Thursday, 11 November 2021

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৬

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

গোলাঘাট, ১১ নৱেম্বৰঃ গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ২০২২ চনৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে অহা ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান চলোৱাৰ দিহা কৰা হৈছে । সেই অনুসৰি ১৩ নৱেম্বৰত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত থকা নিৰ্বাচন শাখাত অথবা সংশ্লিষ্ট ভোটগ্ৰহন কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈকে নতুন ভোটাৰসকলে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব । ভোটগ্ৰহন কেন্দ্ৰসমূহত বি এল অ'সকল উপস্থিত থাকিব । আনহাতে ১৪ নৱেম্বৰত গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা আম্বেদকাৰ ভৱনৰ চৌহদত বিশেষ নাম পঞ্জীয়ন শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰত এখন আন্তঃ মহাবিদ্যালয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্রীসকলে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Notifications

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Tuesday, 9 November 2021

অবৈধ চুলাইমদৰ ফেক্টৰী হিচাপে চিহ্নিত হৈছিল এখন গাওঁ ৷ এতিয়া গাওখনত বিৰাজ কৰিছে অন্য এক পৰিবেশ ৷

 অবৈধ চুলাইমদৰ ফেক্টৰী হিচাপে চিহ্নিত হৈছিল এখন গাওঁ ৷ এতিয়া গাওখনত বিৰাজ কৰিছে অন্য এক পৰিবেশ ৷ 



গোলাঘাটৰ চেলেঙী গাৱঁত এসময়ত প্ৰায়বোৰ লোকৰ ঘৰত গঢ়ি উঠিছিল অবৈধ চুলাই মদৰ ফেক্টৰী ৷ এই চুলাইৰ বাবেই বহুতৰ পৰিয়াল ধৱংস হোৱাৰ সামান্তৰালভাবে নৱপ্ৰজন্মৰ মাজতো চুলাই সেৱন কৰা অভ্যাস গঢ়ি উঠিছিল  ৷২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত শালমৰাত বিষাক্ত চুলাই সেৱন কৰি বহু পুৰুষ মহিলাৰ অকাল মৃত্যু হৈছিল ৷ বহুকেইটা শিশু অনাথ হোৱাৰ লগতে বহু মহিলাই বিধবা সাজ পিন্ধিছিল ৷ সেই সময়ত শিৰোনামা দখল কৰিছিল চেলেঙী গাওখনে ৷ গাওখনক জনচক্ষুৰ সন্মুখত নতুনকৈ প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চাৰে আগবাঢ়ি আহিল এজন যুৱক   বিজিত ফুকন ৷ তেওঁ ১৩ বছৰ ধৰি নগালেণ্ডত শিক্ষকতা কৰি থকা সময়ত নগালোকৰ সাংস্কৃতিক - সামাজিক পৰিবেশ দেখি অভিভূত হৈছিল আৰু চুলায়ে ধৱংসকৰা নিজ আপোন গাওঁত এনে পৰিবেশ ৰচনাৰ বাবে গাঁৱলৈ আহি সমাজকৰ্মী উমাকান্ত গগৈৰ সৈতে আলোচনা কৰিলে ৷ তেও আৰু কেইজনমান সমাজকৰ্মীৰ সহযোগত গাঁৱৰ ৰাইজক একগোট কৰি চেলেঙী নামঘৰৰ গইনালৈ সিদ্ধান্ত ললে যে চেলেঙী গাঁবত কোনোৱে চুলাই তৈয়াৰ কৰিব নোৱাৰিব ৷ বৰং নৱপ্ৰজন্মক নিতীশিক্ষা ;ধৰ্মজ্ঞান ; আৰু সাংস্কৃতিক শিক্ষাৰে শিক্ষিত কৰাৰ প্ৰচেষ্টা আৰম্ভ হ’ল ৷ প্ৰতিদিনে চেলেঙী নামঘৰত আৰম্ভ কৰিলে শংকৰী কলাকৃষ্টী নৃত্যগীতৰ অনুশীলন ৷ ৮নৱেম্বৰ বুধবাৰৰ দিনটোত উমাকান্ত গগৈৰ এই প্ৰচেষ্টাৰ এবছৰ হ’ল সেয়েহে চেলেঙী গাৱঁৰ নামঘৰত বিয়লিৰ পৰা অনুষ্ঠিত হ’ল শঙ্কৰী কলাকৃষ্টীৰ প্ৰদৰ্শনৰ লগতে গীত -নৃত্য ; নাটক আদিৰ অনুষঠান ৷ গাওখনৰ ৰাইজৰ লগতে কণ কণ শিশু সকলে সলাই পেলালে এসময়ৰ চুলাই গাওবুলি ৰাইজে ইতিকিং কৰা গাওখনৰ পৰিবেশ ৷ এতিয়া গাওখনৰ এঘৰতোনাই চুলাইৰ ফেক্টৰী ; বাটে ঘাটেও দেখাপোৱা নেযায় ধলং পলংকৈ খোজকাঢ়িঅহা মদাহী ৷ সন্ধিয়া হলে নামঘৰৰ পৰা বহু দূৰলৈ শুনাযায় ডবা 

 মৃদং খোল  তাল ;শংখ ; বাহীঁৰ সুৰ ৷ এক সাংস্কৃতিক পৰিবেশেৰে নৱৰূপ পাইছে গাওখনে ৷ :: 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

*বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত সজাগতা অনুষ্ঠান সম্পন্ন**দিব্যাংগসকলৰ প্ৰতি সংবেদনশীল হৈ দায়বদ্ধতাৰ পৰিচয় দিয়ক : বিশেষভাৱে সক্ষম লোকৰ আয়ুক্ত দেৱেশ্বৰ বৰা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৫

*বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত সজাগতা অনুষ্ঠান সম্পন্ন*

*দিব্যাংগসকলৰ প্ৰতি সংবেদনশীল হৈ দায়বদ্ধতাৰ পৰিচয় দিয়ক : বিশেষভাৱে সক্ষম লোকৰ আয়ুক্ত দেৱেশ্বৰ বৰা*
গোলাঘাট, ৯ নৱেম্বৰঃ বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত প্ৰশাসনিক বিষয়া আৰু বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী তথা কৰ্মচাৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এটা সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় । জিলা প্ৰশাসনৰ সৌজন্যত আৰু প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ, যোৰহাটৰ সহযোগত, বিশেষভাৱে সক্ষম লোকৰ আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত সভাত দিব্যাংগসকলৰ অধিকাৰ আইন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । অনুষ্ঠানত বিশেষভাৱে সক্ষম লোকৰ আয়ুক্ত দেৱেশ্বৰ বৰাই দিব্যাংগ লোকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ ২১ টা শ্ৰেণী সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । তেওঁ দিব্যাংগ লোকসকল যাতে তেওঁলোকৰ অধিকাৰসমূহৰ পৰা বঞ্চিত নহয় তাৰ বাবে প্ৰতিটো বিভাগক সজাগ হৈ কাম কৰিবলৈ আহ্বান জনায় । প্ৰসংগক্ৰমে তেওঁ যিকোনো চৰকাৰী চাকৰিত দিব্যাংগৰ বাবে ৪ শতাংশ সংৰক্ষণ, তেওঁলোকৰ সৰ্বাত্মক শিক্ষা, উচ্চশিক্ষাৰ ক্ষেত্ৰত ৫ শতাংশ সংৰক্ষণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টনৰ ক্ষেত্ৰত ৫ শতাংশ সংৰক্ষণ, ছয়ৰ পৰা ১৮ বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ বিনামূলীয়া শিক্ষা সুনিশ্চিত কৰা আদি বিষয়সমূহৰ ওপৰত আলোকপাত কৰে । তেওঁ দিব্যাংগ লোকসকলক লৈ সংবেদনশীল হ'বলৈ সকলোকে আহ্বান জনাই কয় যে যিকোনো ৰাজহুৱা স্থান বা কাৰ্যালয়ত যাতে বিশেষভাৱে সক্ষম লোকসকলে চলা-ফুৰা কৰিব পৰাকৈ সকলো সা-সুবিধা থাকে আৰু তেওঁলোকে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিজন বিষয়া-কৰ্মচাৰী দায়বদ্ধ হ'ব লাগিব । কাৰ্যালয়সমূহত ৰেম্প বা লিফ্টৰ ব্যৱস্থা কৰা, শিক্ষানুষ্ঠানসমূহতো সকলো সা-সুবিধাৰ ব্যৱস্থা কৰা, ৰেলৱে ষ্টেচন, বাছ আস্থান, ৰাজপথ আদিত তেওঁলোকৰ বাবে ভ্ৰমণৰ অনুকূল ব্যৱস্থা সুনিশ্চিত কৰা আদি বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে । দিব্যাংগ লোকসকলে যাতে চৰকাৰৰ সকলো সা-সুবিধা লাভ কৰে তাৰ বাবে বিশেষভাৱে সক্ষম লোকৰ একক পৰিচয় পত্ৰ চমুকৈ ইউ ডি আই ডি কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ তেওঁ দিব্যাংগসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ দিব্যাংগ লোকসকলক অৱহেলা কৰিলে বা তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিলে আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হয় বুলিও উল্লেখ কৰে । তেওঁ প্ৰতিটো বিভাগকে এই দিশত সজাগ হৈ  কাম কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...