ্ডৰ বাট-পথ আৰু নল-নৰ্দমাৰ উন্নয়নৰ বাবে চৰকাৰে অলপতে ২৫ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে । দেৰগাঁৱৰ পৰা ৰঙাজানলৈকে পথটো উন্নীত কৰাৰ বাবে ২০০ কোটি টকা অনুমোদন দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট নগৰখনৰ প্ৰায় ৪ কিলোমিটাৰ পথ ইয়াৰ অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ লগে লগে নগৰখনে এটা নতুন ৰূপ লাভ কৰিব । কেতবোৰ ঠাইত চাইকেল চলোৱাৰ সুব্যৱস্থা কৰাৰ লগতে প্ৰাতঃভ্রমনৰ সুবিধা কৰি দিয়া হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে নদীকাষৰীয়া অঞ্চল আৰু পার্ক সমূহৰ সৌন্দৰ্যবৰ্ধনো কৰা হ'ব । গোলাঘাট নগৰত এখন খোৱাপানী আচঁনিকে ধৰি যোৱা সপ্তাহটোত বিভিন্ন আঁচনিৰ বাবে চৰকাৰে প্ৰায় ৫৮ কোটি টকাৰ অনুমোদন দিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । তেওঁ কয় যে গোলাঘাট নগৰত থকা শ্মশানখনত মৃতদেহ সৎকাৰৰ বাবে ইলেক্ট্রিক ব্যৱস্থা কৰা হ'ব । পৌৰসভা এখন জিলা বা এটা সমষ্টিৰ দাপোন বুলি উল্লেখ কৰি তেওঁ কয় যে সন্মিলিত প্ৰচেষ্টাতহে আমি গোলাঘাট নগৰখনক সৰ্বাংগসুন্দৰ কৰি ৰাখিব পাৰিম । গোলাঘাট নগৰখনক স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰি তেওঁ কয় যে নগৰখনক পৰিষ্কাৰ কৰি ৰখাটো কেৱল চাফাইকৰ্মীসকলৰ নহয়, প্ৰতিজন নাগৰিকৰ দায়বদ্ধতা । গোলাঘাট পৌৰসভাই স্বচ্ছ সৰ্বেক্ষণত পৰিষ্কাৰ নগৰৰ সন্মান লাভ কৰা বিষয়টোক লৈ পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, আত্মসহায়ক গোটৰ সদস্য আৰু চাফাইকর্মীসকলক তেওঁ উচ্চ প্ৰশংসা কৰে । আজিৰ অনুষ্ঠানত গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ, পৌৰসভাৰ কৰ্মচাৰী, আত্মসহায়ক গোটৰ সদস্য আৰু চাফাইকর্মী তথা কৰ্মীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA