Monday, 25 October 2021

*কাজিৰঙাত তথ্য জনাৰ অধিকাৰ আইন সন্দৰ্ভত সজাগতা অনুষ্ঠান সম্পন্ন**নিৰ্ধাৰিত সময়ৰ ভিতৰত তথ্য যোগান ধৰাৰ বিষয়ত মুখ্য তথ্য আয়ুক্তৰ গুৰুত্ব আৰোপ*

জনসংযোগ, গোলাঘাট   প্ৰেছ বিজ্ঞপ্তি নং : ১৮৩

*কাজিৰঙাত তথ্য জনাৰ অধিকাৰ আইন সন্দৰ্ভত সজাগতা অনুষ্ঠান সম্পন্ন*

*নিৰ্ধাৰিত সময়ৰ ভিতৰত তথ্য যোগান ধৰাৰ বিষয়ত মুখ্য তথ্য আয়ুক্তৰ গুৰুত্ব আৰোপ*
গোলাঘাট, ২৫ অক্টোবৰঃ গোলাঘাট জিলাৰ কহঁৰাত থকা কাজিৰঙা সমাৰোহ কেন্দ্ৰত আজি অসম তথ্য আয়োগৰ উদ্যোগত তথ্য জনাৰ অধিকাৰ আইন-২০০৫ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ বাবে এটা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় । গোলাঘাট জিলাৰ উপায়ুক্ত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ লগতে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অসমৰ মুখ্য তথ্য বিষয়া ডঃ এ পি ৰাউটে আদৰণি ভাষণ দিয়ে । তেওঁ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ ৰাজহুৱা তথ্য বিষয়াসকলক তথ্যসমূহ সঠিকভাৱে ৰাখিবলৈ আহ্বান জনায় যাতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জনসাধাৰণে তথ্য বিচাৰিলে সময়মতে যোগান ধৰিব পৰা যায় । তেওঁ তথ্য জনাৰ অধিকাৰ আইনখনে ৰাইজৰ বাবে যিকোনো বিভাগৰ স্বচ্ছতা, জবাবদিহিতা আৰু দায়বদ্ধতা অটুট ৰখা তথা চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে । জনসাধাৰণে সহজে যাতে এই তথ্যসমূহ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহনৰ বাবে তেওঁ বিভাগসমূহক আহ্বান জনায় । 

অনুষ্ঠানত অংশ লৈ ৰাজ্যিক তথ্য আয়ুক্ত শ্ৰী কনক চন্দ্ৰ শৰ্মাই কেতবোৰ নিৰ্দিষ্ট বিধি ব্যৱস্থাৰ অধীনত ৰাজহুৱা তথ্য-পাতিসমূহ শৃঙ্খলাবদ্ধভাৱে ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে ইতিমধ্যে আইনে ৰাজহুৱা তথ্য-পাতি ৰখাৰ কেতবোৰ বিধি ব্যৱস্থা নিৰ্ধাৰণ কৰিছে । প্ৰতিগৰাকী বিষয়াই তথ্যসমূহ নিৰ্ধাৰিত ব্যৱস্থা অনুসৰি মজুত ৰাখিলে কোনো আবেদনকাৰীয়ে তথ্য বিচাৰি ঘুৰ্মুটিয়াই ফুৰিবলগীয়া নহয় বুলি তেওঁ মত প্ৰকাশ কৰে । 

অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত শ্ৰী সমুদ্ৰ গুপ্ত কাশ্যপে পাৱাৰপইণ্ট প্ৰেজেণ্টেশ‍্যনৰ সহায়ত তথ্য জনাৰ অধিকাৰ আইন সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । তেওঁ বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদনকাৰীক তথ্য প্ৰদানৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই আইনখন চৰকাৰ, আৰক্ষী বা ন্যায়ালয়ে নহয়, বৰং ৰাইজেহে ৰূপায়ন কৰে । ইয়াত ৰাইজৰ স্বাৰ্থ আটাইতকৈ ওপৰত বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সংবিধানৰ মতে তথ্য জনাৰ অধিকাৰ আইন এটা মৌলিক অধিকাৰ । 

অনুষ্ঠানত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে এই আইনৰ অধীনত তথ্য প্ৰদান কৰিবলৈ যাওঁতে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে অৱগত কৰে । অনুষ্ঠানত ৰাজ্যিক তথ্য আয়োগৰ সচিব শ্ৰী অনিল কুমাৰ দেউৰীয়ে উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 23 October 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনৰ হিতাধিকাৰীৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ**গোলাঘাট নগৰত ৬০ শতাংশ হিতাধিকাৰীৰ প্ৰথম কিস্তিৰ ধন লাভ*

জনসংযোগ, গোলাঘাট   প্ৰেছ বিজ্ঞপ্তি নং : ১৮২

*গোলাঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনৰ হিতাধিকাৰীৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ*

*গোলাঘাট নগৰত ৬০ শতাংশ হিতাধিকাৰীৰ প্ৰথম কিস্তিৰ ধন লাভ*

গোলাঘাট, ২৩ অক্টোবৰঃ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে আজি গোলাঘাট পৌৰ সভাৰ ১৩ নং ৱাৰ্ডৰ চন্দন নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ শ্ৰী প্ৰদীপ সন্দিকৈ নামৰ হিতাধিকাৰীজনৰ নৱনিৰ্মিত গৃহটোৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে । তেওঁ কয় যে এই আঁচনিৰ অধীনত গোলাঘাট নগৰত এতিয়ালৈকে ৫৯০ টা ঘৰৰ অনুমোদন লাভ কৰিছে । ইয়াৰে ৬০ শতাংশ হিতাধিকাৰীয়ে প্ৰথম কিস্তিৰ ধন লাভ কৰিছে আৰু ১৪৭ জনে আচঁনিখনৰ দ্বিতীয় কিস্তিৰ ধনো লাভ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখনে দুখীয়া ৰাইজৰ কল্যানৰ বাবে ভালেখিনি উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম কিস্তিৰ ধন লাভ কৰা লোকসকলক সোনকালে এই ধন খৰছ কৰিবলৈ আহ্বান জনায় যাতে তেওঁলোকে অচিৰেই দ্বিতীয় কিস্তিৰ ধনো লাভ কৰে । আনহাতে বৰ্তমান এই আঁচনিৰ অধীনত গৃহৰ বাবে যিসকলে আবেদন কৰিছে যোগ্য প্ৰতিজন লোকে গৃহ লাভ কৰিব বুলি তেওঁ আশ্বাস দিয়ে । উল্লেখযোগ্য যে হিতাধিকাৰীগৰাকীয়ে এই আঁচনিৰ অধীনত লাভ কৰা ২লাখ টকাৰ লগতে নিজেও কিছু ধন ব্যয় কৰি এই গৃহটো নিৰ্মাণ কৰি উলিয়াইছে । আজিৰ অনুষ্ঠানত গোলাঘাট সদৰৰ মহকুমাধিপতি ডঃ সংগীতা বৰঠাকুৰ আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল ।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।