জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২২০
*'গ্ৰামাঞ্চলৰ দিশে প্ৰশাসন'ক মূল বিষয়বস্তু হিচাপে লৈ গোলাঘাটত সু-শাসন সপ্তাহ পালন*
*ইণ্টাৰনেটৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ তথ্য লাভ কৰি সুবিধা আদায় কৰিবলৈ জিলা উপায়ুক্তৰ আহ্বান*
গোলাঘাট, ২৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়টোৰ প্ৰেক্ষাগৃহত ''গ্ৰামাঞ্চলৰ দিশে প্ৰশাসন''ক মূল বিষয়বস্তু হিচাপে লৈ সু-শাসন সপ্তাহ পালন কৰা হয় । এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বৰ্তমানৰ ডিজিটেল যুগৰ সৈতে ফেৰ মাৰিব পৰাকৈ ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ উচিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিতং তথ্য ইণ্টাৰনেটত পোৱা যায় । তেওঁ ইলেক্ট্ৰনিক মাধ্যমসমূহক চৰকাৰী আঁচনিৰ তথ্য সংগ্ৰহ আৰু আঁচনিৰ সুবিধা আদায় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট জিলাৰ ৮৫ শতাংশ লোকে নিজৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিছে যদিও এতিয়াও ১৫ শতাংশ লোক এই বিষয়ত সচেতন হৈ উঠা নাই । তেওঁ ভৱিষ্যত সময়ত আধাৰ ৰেচন কাৰ্ড আৰু অন্যান্য নথিৰ সৈতে সংলগ্ন কৰিব লাগিব বুলি উল্লেখ কৰি সকলোকে নিজৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে গোলাঘাট জিলাৰ ১০০ শতাংশ লোকে ক'ভিডৰ প্ৰথম পালি আৰু ৭২ শতাংশ লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । তেওঁ দ্বিতীয় পালিৰ সময় হোৱা প্ৰতিজন লোককে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক তেওঁ ই-শ্ৰম পৰ্টেলৰ জৰিয়তে শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰিবলৈও আহ্বান জনায় ।
আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মীন, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ উদ্যোগত তথা গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ সহযোগত জিলা পৰ্যায়ৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ অভিযানৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মন-ধন যোজনা(পেঞ্চন আঁচনি) আদিৰ সজাগতা অভিযান চলোৱা হয় । অনুষ্ঠানৰ অংশৰূপে অসংগঠিত খণ্ডৰ শ্ৰমিকসকল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ ই-শ্ৰম পৰ্টেলৰ জৰিয়তে শ্ৰমিক কাৰ্ড যুগুত কৰাৰ বাবেও সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয় । আজিৰ অনুষ্ঠানত বিশেষকৈ এম জি এনৰেগাৰ শ্ৰমিকসকলক অগ্ৰাধিকাৰ দি ই-শ্ৰম আৰু প্ৰধানমন্ত্ৰী শ্ৰম যোগী মন-ধন যোজনাৰ অধীনত নাম পঞ্জীয়ন কৰোৱা হয় । অনুষ্ঠানত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবেও সজাগতা অভিযান চলোৱা হয় ।
আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমণি সন্দিকৈ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, এল ডি এম সজীৱ কুমাৰ বৰা আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে । গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমনিৰ খণ্ড উন্নয়ন বিষয়া ৰামচন্দ্ৰ দেউৰীৰ তত্বাৱধানত আয়োজিত অনুষ্ঠানত ডি ডি এম, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰী, গাঁও পঞ্চায়তৰ সভাপতি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মচাৰীসকল আৰু জীৱিকা সখীসকলে অংশগ্ৰহণ কৰে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA