Tuesday, 9 November 2021

গোলাঘাটৰ ধনশিৰি নদীত অবৈধ বালি খনন : নীৰব প্ৰশাসন ৷

 গোলাঘাটৰ ধনশিৰি নদীত অবৈধ বালি খনন : নীৰব প্ৰশাসন ৷



 গোলাঘাট : ৮ নৱেম্বৰ


গোলাঘাটৰ ধনশিৰি নদীৰ পাৰত বালি মাফিয়াই অবৈধভাবে দিনে নিশাই বালিমাটি খান্দি চহৰৰ মাজমজিয়াৰ ৰাজপথেৰে কঢ়িয়াই বেপাৰ কৰি আহিছে ৷ ধনশিৰি নদীৰ   কাঠকটিয়া ; পুৰণা দলং আৰু বাইপাচত থকা নতুন দলংৰ দিশত দিনে ৰাতিয়ে এছকেভেটৰেৰে মাটি খান্দি বৃহৎ পুখুৰী সৃষ্টি কৰি ডাম্পাৰ ; টেক্টৰ ব’লেৰ’ আদিগাড়ীৰে মাটি সৰবৰাহ কৰি আহিছে ৷ বিশেষকৈ কাঠকটিয়া এলেকাত মুকলিকৈ ডাম্পাৰত বালিমাটি কঢ়িয়াই নিওতে ধুলিৰ ধুমুহা হোৱাত সমগ্ৰ এলেকাটো প্ৰদূষণ হোৱাৰ লগতে স্হানীয় লোকে  কাপোৰ ৰ’ডত দিয়া বা খাদ্যদ্ৰব্য বাহিৰলৈ উলিয়াব নোৱাৰা হৈছে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই “ শিল বালি ফৰেষ্টৰে ধৰাৰ আৱশ্যক নাই” বুলি মন্তব্য কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত গোলাঘাটৰ শিল বালি আৰু অবৈধ মাটি খনন কৰা চোৰবোৰ উৎসাহিত হৈ বেপেৰোৱাভাবে এনে চুৰিকায্য চলাই আহিছে ৷ ইতিপূৰ্ব্বে বনবিভাগে এজন লেচিক ধনশিৰিনদীৰ পাৰৰ এক এলেকা নিবিদাযোগে দিছিল যদিও লেচীয়ে চৰকাৰি টেক্স পৰিশোধ নকৰাৰ বাবে এতিয়া গোলাঘাট এটাও মাটিৰ বৈধ্য মহল নাই ৷ ইয়াৰ সুযোগ লৈ বহু লোকে চৰকাৰি ৰাজহ নিদিয়াকৈ এনেদৰে ইচ্ছামতে মাটি খনন কৰি আহিছে ৷ ধনশিৰিনদীৰ পাৰৰ এলেকা সমূহত পোৱালী সহ বণ্যহস্তী জাকে বিচৰণ কৰি আহিছে ৷ বালি মাটি চোৰে এছকেভেটৰৰ সহায়ত সৃষ্টিকৰা বৃহৎ গাতঁৰ বাবেই হাতী আৰু আন বণ্যজন্তুৰ জীৱনলৈ ভাবুকি আহিছে ৷ ধনশিৰি নদীৰ পুৰণা দলংৰ সমীপত এনে মৰণ ফান্দৰূপী গাততঁ পৰি কেইবাজনো লোকৰ মৃত্যুহোৱাৰ উদাহৰণ আছে ৷ নদীখনৰ পাৰৰ মাটি খননৰ বিষয়টো বনবিষয়াসকলও জ্ঞাত যদিও  বনবিষয়াই এই বিষয়ত উপায়ুক্তইহে ব্যৱস্থা লবপাৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইফালে কিছূদিনৰ পূৰ্বে  জিলা উপায়ুক্তৰ সভাকক্ষ অনুষ্ঠিত এখন সভাত জিলাখনৰ পৰা অবৈধ কামকাজ সমূহ নিৰ্মূলৰ বাবে সাংবাদিকৰ সহযোগিতা বিচাৰিছি ৷ আৰু পৰিচয় গোপনৰ প্ৰতিশ্ৰুতি দি ফোনযোগে জনাবলৈ আহ্বান জনাইছিল ৷ কিন্ত এনে দুনীতি অনিতিৰ বিষয়ে জনাবলৈ সাংবাদিকে ফোন কৰিলেও উপায়ুক্ত গৰাকীৰ ফোনধৰিবলৈ বা পিছতো  ফোন কৰিবলৈ সময় নাই ৷ এনে শিথিলতাৰ বাবে এতিয়া গোলাঘাটৰ মুৰফুলনি ; দৈগ্ৰোং ; চামলাইপুৰত শিল বালি মাটি মাফিয়াই আৰু কাঠকটিয়া ; ধনশিৰি দুয়োখন দলংৰ সমীপত অবৈধ মাটি খনন কৰি লাখ লাখ টকা চৰকাৰি ৰাজহ ফাকিঁদি আহিছে ৷


প্ৰকাশ শৰ্মা ৰিৰ্পত NORTHEAST NEWS INDIA

Monday, 8 November 2021

*ক'ভিড প্ৰতিষেধক : গোলাঘাট জিলাত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা**২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৪

*ক'ভিড প্ৰতিষেধক : গোলাঘাট জিলাত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা*

*২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান*

গোলাঘাট, ৮ নৱেম্বৰঃ গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই জিলাখনত এতিয়াও ক'ভিড 19ৰ প্ৰতিষেধক ল'বলৈ বাকী থকা লোকসকলক অতি সোনকালেই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ পুনৰ আহ্বান জনাইছে । আজি ক'ভিড প্ৰতিষেধক প্ৰদান সন্দৰ্ভত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত উপায়ুক্তগৰাকীয়ে কোনো ধৰণৰ সংকোচ নকৰাকৈ গৰ্ভৱতী অথবা প্ৰসূতি মাতৃকে ধৰি সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে অসম চৰকাৰে ক'ভিড স্বাস্থ্য আচঁনিকে ধৰি ৰাজ্য চৰকাৰৰ আন আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে । ৰাজ্য চৰকাৰৰ অৰুণোদয়, প্ৰাৰ্থনা আদি আঁচনিসমূহৰ সা-সুবিধাসমূহ এতিয়াৰে পৰা ক'ভিডৰ প্ৰতিষেধক গ্ৰহণৰ স্থিতিৰ সৈতে সংযুক্ত কৰা হ'ব । প্ৰতিষেধক গ্ৰহণ নকৰা কোনো লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ বিশেষকৈ চাহ বাগিচা অঞ্চলৰ লোকসকলক দ্বিতীয় পালি প্ৰতিষেধক ল'বলৈ আহ্বান জনায় । তেওঁ বৈঠকত অংশ লোৱা চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলক গাঁৱে গাঁৱে গৈ প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত সবিশেষ বুজ ল'বলৈ নিৰ্দেশ দিয়ে । এই প্ৰক্ৰিয়াত গাঁওবুঢ়াসকলকো জড়িত কৰোৱাবলৈ আহ্বান জনাই তেওঁ কয় যে বৰ্তমান সময়ত প্ৰতিষেধক প্ৰদানেই জিলা প্ৰশাসনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় । বৈঠকত ক'ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই কয় যে ১০ৰ পৰা ২০ নৱেম্বৰৰ ভিতৰত প্ৰতিটো অঞ্চলতে ভোটগ্ৰহন কেন্দ্ৰ হিচাপত সমীক্ষা চলোৱা হ'ব আৰু প্ৰতিষেধক প্ৰদানৰ পৰা বাদ পৰা লোকসকলক চিনাক্ত কৰি উলিওৱা হ'ব । ২২ৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । তেওঁ জিলাখনত ১০০ শতাংশ
প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জনসাধাৰণক সহযোগ কৰিবলৈ আহ্বান জনায় । বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাইৰ লগতে চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত আছিল । ইফালে জিলাখনত ৬ নৱেম্বৰলৈকে মুঠ ১০,৩৬,৩৪০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,১১,৩৭৬ টা প্ৰথম পালি আৰু ৩,২৪,৯৬৪ টা দ্বিতীয় পালি প্ৰতিষেধক ।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Saturday, 6 November 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

Email- mother.and.nature2021@gmail.com

বিশ্বৰ সকলোলৈ আহ্বান। মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল , মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি মঞ্চ গঠন কৰিবলৈ অনুৰোধ জনালো। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে  বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব। 

🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব। 

🚩আমাৰ কোনো জাতি ধৰ্ম বুলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 

🚩আমাক বিশ্বত মানৱ জাতি বুলি হে জানিব। 

🚩 আমাৰ কৰ্মই ধৰ্ম হব। 
 
🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ। 

🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।

🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব।  যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।

🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব। 

🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।

মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ। 
ধন্যবাদেৰে মাধৱ গগৈ।। 

  আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো  ।।

MADHOB GOGOI
মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति) Founder (CEO),  প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।
Email- mother.and.nature2021@gmail.com -  
WhatsApp - 9859593814

https://www.facebook.com/groups/337392691438331/?ref=share

https://www.facebook.com/মা-আৰু-প্ৰকৃতি-Mother-and-Nature-मा-और-प्रकृति-107887604953240/


To see more posts like this and join মা আৰু প্ৰকৃতি , click here 👇👇

https://kutumbapp.page.link/JFm61ZVhMWUKpvwF9

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...