Wednesday, 29 September 2021

*গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত সজাগতা শিবিৰ সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭১

*গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত সজাগতা শিবিৰ সম্পন্ন* 

গোলাঘাট, ২৯ ছেপ্টেম্বৰঃ গুৱাহাটীৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু গোলাঘাট জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটি সজাগতা শিবিৰ সম্পন্ন হয় । এই সজাগতা শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ দ্বাৰা কিদৰে উপকৃত হ'ব পাৰি এই সন্দৰ্ভত নিবনুৱা যুৱক-যুৱতীসকলক বিতংভাৱে অৱগত কৰোৱা হয় । শিবিৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক উমেশ কুমাৰ, খাদী আৰু গ্ৰামোদ্যোগ আয়োগ, গোলাঘাটৰ  জিলা সমন্বয়ক ৰাহুল ৰাৱট
আৰু তৰুণ চন্দ্ৰ মেধি, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক বিষয়া অমৰেন্দ্ৰ নাথ বৰ্মন, দেৱাশীষ ফুকন, ভাৰতীয় ষ্টেট বেংকৰ হিমাংশু হাজৰিকা আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক ৰাজকুমাৰ বৰিয়ে শিবিৰত অংশ লোৱা ডেৰ শতাধিক নিবনুৱা যুৱক-যুৱতীক তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত ঋণ লাভৰ ক্ষেত্ৰত বেংকসমূহত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত অৱগত কৰে । সভাত অংশ লোৱা যুৱক-যুৱতীসকলক ঋণ গ্ৰহণ কৰি উচিত ব্যৱহাৰ কৰিবলৈ উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে আহ্বান জনায় । উল্লেখযোগ্য যে বিত্তীয় প্ৰতিষ্ঠানসমূহে ক্ষুদ্ৰ উদ্যোগ খণ্ডলৈ ঋণ প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে তথা ব্যাপক হাৰত নিয়োগ সৃষ্টিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন ৰূপায়ন কৰিছে । ১০ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ কৰা উৎপাদন খণ্ডৰ উদ্যোগ অথবা ৫ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ হোৱা ব্যৱসায় বা সেৱা খণ্ডৰ উদ্যোগৰ ক্ষেত্ৰত ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ লোকক এই আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হয় । এই কাৰ্যসূচীৰ অধীনত উৎপাদন খণ্ডৰ প্ৰকল্পৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয়ৰ পৰিমাণ ২৫ লাখ টকা আৰু সেৱা ভিত্তিক প্ৰকল্পৰ ক্ষেত্ৰত ১০ লাখ টকাপৰ্যন্ত ঋণ প্ৰদান কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

*গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়, চিকিৎসালয় আৰু জল জীৱন অভিযানৰ অধীনৰ পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ* *প্ৰতিজন বিষয়া-কৰ্মচাৰীকে আন্তৰিকতা আৰু দায়িত্বসহকাৰে কাম কৰাৰ আহ্বান**ৰাইজৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি বিষয়া-কৰ্মচাৰীসকলে সঁহাৰি জনাওক : মহন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬৮

*গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়, চিকিৎসালয় আৰু জল জীৱন অভিযানৰ অধীনৰ পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ* 

*প্ৰতিজন বিষয়া-কৰ্মচাৰীকে আন্তৰিকতা আৰু দায়িত্বসহকাৰে কাম কৰাৰ আহ্বান*

*ৰাইজৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি বিষয়া-কৰ্মচাৰীসকলে সঁহাৰি জনাওক : মহন*

গোলাঘাট, ২৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনত উপস্থিত হোৱা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহনে আজি গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদর্শন কৰে । তেওঁ চক্ৰ বিষয়া আৰু মণ্ডলসকলৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা তথা মত বিনিময় কৰে । তেওঁ কয় যে দুৰ্নীতিমুক্ত প্ৰশাসন ব্যৱস্থা গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে যি পদক্ষেপ লৈছে তাৰে অংশৰূপে মধ্যভোগীসকলক সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰতিজন বিষয়া আৰু কৰ্মচাৰীয়ে প্ৰয়াস চলাব লাগিব ।  তেওঁ ৰাইজক সঠিক তথ্য প্ৰদান তথা কোনো পক্ষপাতমূলক স্থিতি গ্ৰহণ নকৰিবলৈ বিষয়া আৰু মণ্ডলসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ মিছন বসুন্ধৰাৰ ৰূপায়ন সন্দৰ্ভত কয় যে প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে আন্তৰিকতাৰে আৰু দায়িত্বসহকাৰে কাম কৰিলেহে প্ৰশাসন ব্যৱস্থাটো স্বচ্ছ আৰু সুচলভাৱে চলি থাকিব । সমগ্ৰ ব্যৱস্থাটোক ৰাইজৰ ওচৰ চপাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে সঁহাৰি জনাব লাগিব । তেতিয়াহে ৰাজহ বিভাগটোৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পাব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে ২ অক্টোবৰত সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় সকলো বিষয় তথা তথ্য-পাতি ডিজিটাইজ কৰা হ'ব যাতে মধ্যভোগী ব্যৱস্থাটো সম্পূৰ্ণৰূপে নোহোৱা কৰিব পৰা যায় । মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদর্শনকালত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে শ্ৰী মুন গগৈ, শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা আৰু চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নগৰখনৰ ক্লাৱ মিছন ৰোডত থকা ১৯ নম্বৰ অংগনৱাড়ী কেন্দ্ৰটো পৰিদৰ্শন কৰি বিভিন্ন অভাৱ-অভিযোগৰ বুজ লয় । তেওঁ তাত থকা কণ কণ ল'ৰা-ছোৱালীহঁতৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্যৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত কেনেদৰে জ্ঞান দিব পাৰি এই বিষয়ে অংগনবাড়ী কেন্দ্ৰটোৰ বিষয়ববীয়া, কৰ্মী-সহায়িকাসকলৰ সৈতে কথা পাতে । 

মন্ত্ৰীগৰাকীয়ে আজি গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ো পৰিদৰ্শন কৰে । তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি কয় যে শিক্ষাদান এটা পৱিত্ৰ বৃত্তি । কেৱল শিক্ষাদানেই নহয়, সমাজখনক এটা সুস্থ ৰূপ দিয়াত শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক সমাজৰ একোগৰাকী অভিভাৱক হিচাপে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ কেইবাটাও শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । 

ইয়াৰ পিছতে তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ অধীনৰ কমাৰকছাৰী পানীযোগান আঁচনিখন পৰিদৰ্শন কৰি অঞ্চলটোৰ দুশৰো অধিক পৰিয়ালক পানী যোগান ধৰি থকা আচঁনিখনৰ সঠিক ৰূপায়ন সন্দৰ্ভত বুজ লয় । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ হ'লে বিভাগটোৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে দায়বদ্ধতাৰে কাম কৰিব লাগিব । 

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে দেৰগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিডৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা আৰু চিকিৎসালয়খনৰ আন্তঃগাঁথনি সম্পৰ্কে বুজ লয় । মন্ত্ৰীগৰাকীক জিলাখনৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই প্ৰতিষেধক প্ৰদান সন্দৰ্ভত বিতংভাৱে অৱগত কৰায় । তেওঁ চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্যকর্মী আৰু ৰোগীসকলৰ সৈতেও মত বিনিময় কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

*গোলাঘাটত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকত বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী যোগেন মহনে*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬৮

*গোলাঘাটত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকত বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী যোগেন মহনে* 
গোলাঘাট, ২৮ ছেপ্টেম্বৰঃ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহনে আজি নিশা গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে জিলাখনত ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনিৰ কামৰ অগ্ৰগতি তথা বিভাগসমূহৰ কাম-কাজৰ বুজ লয় । জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই মন্ত্ৰীগৰাকীক বিভিন্ন বিভাগ তথা আঁচনিৰ কাম-কাজ সন্দৰ্ভত বিতংভাৱে অৱগত কৰায় । শ্ৰী মহনে জল জীৱন অভিযান, ক'ভিডৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী, অংগনৱাড়ী কেন্দ্ৰসমূহৰ বৰ্তমানৰ অৱস্থা, ৰাজহ বিভাগৰ কাম-কাজ, পাঠদান পুনৰ আৰম্ভ হোৱা বিদ্যালয়সমূহৰ অৱস্থা, প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, হাতী-মানুহৰ সংঘাত আদি বিভিন্ন দিশ পৰ্যালোচনা কৰে । তেওঁ ৰাজহ বিভাগৰ দ্বাৰা অচিৰেই ৰূপায়ন কৰিবলগীয়া মিছন বসুন্ধৰা সন্দৰ্ভতো আলোচনা কৰে । তেওঁ প্ৰতিটো বিভাগকে দুৰ্নীতিমুক্ত কৰাৰ স্বাৰ্থত বিষয়াসকলক সজাগ হৈ কাম কৰিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্নীতি নোহোৱা কৰিবৰ বাবে প্ৰশাসন ব্যৱস্থাৰ লগতে প্ৰতিজন ব্যক্তি তথা নাগৰিকে ভিতৰৰ পৰা বিষয়সমূহ অনুধাৱন কৰিব লাগিব । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ক্ৰমে শ্ৰী মুন গগৈ, শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা আৰু প্ৰশাসনৰ বিষয়াসকল তথা চক্ৰ বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Tuesday, 28 September 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত সজাগতা শিবিৰৰ আয়োজন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬৭

*গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত সজাগতা শিবিৰৰ আয়োজন* 

গোলাঘাট, ২৮ ছেপ্টেম্বৰঃ গুৱাহাটীৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু গোলাঘাট জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত ২৯ ছেপ্টেম্বৰ বুধবাৰে পুৱা ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটি সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে । এই সজাগতা শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্বাৰা কিদৰে উপকৃত হ'ব পাৰি এই সন্দৰ্ভত যুৱক-যুৱতীসকলক বিতংভাৱে অৱগত কৰোৱা হ'ব ।   উল্লেখযোগ্য যে বিত্তীয় প্ৰতিষ্ঠানসমূহে ক্ষুদ্ৰ উদ্যোগ খণ্ডলৈ ঋণ প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে তথা ব্যাপক হাৰত নিয়োগ সৃষ্টিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন ৰূপায়ন কৰিছে । ১০ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ কৰা উৎপাদন খণ্ডৰ উদ্যোগ অথবা ৫ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ হোৱা ব্যৱসায় বা সেৱা খণ্ডৰ উদ্যোগৰ ক্ষেত্ৰত ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ লোকক এই আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হয় । আচঁনিখনৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে । গোলাঘাট জিলাৰ নিবনুৱা যুৱক-যুৱতীসকলক এই সজাগতা শিবিৰত অংশগ্ৰহণ কৰি আচঁনিখনৰ দ্বাৰা কিদৰে উপকৃত হ'ব পাৰি সেই সন্দৰ্ভত অৱগত হ'বলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক শ্ৰী উমেশ কুমাৰে অনুৰোধ জনাইছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Sunday, 26 September 2021

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো। মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

Email- mother.and.nature2021@gmail.com

বিশ্বৰ সকলোলৈ আহ্বান। মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল , মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি মঞ্চ গঠন কৰিবলৈ অনুৰোধ জনালো। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে  বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব। 

🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব। 

🚩আমাৰ কোনো জাতি ধৰ্ম বোলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 

🚩আমাক বিশ্বত মানৱ জাতি বোলি হে জানিব। 

🚩 আমাৰ কৰ্মই ধৰ্ম হব। 
 
🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ। 

🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।

🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব।  যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।

🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব। 

🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।

মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ। 
ধন্যবাদেৰে মাধৱ গগৈ।। 

  আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো  ।।

MADHOB GOGOI
মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति) Founder (CEO),  প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।
Email- mother.and.nature2021@gmail.com -  
WhatsApp - 9859593814

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...