Saturday, 2 October 2021

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণ, জিলা প্ৰশাসন, নেহেৰু যুৱ কেন্দ্ৰ, গোলাঘাট লায়ন্স ক্লাৱ, মাৰোৱাৰী সন্মিলন আৰু চেম্বাৰ অফ কমাৰ্চৰ সহযোগত গান্ধী জয়ন্তী উপলক্ষে আজি পুৱা গোলাঘাট নগৰৰ পৌৰসভাৰ কাৰ্য্যালয়ৰ সন্মুখত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ পৰা আইন সেৱা আৰু স্বচ্ছ ভাৰত সম্পৰ্কীয় এটা সজাগতামূলক পদযাত্ৰা উলিওৱা হয় । এই পদযাত্ৰা জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা ও সত্ৰ ন্যায়াধীশ শ্ৰী বিনোদ কুমাৰ চন্দক, আৰক্ষী অধীক্ষক শ্ৰী চুমিত শৰ্মাই পতাকা জোকাৰি মুকলি কৰে ।

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণ, জিলা প্ৰশাসন, নেহেৰু যুৱ কেন্দ্ৰ, গোলাঘাট লায়ন্স ক্লাৱ, মাৰোৱাৰী সন্মিলন আৰু চেম্বাৰ অফ কমাৰ্চৰ সহযোগত গান্ধী জয়ন্তী উপলক্ষে আজি পুৱা গোলাঘাট নগৰৰ পৌৰসভাৰ কাৰ্য্যালয়ৰ সন্মুখত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ পৰা আইন সেৱা আৰু স্বচ্ছ ভাৰত সম্পৰ্কীয় এটা সজাগতামূলক পদযাত্ৰা উলিওৱা হয় । এই পদযাত্ৰা জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা ও সত্ৰ ন্যায়াধীশ শ্ৰী বিনোদ কুমাৰ চন্দক, আৰক্ষী অধীক্ষক শ্ৰী চুমিত শৰ্মাই পতাকা জোকাৰি মুকলি কৰে । ইয়াৰ পূৰ্বে গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পার্ঘ অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । অনুষ্ঠানত শ্ৰী যোগেশ চৰণ, নেহেৰু যুৱ কেন্দ্ৰৰ গোলাঘাট জিলাৰ বিষয়া, মাৰোৱাৰী সন্মিলনৰ সভাপতি শ্ৰী জে.কে.মালপানী, জে.চি.এল গ্ৰুপৰ সভাপতি শ্ৰী প্রিয়ংক খৈতান, লায়ন্স ক্লাৱৰ সভাপতি শ্ৰী ভাস্কৰ কাকতি, মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি শ্ৰী অনুপ আগৰৱালা, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ সভানেত্ৰী শ্ৰীমতী অঞ্জনা আগৰৱালা, ইউনাইটেড চেম্বাৰ অব কমাৰ্চৰ সভাপতি শ্ৰী পৱন বাহাতীয়া, অসম চেম্বাৰ অব কমাৰ্চৰ সভাপতি শ্ৰী মনোজ জালানে সহযোগিতা আগবঢ়ায় । অনুষ্ঠানটোৰ আঁত ধৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্ৰী নাৰায়ণ কুৰিয়ে । অনুষ্ঠানত গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ শ্ৰী কিৰণ লাল বৈষ্ণৱ আৰু অতিৰিক্ত উপায়ুক্ত শ্ৰী মুন গগৈকে প্ৰমুখ্য কৰি সকলো ন্যায়িক বিষয়া আৰু প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল ।

Madhob Gogoi Report
NORTHEAST NEWS INDIA

গান্ধী জয়ন্তী উপলক্ষে আজি পুৱা গোলাঘাট পৌৰ সভা আৰু চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ উদ্যোগত গোলাঘাট নগৰৰ কেইবাটাও স্থানত চাফাই অভিযান চলোৱা হয় ।

গান্ধী জয়ন্তী উপলক্ষে আজি পুৱা গোলাঘাট পৌৰ সভা আৰু চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ উদ্যোগত গোলাঘাট নগৰৰ কেইবাটাও স্থানত চাফাই অভিযান চলোৱা হয় । স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গোলাঘাট পৌৰসভাই ২৯ ছেপ্টেম্বৰৰ পৰাই ব্যাপক চাফাই অভিযান অব্যাহত ৰাখিছিল । আজিৰ চাফাই অভিযান কাৰ্যসূচীত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত শ্ৰী মুন গগৈ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰ নিগম তথা চি আৰ পি এফৰ জোৱান আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

Madhob Gogoi Report
NORTHEAST NEWS INDIA

Friday, 1 October 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 02/10/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 02/10/2021

*গোলাঘাটত অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পৰ্যালোচনা বৈঠক**শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন পক্স' (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭৩

*গোলাঘাটত অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পৰ্যালোচনা বৈঠক*

*শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন পক্স' (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ*
গোলাঘাট, ১ অক্টোবৰঃ গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত আয়োগৰ এটা প্ৰতিনিধি দলে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে  শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় লৈ পৰ্যালোচনা কৰে ।  সভাত আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে শিশুৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে বিভাগীয় মুৰব্বীসকলৰ পৰা বুজ লয় । তেওঁ বাল্য বিবাহ আৰু শিশুৰ অবৈধ সৰবৰাহৰ দৰে ব্যাধি দূৰ কৰিবলৈ শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন চমুকৈ পক্স' (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । আনহাতে শিশু-কিশোৰৰ মাজত ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ ভিক্ষা কৰা শিশু আৰু শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত আয়োগৰ সদস্য ডঃ পিলু হাজৰিকাই থানাসমূহত সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে যাতে কোনো আৰক্ষী বিষয়াই শিশু সম্পৰ্কীয় গোচৰ অৱহেলা নকৰে । এইক্ষেত্ৰত আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটক পুনৰ সক্ৰিয় কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ আয়োগৰ আন এগৰাকী সদস্য  শ্ৰী অজয় কুমাৰ দত্তই জিলা পৰিবহন বিষয়াক বিদ্যালয়ৰ বাছসমূহৰ চালক-হেণ্ডিমেনৰ আৰক্ষীৰ দ্বাৰা সত্যাৰ্পন কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে ৰাজহুৱা বাহনসমূহত সৰ্বশিক্ষা, শিশু শ্ৰমিক, পক্স' আইন আদি সন্দৰ্ভত সজাগতামূলক পত্ৰিকা লগোৱাৰ ব্যৱস্থা কৰিবলৈ কয় । প্ৰতিনিধি দলটোৱে আজিৰ বৈঠকত আৰক্ষী, স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা গোট, জিলা কাৰাগাৰ, জিলা পৰিবহন বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, খাদ্য আৰু অসামৰিক যোগান, শ্ৰম, আবকাৰী আৰু সমাজ কল্যান বিভাগৰ জিলা মুৰব্বীৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাও উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।