Tuesday, 9 November 2021
গোলাঘাটৰ ধনশিৰি নদীত অবৈধ বালি খনন : নীৰব প্ৰশাসন ৷
গোলাঘাটৰ ধনশিৰি নদীত অবৈধ বালি খনন : নীৰব প্ৰশাসন ৷
গোলাঘাট : ৮ নৱেম্বৰ
গোলাঘাটৰ ধনশিৰি নদীৰ পাৰত বালি মাফিয়াই অবৈধভাবে দিনে নিশাই বালিমাটি খান্দি চহৰৰ মাজমজিয়াৰ ৰাজপথেৰে কঢ়িয়াই বেপাৰ কৰি আহিছে ৷ ধনশিৰি নদীৰ কাঠকটিয়া ; পুৰণা দলং আৰু বাইপাচত থকা নতুন দলংৰ দিশত দিনে ৰাতিয়ে এছকেভেটৰেৰে মাটি খান্দি বৃহৎ পুখুৰী সৃষ্টি কৰি ডাম্পাৰ ; টেক্টৰ ব’লেৰ’ আদিগাড়ীৰে মাটি সৰবৰাহ কৰি আহিছে ৷ বিশেষকৈ কাঠকটিয়া এলেকাত মুকলিকৈ ডাম্পাৰত বালিমাটি কঢ়িয়াই নিওতে ধুলিৰ ধুমুহা হোৱাত সমগ্ৰ এলেকাটো প্ৰদূষণ হোৱাৰ লগতে স্হানীয় লোকে কাপোৰ ৰ’ডত দিয়া বা খাদ্যদ্ৰব্য বাহিৰলৈ উলিয়াব নোৱাৰা হৈছে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই “ শিল বালি ফৰেষ্টৰে ধৰাৰ আৱশ্যক নাই” বুলি মন্তব্য কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত গোলাঘাটৰ শিল বালি আৰু অবৈধ মাটি খনন কৰা চোৰবোৰ উৎসাহিত হৈ বেপেৰোৱাভাবে এনে চুৰিকায্য চলাই আহিছে ৷ ইতিপূৰ্ব্বে বনবিভাগে এজন লেচিক ধনশিৰিনদীৰ পাৰৰ এক এলেকা নিবিদাযোগে দিছিল যদিও লেচীয়ে চৰকাৰি টেক্স পৰিশোধ নকৰাৰ বাবে এতিয়া গোলাঘাট এটাও মাটিৰ বৈধ্য মহল নাই ৷ ইয়াৰ সুযোগ লৈ বহু লোকে চৰকাৰি ৰাজহ নিদিয়াকৈ এনেদৰে ইচ্ছামতে মাটি খনন কৰি আহিছে ৷ ধনশিৰিনদীৰ পাৰৰ এলেকা সমূহত পোৱালী সহ বণ্যহস্তী জাকে বিচৰণ কৰি আহিছে ৷ বালি মাটি চোৰে এছকেভেটৰৰ সহায়ত সৃষ্টিকৰা বৃহৎ গাতঁৰ বাবেই হাতী আৰু আন বণ্যজন্তুৰ জীৱনলৈ ভাবুকি আহিছে ৷ ধনশিৰি নদীৰ পুৰণা দলংৰ সমীপত এনে মৰণ ফান্দৰূপী গাততঁ পৰি কেইবাজনো লোকৰ মৃত্যুহোৱাৰ উদাহৰণ আছে ৷ নদীখনৰ পাৰৰ মাটি খননৰ বিষয়টো বনবিষয়াসকলও জ্ঞাত যদিও বনবিষয়াই এই বিষয়ত উপায়ুক্তইহে ব্যৱস্থা লবপাৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইফালে কিছূদিনৰ পূৰ্বে জিলা উপায়ুক্তৰ সভাকক্ষ অনুষ্ঠিত এখন সভাত জিলাখনৰ পৰা অবৈধ কামকাজ সমূহ নিৰ্মূলৰ বাবে সাংবাদিকৰ সহযোগিতা বিচাৰিছি ৷ আৰু পৰিচয় গোপনৰ প্ৰতিশ্ৰুতি দি ফোনযোগে জনাবলৈ আহ্বান জনাইছিল ৷ কিন্ত এনে দুনীতি অনিতিৰ বিষয়ে জনাবলৈ সাংবাদিকে ফোন কৰিলেও উপায়ুক্ত গৰাকীৰ ফোনধৰিবলৈ বা পিছতো ফোন কৰিবলৈ সময় নাই ৷ এনে শিথিলতাৰ বাবে এতিয়া গোলাঘাটৰ মুৰফুলনি ; দৈগ্ৰোং ; চামলাইপুৰত শিল বালি মাটি মাফিয়াই আৰু কাঠকটিয়া ; ধনশিৰি দুয়োখন দলংৰ সমীপত অবৈধ মাটি খনন কৰি লাখ লাখ টকা চৰকাৰি ৰাজহ ফাকিঁদি আহিছে ৷
প্ৰকাশ শৰ্মা ৰিৰ্পত NORTHEAST NEWS INDIA
Monday, 8 November 2021
*ক'ভিড প্ৰতিষেধক : গোলাঘাট জিলাত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা**২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান*
Sunday, 7 November 2021
Saturday, 6 November 2021
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...