Thursday, 30 September 2021

Invitation

*স্বাধীনতাৰ অমৃত মহোৎসৱঃ গোলাঘাটত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা বি চি সখীসকলক আইআইবিএফ প্ৰমানপত্ৰ, আত্মসহায়ক গোটক ঋণৰ অনুমোদন পত্ৰ আৰু বাহন প্ৰদান**আত্মসহায়ক গোটসমূহ মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ পৰিচয়ঃ বিশ্বজিৎ ফুকন**ঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭২

*স্বাধীনতাৰ অমৃত মহোৎসৱঃ গোলাঘাটত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা বি চি সখীসকলক আইআইবিএফ প্ৰমানপত্ৰ, আত্মসহায়ক গোটক ঋণৰ অনুমোদন পত্ৰ আৰু বাহন প্ৰদান*

*আত্মসহায়ক গোটসমূহ মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ পৰিচয়ঃ বিশ্বজিৎ ফুকন*

*ঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান*

গোলাঘাট, ৩০ ছেপ্টেম্বৰঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা গোট, গোলাঘাটৰ উদ্যোগত বি চি (বিজনেছ কৰেছপণ্ডেণ্ট) সখীসকলক আই আই বি এফ (ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্স) প্ৰমানপত্ৰ, আত্মসহায়ক গোটক ঋণৰ অনুমোদন পত্ৰ আৰু অসমী গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত দুখন বাহন প্ৰদান কৰা হয় । এই উপলক্ষে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে কয় যে আত্মসহায়ক গোটসমূহ কেৱল ৰাজ্যৰ অৰ্থনীতিৰ সৈতে জড়িত নহয়, বৰং এই গোটসমূহ মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ পৰিচয়স্বৰূপ । তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলক কেৱল চৰকাৰৰ পৰা লাভ কৰা ঋণ নিজৰ মাজতে ভগাই নলৈ এই ধন বিনিয়োগ কৰি নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবৰ বাবে আহ্বান জনায় । তেওঁ গাঁৱৰ মহিলাসকলক পশুপালনৰ প্ৰতি আগ্ৰহী হ'বলৈয়ো কয় । শ্ৰী ফুকনে কয় যে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিবলৈ হ'লে নিজৰ চিন্তা-চৰ্চাক সুদূৰপ্ৰসাৰী কৰিব লাগিব যাতে বজাৰত অসমীয়া মহিলাই উৎপাদন কৰা সামগ্ৰীৰ ব্ৰেণ্ডৰ সৈতে মানুহ পৰিচিত হৈ পৰে । প্ৰতিগৰাকী নাৰীয়ে স্বাৱলম্বী হোৱাৰ মানসিকতা গঢ় দিব পাৰিলেহে নাৰী সবলীকৰণৰ ভেঁটি শক্তিশালী হ'ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই কয় যে খণ্ড উন্নয়ন বিষয়াসকলে প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰৰ দিন দুটাৰ একোটা নিৰ্দিষ্ট সময় আত্মসহায়ক গোটসমূহক দিয়া উচিত । গোটৰ মহিলাসকলক বিভিন্ন ক্ষেত্ৰত দিহা-পৰামৰ্শ দি সহায় আগবঢ়োৱাটো খণ্ড উন্নয়ন বিষয়াসকলৰ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে । আত্মসহায়ক গোট গঠনৰ প্ৰক্ৰিয়াটোক এটা আন্দোলন বুলি উল্লেখ কৰি তেওঁ কয় যে এই আন্দোলন সফল হ'লেহে গ্ৰাম্য অৰ্থনীতি সবল হ'ব । আত্মসহায়ক গোটসমূহক খণ্ড উন্নয়ন বিষয়াসকলে হাতত ধৰি আগবঢ়াই লৈ যাব লাগিব বুলি তেওঁ মতপ্ৰকাশ কৰে ।

আজিৰ অনুষ্ঠানতে ৯৫ গৰাকী বি চি সখীক আই আই বি এফ প্ৰমানপত্ৰ, ৮টা আত্মসহায়ক গোটক ৫লাখ টকাকৈ ঋণৰ অনুমোদন পত্ৰ, গোলাঘাট ছাউথ ব্লকৰ মিলনজ্যোতি আত্মসহায়ক গোট আৰু মৰঙি উন্নয়ন খণ্ডৰ উষা আত্মসহায়ক গোটক দুখন বাহন আৰু দুগৰাকী বি চি সখীক অনলাইন লেনদেন কৰিব পৰা মৰফ' ডিভাইছ প্ৰদান কৰা হয় ।

অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীযুতা হেলিনা পেগু দলে, আৰছেটিৰ সঞ্চালক, চি এছ চিৰ জিলা প্ৰৱন্ধক, উন্নয়ন খণ্ড বিষয়াসকল, জিলা অভিযান পৰিচালনা গোটৰ জিলা প্ৰকল্প প্ৰৱন্ধক আৰু বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Wednesday, 29 September 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 30/09/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 30/09/2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত সজাগতা শিবিৰ সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭১

*গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত সজাগতা শিবিৰ সম্পন্ন* 

গোলাঘাট, ২৯ ছেপ্টেম্বৰঃ গুৱাহাটীৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু গোলাঘাট জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটি সজাগতা শিবিৰ সম্পন্ন হয় । এই সজাগতা শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ দ্বাৰা কিদৰে উপকৃত হ'ব পাৰি এই সন্দৰ্ভত নিবনুৱা যুৱক-যুৱতীসকলক বিতংভাৱে অৱগত কৰোৱা হয় । শিবিৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক উমেশ কুমাৰ, খাদী আৰু গ্ৰামোদ্যোগ আয়োগ, গোলাঘাটৰ  জিলা সমন্বয়ক ৰাহুল ৰাৱট
আৰু তৰুণ চন্দ্ৰ মেধি, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক বিষয়া অমৰেন্দ্ৰ নাথ বৰ্মন, দেৱাশীষ ফুকন, ভাৰতীয় ষ্টেট বেংকৰ হিমাংশু হাজৰিকা আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক ৰাজকুমাৰ বৰিয়ে শিবিৰত অংশ লোৱা ডেৰ শতাধিক নিবনুৱা যুৱক-যুৱতীক তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত ঋণ লাভৰ ক্ষেত্ৰত বেংকসমূহত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত অৱগত কৰে । সভাত অংশ লোৱা যুৱক-যুৱতীসকলক ঋণ গ্ৰহণ কৰি উচিত ব্যৱহাৰ কৰিবলৈ উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে আহ্বান জনায় । উল্লেখযোগ্য যে বিত্তীয় প্ৰতিষ্ঠানসমূহে ক্ষুদ্ৰ উদ্যোগ খণ্ডলৈ ঋণ প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে তথা ব্যাপক হাৰত নিয়োগ সৃষ্টিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন ৰূপায়ন কৰিছে । ১০ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ কৰা উৎপাদন খণ্ডৰ উদ্যোগ অথবা ৫ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ হোৱা ব্যৱসায় বা সেৱা খণ্ডৰ উদ্যোগৰ ক্ষেত্ৰত ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ লোকক এই আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হয় । এই কাৰ্যসূচীৰ অধীনত উৎপাদন খণ্ডৰ প্ৰকল্পৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয়ৰ পৰিমাণ ২৫ লাখ টকা আৰু সেৱা ভিত্তিক প্ৰকল্পৰ ক্ষেত্ৰত ১০ লাখ টকাপৰ্যন্ত ঋণ প্ৰদান কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

*গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়, চিকিৎসালয় আৰু জল জীৱন অভিযানৰ অধীনৰ পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ* *প্ৰতিজন বিষয়া-কৰ্মচাৰীকে আন্তৰিকতা আৰু দায়িত্বসহকাৰে কাম কৰাৰ আহ্বান**ৰাইজৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি বিষয়া-কৰ্মচাৰীসকলে সঁহাৰি জনাওক : মহন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬৮

*গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়, চিকিৎসালয় আৰু জল জীৱন অভিযানৰ অধীনৰ পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ* 

*প্ৰতিজন বিষয়া-কৰ্মচাৰীকে আন্তৰিকতা আৰু দায়িত্বসহকাৰে কাম কৰাৰ আহ্বান*

*ৰাইজৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি বিষয়া-কৰ্মচাৰীসকলে সঁহাৰি জনাওক : মহন*

গোলাঘাট, ২৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনত উপস্থিত হোৱা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহনে আজি গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদর্শন কৰে । তেওঁ চক্ৰ বিষয়া আৰু মণ্ডলসকলৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা তথা মত বিনিময় কৰে । তেওঁ কয় যে দুৰ্নীতিমুক্ত প্ৰশাসন ব্যৱস্থা গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে যি পদক্ষেপ লৈছে তাৰে অংশৰূপে মধ্যভোগীসকলক সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰতিজন বিষয়া আৰু কৰ্মচাৰীয়ে প্ৰয়াস চলাব লাগিব ।  তেওঁ ৰাইজক সঠিক তথ্য প্ৰদান তথা কোনো পক্ষপাতমূলক স্থিতি গ্ৰহণ নকৰিবলৈ বিষয়া আৰু মণ্ডলসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ মিছন বসুন্ধৰাৰ ৰূপায়ন সন্দৰ্ভত কয় যে প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে আন্তৰিকতাৰে আৰু দায়িত্বসহকাৰে কাম কৰিলেহে প্ৰশাসন ব্যৱস্থাটো স্বচ্ছ আৰু সুচলভাৱে চলি থাকিব । সমগ্ৰ ব্যৱস্থাটোক ৰাইজৰ ওচৰ চপাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে সঁহাৰি জনাব লাগিব । তেতিয়াহে ৰাজহ বিভাগটোৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পাব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে ২ অক্টোবৰত সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় সকলো বিষয় তথা তথ্য-পাতি ডিজিটাইজ কৰা হ'ব যাতে মধ্যভোগী ব্যৱস্থাটো সম্পূৰ্ণৰূপে নোহোৱা কৰিব পৰা যায় । মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদর্শনকালত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে শ্ৰী মুন গগৈ, শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা আৰু চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নগৰখনৰ ক্লাৱ মিছন ৰোডত থকা ১৯ নম্বৰ অংগনৱাড়ী কেন্দ্ৰটো পৰিদৰ্শন কৰি বিভিন্ন অভাৱ-অভিযোগৰ বুজ লয় । তেওঁ তাত থকা কণ কণ ল'ৰা-ছোৱালীহঁতৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্যৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত কেনেদৰে জ্ঞান দিব পাৰি এই বিষয়ে অংগনবাড়ী কেন্দ্ৰটোৰ বিষয়ববীয়া, কৰ্মী-সহায়িকাসকলৰ সৈতে কথা পাতে । 

মন্ত্ৰীগৰাকীয়ে আজি গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ো পৰিদৰ্শন কৰে । তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি কয় যে শিক্ষাদান এটা পৱিত্ৰ বৃত্তি । কেৱল শিক্ষাদানেই নহয়, সমাজখনক এটা সুস্থ ৰূপ দিয়াত শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক সমাজৰ একোগৰাকী অভিভাৱক হিচাপে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ কেইবাটাও শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । 

ইয়াৰ পিছতে তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ অধীনৰ কমাৰকছাৰী পানীযোগান আঁচনিখন পৰিদৰ্শন কৰি অঞ্চলটোৰ দুশৰো অধিক পৰিয়ালক পানী যোগান ধৰি থকা আচঁনিখনৰ সঠিক ৰূপায়ন সন্দৰ্ভত বুজ লয় । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ হ'লে বিভাগটোৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে দায়বদ্ধতাৰে কাম কৰিব লাগিব । 

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে দেৰগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিডৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা আৰু চিকিৎসালয়খনৰ আন্তঃগাঁথনি সম্পৰ্কে বুজ লয় । মন্ত্ৰীগৰাকীক জিলাখনৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই প্ৰতিষেধক প্ৰদান সন্দৰ্ভত বিতংভাৱে অৱগত কৰায় । তেওঁ চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্যকর্মী আৰু ৰোগীসকলৰ সৈতেও মত বিনিময় কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

*গোলাঘাটত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকত বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী যোগেন মহনে*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬৮

*গোলাঘাটত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকত বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী যোগেন মহনে* 
গোলাঘাট, ২৮ ছেপ্টেম্বৰঃ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহনে আজি নিশা গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে জিলাখনত ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনিৰ কামৰ অগ্ৰগতি তথা বিভাগসমূহৰ কাম-কাজৰ বুজ লয় । জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই মন্ত্ৰীগৰাকীক বিভিন্ন বিভাগ তথা আঁচনিৰ কাম-কাজ সন্দৰ্ভত বিতংভাৱে অৱগত কৰায় । শ্ৰী মহনে জল জীৱন অভিযান, ক'ভিডৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী, অংগনৱাড়ী কেন্দ্ৰসমূহৰ বৰ্তমানৰ অৱস্থা, ৰাজহ বিভাগৰ কাম-কাজ, পাঠদান পুনৰ আৰম্ভ হোৱা বিদ্যালয়সমূহৰ অৱস্থা, প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, হাতী-মানুহৰ সংঘাত আদি বিভিন্ন দিশ পৰ্যালোচনা কৰে । তেওঁ ৰাজহ বিভাগৰ দ্বাৰা অচিৰেই ৰূপায়ন কৰিবলগীয়া মিছন বসুন্ধৰা সন্দৰ্ভতো আলোচনা কৰে । তেওঁ প্ৰতিটো বিভাগকে দুৰ্নীতিমুক্ত কৰাৰ স্বাৰ্থত বিষয়াসকলক সজাগ হৈ কাম কৰিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্নীতি নোহোৱা কৰিবৰ বাবে প্ৰশাসন ব্যৱস্থাৰ লগতে প্ৰতিজন ব্যক্তি তথা নাগৰিকে ভিতৰৰ পৰা বিষয়সমূহ অনুধাৱন কৰিব লাগিব । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ক্ৰমে শ্ৰী মুন গগৈ, শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা আৰু প্ৰশাসনৰ বিষয়াসকল তথা চক্ৰ বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।