Tuesday, 7 December 2021

*গোলাঘাটত অসম দক্ষতা বিকাশ অভিযানৰ কৰ্মশালা**আগ্ৰহ অনুসৰি দক্ষতা আয়ত্ত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৮

*গোলাঘাটত অসম দক্ষতা বিকাশ অভিযানৰ কৰ্মশালা*

*আগ্ৰহ অনুসৰি দক্ষতা আয়ত্ত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ*

গোলাঘাট, ৭ ডিচেম্বৰঃ অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনৰ অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত জীৱিকাৰ প্ৰসাৰৰ উদ্দেশ্যে আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 'সংকল্প' শীৰ্ষক এখনি জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয় । গোলাঘাট জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে কেইবাগৰাকীও সমল ব্যক্তি আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে দক্ষতা বিকাশৰ সৈতে জড়িত বিভিন্ন দিশ তথা চৰকাৰী আঁচনি সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত অংশ লৈ উপায়ুক্তগৰাকীয়ে কয় যে প্ৰতিযোগিতাৰ এই পৃথিৱীত দক্ষতা বিকাশ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে । মহাত্মা গান্ধীৰ উদ্ধৃতি দি তেওঁ কয় যে গান্ধীজীয়ে অসম ভ্ৰমণৰ সময়ত কৈছিল 'অসমৰ শিপিনীয়ে তাঁতৰ শালত সপোন ৰচে' । আচলতে দক্ষতাৰ বিকাশে সমাজ এখনৰ সামগ্ৰিক উন্নয়ন তথা অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰে বুলি তেওঁ উল্লেখ কৰে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আগ্ৰহ অনুসৰি দক্ষতা আয়ত্ত কৰাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত বিভিন্ন বিষয় লৈ দক্ষতা বিকাশৰ এবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈও আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে চাকৰিমুখী মানসিকতা এৰি দক্ষতা বিকাশত গুৰুত্ব দিবলৈ আহ্বান জনায় । আনহাতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে দক্ষতা বিকাশৰ মাধ্যমেৰে নিজৰ পাৰদৰ্শিতাৰে কৰ্মসংস্থাপনৰ বাট উলিওৱাৰ লগতে সমাজ পৰিৱৰ্তনৰ কাৰক হ'বলৈ সকলোৰে প্ৰতি আহ্বান জনায় । অনুষ্ঠানত অসম দক্ষতা বিকাশ অভিযানৰ সহকাৰী ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক মহম্মদ পিংকু চৌধুৰীয়ে দক্ষতা বিকাশৰদ্বাৰা কিদৰে স্বাৱলম্বী হ'ব পাৰি এই বিষয়ে ছাত্ৰ-ছাত্রীসকলৰ সৈতে মত বিনিময় কৰে । 

অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক উমেশ কুমাৰ, গোলাঘাটৰ সহকাৰী শ্ৰম আয়ুক্ত তিলোত্তমা দেউৰী, জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী প্ৰৱন্ধক পুতুল শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া তথা এপাৰ্টৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱা, নিয়োগ বিষয়া দেৱলতা দাস, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ বিষয়া চৈয়দ ইমতাজ দেৱান, অসম দক্ষতা বিকাশ অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক প্ৰিয়ংকা কৌশিক আৰু এম জি এন পিৰ সুকন্যা দেৱীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটৰ থুৰামুখৰ দুজন সাতুৰ বিদ দুয়োজনে সাতোৰ প্ৰতিযোগিতাত ভাগলৈ বহুতো মেডেল আৰু প্ৰমাণপত্ৰ লাভ কৰিছিল কিন্ত এতিয়া শিশুৰ খেলৰ সামগ্ৰী হৈ পৰিল মেডেলবোৰ ৷ প্ৰমাণপত্ৰ সমূহও ফাইলত সাচি মাজেমাজে অতিতক স্মৰণ কৰে দুই যুৱকে ৷

 গোলাঘাটৰ থুৰামুখৰ দুজন সাতুৰ বিদ দুয়োজনে সাতোৰ প্ৰতিযোগিতাত ভাগলৈ বহুতো মেডেল আৰু প্ৰমাণপত্ৰ লাভ কৰিছিল কিন্ত এতিয়া শিশুৰ খেলৰ সামগ্ৰী হৈ পৰিল মেডেলবোৰ ৷ প্ৰমাণপত্ৰ সমূহও ফাইলত সাচি মাজেমাজে অতিতক স্মৰণ কৰে দুই যুৱকে ৷



এই দৃশ্যলৈ চাওক ভূল নকৰিব এইয়া শিশুটোৰ খেলাৰ সামগ্ৰী নহয় ৷ এই সমূহ এসময়ত বহু কষ্টে আৰ্জন কৰা সন্মাহে ৷ সাবিত্ৰী বৰাৰ দুইপুত্ৰ কিশোৰ কুমাৰ বৰা আৰু বিপ্লৱ বৰাই সৰুৰেপৰা ঘৰৰ কাষৰ বিল আৰু পুখুৰিত সাতুঁৰি ৷গোলাঘাটৰ ষ্টেডিয়ামতো প্ৰশিক্ষণ লৈছিল৷ মাক সাবিত্ৰীয়ে শিশু অৱস্থাতে দুই পুত্ৰ কিশোৰ আৰু বিপ্লৱক ঘৰৰপৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ গোলাঘাট চহৰলৈ খোজকঢ়াই নি সাতুৰৰ প্ৰশিক্ষণ দিয়াইছিল জিলা পয্যায়ত খেলি দুয়ো সুনাম আৰ্জন কৰিছিল ৷ কিশোৰে এবাৰ ৰাজ্যিক পয্যায়তো খেলিছিল ৷ কিন্তু দুয়ো ককাই -ভায়ে চৰকাৰৰ পৰা কোনো সা সুবিধা নেপালে ৷ বিপ্লৱে মাক সাবিত্ৰীৰ সহযোগত  খেতিত মন দিলে ৷ কৃষি বিভাগৰ সহায়ৰ অবিহনে তেওঁ জিকা: ডাংবদি ;কেৰেলা; নেমু; ভোটজলকীয়া আদিখেতি কৰে যদিও উচিত বজাৰ মূল্য নেপায় ৷ বৰপুতেক কিশোৰে ঠিকাদাৰৰ অধীনত কাম কৰে ৷ সামান্য মাটিত ধানখেটিও কৰে  যদিও এসময়ত সাতুৰি নাদুৰি সুনা অৰ্জন কৰা এই পৰিয়াটো আৰ্থিক অনাতনৰ সন্মুখিন হৈছে ৷ তেওলোকৰ সমস্যা নিৰাময়ৰ বাবে মাক সাবিত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক আবেদন জনাইছে ৷ :::


 প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

Monday, 6 December 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে ৰেলী, কৰ্মশালা সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৭

*গোলাঘাটত মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে ৰেলী, কৰ্মশালা সম্পন্ন*
গোলাঘাট, ৬ ডিচেম্বৰঃ মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ঐক্যবদ্ধ হোৱাৰ আহ্বানেৰে ৰাষ্ট্রসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে অসম চৰকাৰৰ সমাজ কল্যান সঞ্চালকালয়ে ১৬ দিনীয়া এটা কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা সমাজ কল্যান বিভাগৰ উদ্যোগতো মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী উলিওৱা হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰে । তেওঁ ঘৰুৱা হিংসা আৰু কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে যৌন আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সকলোকে সজাগ হ'বলৈ আহ্বান জনায় । এনে ঘটনা দৃষ্টিগোচৰ হ'লে কোনো কাৰণতে গোপনে নাৰাখি আইনৰ সহায় ল'বলৈ তেওঁ আহ্বান জনায় । ৰেলীত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত পাপু গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া, আৰক্ষী, অংগনৱাড়ী কৰ্মী, ব্লক পৰ্যায়ৰ মহিলা কৰ্মী, জীৱিকা সখী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে । ইয়াৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰ, মহিলা শক্তি কেন্দ্ৰৰ সহযোগত মহিলাৰ বিৰুদ্ধে হোৱা হিংসা প্ৰতিৰোধ আৰু ইয়াৰ সমাধানৰ দিশত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখনি কৰ্মশালা অনুষ্ঠিত হয় ।  জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, জিলা প্ৰশাসনৰ বিষয়ববীয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, চিকিৎসক, সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী, আৰক্ষী, অংগনৱাড়ী কৰ্মী, ব্লক পৰ্যায়ৰ মহিলা কৰ্মী, জীৱিকা সখী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে । কৰ্মশালাত জুপি শইকীয়া, মঞ্জুলিকা গগৈ আৰু সুজাতা সন্দিকৈয়ে ঘৰুৱা হিংসা আৰু কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে যৌন আতিশয্য সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেন্টেছনৰ সহায়ত বৰ্ণনা কৰে । অনুষ্ঠানত আৰক্ষী বিষয়া তৃপ্তি গগৈ আৰু সমাজকৰ্মী অনুৰেখা বকলিৱালেও ভাষণ দিয়ে । জিলা সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত শ্ৰদ্ধাৰ গৃহৰ মনালিছা বৰাই গীত পৰিৱেশন কৰে আৰু শুভ্ৰজ্যোতি বৰাৰ পৰিচালনাত 'সপোনৰ ৰং বিচাৰি' শীৰ্ষক এখন নাট পৰিৱেশন কৰা হয় । নৰ্থ ইষ্ট নেটৱৰ্কৰ গ্ৰামীণ বিকাশ কেন্দ্ৰ, দৈগ্ৰোঙৰ শিল্পীসকলে নাটখনত অভিনয় কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাট জিলা সমাজ কল্যান বিভাগৰ উদ্যোগতো মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী*

*গোলাঘাট জিলা সমাজ কল্যান বিভাগৰ উদ্যোগতো মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী*

গোলাঘাট, ৬ ডিচেম্বৰঃ  মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ঐক্যবদ্ধ হোৱাৰ আহ্বানেৰে ৰাষ্ট্রসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে অসম চৰকাৰৰ সমাজ কল্যান সঞ্চালকালয়ে ১৬ দিনীয়া এটা কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা সমাজ কল্যান বিভাগৰ উদ্যোগতো মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী উলিওৱা হয় । জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এই ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰে । ৰেলীত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া শ্ৰীযুতা গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত শ্ৰী পাপু গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া, আৰক্ষী, অংগনৱাড়ী কৰ্মী, ব্লক পৰ্যায়ৰ মহিলা কৰ্মী, জীৱিকা সখী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে ।

*মাধৱ গগৈ গোলাঘাট* *NORTHEAST NEWS INDIA*

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...