Monday, 18 October 2021

*গোলাঘাট জিলাত সকলো সাপ্তাহিক গৰু-ম'হৰ বজাৰ সাময়িকভাৱে বন্ধ ঘোষণা*

জনসংযোগ, গোলাঘাট   প্ৰেছ বিজ্ঞপ্তি নং : ১৮১

*গোলাঘাট জিলাত সকলো সাপ্তাহিক গৰু-ম'হৰ  বজাৰ সাময়িকভাৱে বন্ধ ঘোষণা*

গোলাঘাট, ১৮ অক্টোবৰঃ গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত থকা সকলো সাপ্তাহিক  গৰু-ম'হৰ বজাৰ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে । জিলাখনত ক'ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰু চুবুৰীয়া ৰাজ্যত গৰুৰ দেহত কোনো সংক্ৰামক ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি এনে সাপ্তাহিক বজাৰসমূহত মানুহ আৰু পশুধনৰ স্বাস্থ্যৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশ চালি জাৰি চাই উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ প্ৰদান কৰিব পৰাকৈ এখন সমিতি গঠন কৰা হৈছে । সমিতিখনক ১৫ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । প্ৰতিবেদন দাখিল নকৰালৈকে এই বজাৰসমূহ সাময়িকভাৱে বন্ধ থাকিব । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অধ্যক্ষতাত গঠিত সমিতিখনত অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা পশু চিকিৎসা বিষয়া আৰু ধনশিৰি আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতি অথবা মহকুমাধিপতিৰ প্ৰতিনিধি সদস্য হিচাপে থাকিব । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 14 October 2021

শাৰদীয় বতৰত ধৰালৈ আগমন ঘটা মা দুৰ্গা পূজাৰ আজি নৱমী পূজা

 শাৰদীয় বতৰত ধৰালৈ আগমন ঘটা মা দুৰ্গা পূজাৰ আজি নৱমী পূজা


৷ এই দিনটোতেই প্ৰতিখন পূজা মণ্ডপ  ব্যস্ত হৈ পৰে কুমাৰী পূজাত  দেৱী দুৰ্গাৰ মূৰ্তীৰ আগত  দেৱীৰ ৯টা ৰূপ -- শৈল পুত্ৰী, ব্ৰহ্ম চাৰিণী, চণ্ডঘণটা, পুষ্পাণডা স্কন্ধমাতা, কাযায়নি, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী । এই ৯ টা ৰূপ ত ৯ গৰাকী কুমাৰীক পূজা কৰা হয় ৷ এইয়া গোলাঘাটৰ সনাতন ধৰ্ম সমাজৰ পূজা মণ্ডপৰ দৃশ্য ৷ পুৱা পোৰোহিতৰ বেদমন্ত্ৰ উচ্ছাৰণেৰে মা দুৰ্গাক পূজা কৰাৰ পিছত হোম যগয়

 কৰা হয় ৷ ইয়াৰ পিছতে দেৱী দুৰ্গাৰ ৯ টা ৰূপৰ  পূজাৰ পিছত কভীড পটকলৰ বাবে 9 গৰাকী কুমাৰী কণ্যাক নীতি নিয়মৰ মাজেৰে পূজা নকৰি এগৰাকী কয়নাক পূজা কৰা হয় ৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...