Thursday, 9 September 2021

*গোলাঘাটত অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৫৫

*গোলাঘাটত অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ*

গোলাঘাট, ৯ ছেপ্টেম্বৰ : অহা ১২ ছেপ্টেম্বৰত অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২০ সুকলমে সম্পন্ন কৰাৰ বাবে গোলাঘাট জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এই সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয় । জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত মুন গগৈয়ে পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত ছুপাৰভাইজাৰসকলক বিশেষভাৱে সতৰ্ক হ'বলৈ নিৰ্দেশ দিয়ে । প্ৰতিজন পৰীক্ষাৰ্থীৰ হাতত যাতে ই-এডমিছন চাৰ্টিফিকেট আৰু যিকোনো এখন পৰিচয় পত্ৰ  থাকে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । সভাত অংশ লৈ অসম লোকসেৱা আয়োগৰ প্ৰতিনিধি মহম্মদ ৰফিক আহমেদে কয় যে পৰীক্ষাৰ্থীয়ে কোনো ধৰণৰ হাতঘড়ী বা অন্য আহিলা-পাতি লগত নিব নোৱাৰিব । কেৱল নীলা বা ক'লা চিয়াঁহীৰ বল পইণ্ট কলম, ই এডমিছন চাৰ্টিফিকেট আৰু পৰিচয় পত্ৰহে লগত ৰাখিব পাৰিব । তেওঁ কয় যে ক'ভিড-19ৰ সম্ভাব্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছে । সেই অনুসৰি এপালি বা দুয়োপালি প্ৰতিষেধক লোৱাৰ প্ৰমানপত্ৰ পৰীক্ষাৰ্থীয়ে লগত নিব লাগিব । যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকে ৪৮ ঘণ্টাৰ ভিতৰত ৰেট পৰীক্ষা কৰা নাইবা ৭২ ঘণ্টাৰ ভিতৰত আৰ টি পি চি আৰ পৰীক্ষা কৰা প্ৰমানপত্ৰ লগত নিব লাগিব । পৰীক্ষাৰ্থীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । সকলোকে থাৰমেল স্কেনিং কৰা হ'ব । একোজন পৰীক্ষাৰ্থীয়ে ছেনিটাইজাৰৰ সৰ্বাধিক ৬০ মিলিলিটাৰৰ বটল লগত ৰাখিব পাৰিব । উল্লেখযোগ্য যে গোলাঘাট জিলাত এইবাৰ ২০২০গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব । ইয়াৰে ডি আৰ কলেজত ১৬ গৰাকী বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থী থাকিব । গোলাঘাটত মুঠ ১২টা কেন্দ্ৰ থাকিব । কেন্দ্ৰসমূহ হ'ল ডি আৰ কলেজ, কমাৰ্চ কলেজ, এইচ পি বি গাৰ্লছ কলেজ, গভমেণ্ট বি বি এইচ এছ স্কুল, দণ্ডধৰ বৰুৱা গাৰ্লছ স্কুল, কে কে বি বি হাইস্কুল, টাউন হিন্দী হাইস্কুল, ফণী বৰদলৈ হাইস্কুল, বেংগলী হাইস্কুল, কচাৰিহাট হাইস্কুল, কচাৰিহাট গাৰ্লছ এইচ এছ স্কুল আৰু চান্দমাৰী হাইস্কুল । প্ৰতিটো কেন্দ্ৰত ১০০ৰ পৰা ২০০গৰাকী পৰীক্ষাৰ্থী থাকিব । প্ৰতিটো কেন্দ্ৰ আগতীয়াকৈ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হ'ব । পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম কাকত আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দ্বিতীয় কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব । পৰীক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । পৰীক্ষাৰ্থীসকলে 03774-283282 নম্বৰত এই নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি পৰীক্ষা সম্পৰ্কীয় প্ৰশ্ন সুধিব পাৰিব । পুৱা চাৰে ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই নম্বৰত ফোন কৰিব পাৰিব ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Daily Flood Report of Golaghat District as on 09-Sep-2021

Daily Flood Report of Golaghat District as on 09-Sep-2021

*গোলাঘাটত আজিৰে পৰা গঁড়ৰ খড়্গৰ পুনৰীক্ষন প্ৰক্ৰিয়া আৰম্ভ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৫৪

*গোলাঘাটত আজিৰে পৰা গঁড়ৰ খড়্গৰ পুনৰীক্ষন প্ৰক্ৰিয়া আৰম্ভ*

গোলাঘাট, ৯ ছেপ্টেম্বৰ : গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজিৰেপৰা গোলাঘাট কোষাগাৰত জমা কৰি ৰখা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লৈছে । এই প্ৰক্ৰিয়াত মুঠ ১,১৯৫ টা খড়্গ পৰীক্ষা কৰা হ'ব । ইয়াৰে ১,১৯২ টা গোলাঘাট জিলা কোষাগাৰৰ পৰা আৰু তিনিটা যোৰহাটৰ পৰা অনা হৈছে । এই প্ৰক্ৰিয়া ১৫ ছেপ্টেম্বৰলৈকে চলিব । বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ, সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে । কাৰিকৰী সমিতিৰ উপৰি কেন্দ্ৰীয় সমিতি আৰু স্থানীয় পৰ্যায়ত মাণ্ডলিক সমিতিও আছে । আটাইকেইখন সমিতিত প্ৰায় ৫০ জন সদস্য আছে । এই প্ৰক্ৰিয়াত গঁড়ৰ খড়্গসমূহ পৰীক্ষা কৰাৰ লগতে ডি এন এ নমুনা সংগ্ৰহ কৰা হ'ব । উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে জমা কৰি ৰখা গঁড়ৰ খড়্গসমূহৰ পুনৰীক্ষণৰ বাবে ৭টা জ'নত ভাগ কৰি দিয়া হৈছিল । ইয়াৰে অন্যান্য জ'নসমূহৰ লগতে বোকাখাত জ'নৰ অধীনত কঁহৰাত ইতিমধ্যে পৰীক্ষা সম্পূৰ্ণ হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

“*“তিনি প্ৰকাৰৰ স্নেহ তথা অন্তৰৰ স্নেহী সন্তানসকলৰ বিশেষত্ব”*”

অসমীয়া (Assamese)
Daily Murli
29-08-2021 প্ৰাতঃমুৰুলীওঁম্‌ শান্তি“অব্যক্ত বাপদাদা” 12-03-1988
মধুবন

“*“তিনি প্ৰকাৰৰ স্নেহ তথা অন্তৰৰ স্নেহী সন্তানসকলৰ বিশেষত্ব”*”

আজি বাপদাদাই নিজৰ স্নেহী, সহযোগী আৰু শক্তিশালী - এনেকুৱা তিনিওটি বিশেষত্বৰে সম্পন্ন সন্তানসকলক চাই আছেহঁক। এই তিনিওটি বিশেষত্ব যাৰ সমানে আছে, তেৱেঁই বিশেষ আত্মাসকলৰ ভিতৰত ‘এক নম্বৰ’ আত্মা হয়। স্নেহীও হওঁক আৰু সদায় সকলো কাৰ্যত সহযোগীও হওঁক, লগতে শক্তিশালীও হওঁক। স্নেহীতো সকলোৱে হয় কিন্তু স্নেহত এক হ'ল অন্তৰৰ স্নেহ, দ্বিতীয়তে হ'ল সময় অনুসৰি স্বাৰ্থ জড়িত স্নেহ আৰু তৃতীয়তে হ'ল বাধ্য-বাধকতাৰ সময়ৰ স্নেহ। যি অন্তৰৰ স্নেহী হয় তেওঁৰ বিশেষত্ব এইটো হ'ব - তেওঁ সৰ্ব সম্বন্ধ আৰু সৰ্ব প্ৰাপ্তি সদায়, সহজে, স্বতঃ অনুভৱ কৰিব। এটা সম্বন্ধৰ অনুভূতিৰো অভাৱ নাথাকিব। যেনেকুৱা সময় তেনেকুৱা সম্বন্ধৰ স্নেহৰ ভিন্ন ভিন্ন অনুভৱ কৰোঁতা, সময়ক জানোঁতা আৰু সময় অনুসৰি সম্বন্ধকো জানোঁতা হ'ব।

যেতিয়া পিতাই শিক্ষকৰ ৰূপত শ্ৰেষ্ঠ পাঠ পঢ়াই আছে, এনেকুৱা সময়ত ‘শিক্ষক’ৰ সম্বন্ধ অনুভৱ নকৰি, ‘সখা’ ৰূপৰ অনুভূতিত, মিলন উদযাপন বা বাৰ্তালাপ কৰিবলৈ লাগি গ’লে তেতিয়া পঢ়াৰ প্ৰতি মনোযোগ নাথাকিব। পঢ়াৰ সময়ত যদি কোনোবাই কয় যে মই বাণীৰ সিপাৰৰ স্থিতিত বহুত শক্তিশালী অনুভৱ কৰি আছোঁ, তেন্তে পঢ়াৰ সময়ত এইটো জানো উচিত হয়? কিয়নো যেতিয়া পিতাই শিক্ষকৰ ৰূপত পঢ়াৰ দ্বাৰা শ্ৰেষ্ঠ পদৰ প্ৰাপ্তি কৰাবলৈ আহে তেন্তে সেই সময়ত শিক্ষকৰ সন্মুখত ঈশ্বৰীয় বিদ্যাৰ্থীৰ জীৱনেই যথাৰ্থ হয়। ইয়াক কোৱা হয় সময়ক বুজি সেই অনুসৰি সম্বন্ধক চিনি আৰু সম্বন্ধ অনুসৰি স্নেহৰ প্ৰাপ্তিৰ অনুভূতি। এইটোৱে বুদ্ধিক ব্যায়াম কৰোৱা, যিয়ে যেনেকুৱা বিচৰা, যি সময়ত বিচৰা তেনেকুৱা স্বৰূপ আৰু স্থিতিত স্থিত হ'ব পাৰে।

যিদৰে কোনোবা শৰীৰেৰে গধুৰ হয়, বোজা আছে তেন্তে নিজৰ শৰীৰক সহজে যেনেকৈ বিচাৰে তেনেকৈ ভাঁজ দিব নোৱাৰিব। সেইদৰে যদি মোটা বুদ্ধি হয় অৰ্থাৎ কিবা নহয় কিবা প্ৰকাৰৰ ব্যৰ্থ বোজা বা ব্যৰ্থ আৱৰ্জনা বুদ্ধিত ভৰি আছে, কিবা নহয় কিবা অশুদ্ধি আছে তেন্তে এনেকুৱা বুদ্ধিৰ সকলে যি সময়ত বিচাৰে, তেনেকৈ বুদ্ধিক ভাঁজ দিব নোৱাৰিব, সেয়েহে বহুত স্বচ্ছ, গভীৰ অৰ্থাৎ অতি সূক্ষ্ম বুদ্ধি, দিব্য বুদ্ধি, বেহদৰ (অসীমৰ) বুদ্ধি, বিশাল বুদ্ধি লাগে। এনেকুৱা বুদ্ধিৰ সকলেহে সৰ্ব সম্বন্ধৰ অনুভৱ যি সময়, যেনেকুৱা সম্বন্ধ তেনেকৈ নিজৰ স্বৰূপৰ অনুভৱ কৰিব পাৰিব। তেন্তে স্নেহী সকলো হয়, কিন্তু সৰ্ব সম্বন্ধৰ স্নেহ সময় অনুসৰি অনুভৱ কৰোঁতা সদায়েই এইটো অনুভৱত ইমান ব্যস্ত হৈ থাকে, প্ৰতিটো সম্বন্ধৰ ভিন্ন ভিন্ন প্ৰাপ্তিত ইমান স্নেহত লীন হৈ থাকে, মগ্ন হৈ থাকে যে কোনো প্ৰকাৰৰ বিঘিনিয়ে নিজৰ ফালে বশ্যতা স্বীকাৰ কৰাব নোৱাৰে সেয়েহে স্বতঃ সহজ যোগী স্থিতিৰ অনুভৱ কৰে। ইয়াক কোৱা হয় এক নম্বৰৰ যথাৰ্থ স্নেহী আত্মা। স্নেহৰ বাবে এনেকুৱা আত্মাৰ সময়ত পিতাৰ দ্বাৰা প্ৰতিটো কাৰ্যত স্বতঃ সহযোগৰ প্ৰাপ্তি হৈ থাকে। এই কাৰণে 'স্নেহ' অখণ্ড, অটল, অচল, অবিনাশী অনুভৱ হয়। বুজিলা? এয়া হ'ল এক নম্বৰ স্নেহীৰ বিশেষত্ব। দ্বিতীয়, তৃতীয়ৰ বৰ্ণনা কৰাৰতো আৱশ্যকতাই নাই কিয়নো সকলোৱে ভালদৰে জানা। গতিকে বাপদাদাই এনেকুৱা স্নেহী সন্তানসকলক চাই আছিল। আদিৰ পৰা এতিয়ালৈকে স্নেহ একৰস হৈ আছে নে সময় অনুসৰি, সমস্যা অনুসৰি বা ব্ৰাহ্মণ আত্মাসকলৰ সম্পর্ক অনুসৰি সলনি হৈ থাকে, এই ক্ষেত্ৰতো পাৰ্থক্য আহি যায় নহয় জানো।

আজি স্নেহৰ বিষয়ে শুনালোঁ, পাছত সহযোগ আৰু শক্তিশালী, তিনিওটি বিশেষত্বধাৰী আত্মাৰ মহত্ব শুনাম। তিনিওটাই জৰুৰী। তোমালোক সকলোৱেতো এনেকুৱা স্নেহী হোৱা নহয়? অভ্যাস আছে নহয়? যেতিয়া য'ত বুদ্ধিক স্থিত কৰিব বিচৰা, এনেকুৱা কৰিব পাৰানে? নিয়ন্ত্রণ শক্তি আছে নহয়? শাসন কৰাৰ শক্তি তেতিয়া আহে যেতিয়া প্ৰথমে নিয়ন্ত্রণ শক্তি থাকে। আৰু যিয়ে নিজকে নিয়ন্ত্রণ কৰিব নোৱাৰে তেওঁ ৰাজ্যক কি নিয়ন্ত্রণ কৰিব? সেয়েহে নিজক নিয়ন্ত্রণত চলোৱাৰ শক্তিৰ অভ্যাস এতিয়াৰে পৰাই লাগে, তেতিয়াহে ৰাজ্য অধিকাৰী হ'বা, বুজিলা?

আজিতো মিলন উদযাপন কৰাসকলৰ নিৰ্ধাৰিত সীমা (কোটা) পূৰা কৰিব লাগে। চোৱা, সংগমযুগত যিমানেই সংখ্যাৰ বন্ধনত নাবান্ধক কিন্তু বান্ধ খাবা জানো। সংখ্যাতকৈ অধিক আহি যায়, সেয়েহে সময়ক, সংখ্যাক আৰু যিটো শৰীৰৰ আধাৰ লোৱা তাক চাই, সেইটো বিধিৰেই চলিবলগীয়া হয় বতনত সকলোবোৰ চাবলগীয়া নহয় কিয়নো সূক্ষ্ম শৰীৰৰ গতি স্থূল শৰীৰতকৈ বহুত তীব্ৰ হয়। এফালে সাকাৰ শৰীৰধাৰী, আনফালে ফৰিস্তা স্বৰূপ- দুয়োৰে চলনত কিমান পাৰ্থক্য থাকিব! ফৰিস্তা কিমান সময়ত গৈ পাব আৰু সাকাৰ শৰীৰধাৰী কিমান সময়ত গৈ পাব? বহুত পাৰ্থক্য আছে। পিতা ব্ৰহ্মায়ো সূক্ষ্ম শৰীৰধাৰী হৈ কিমান তীব্ৰ গতিৰে চাৰিওফালে সেৱা কৰি আছে! সেইজন ব্ৰহ্মাই সাকাৰ শৰীৰধাৰী হৈ থাকিল আৰু এতিয়া সূক্ষ্ম শৰীৰধাৰী হৈ কিমান তীব্ৰগতিৰে আগবাঢ়ি আৰু আগবঢ়াই লৈ গৈ আছে! এইটোতো অনুভৱ কৰা নহয়!

সূক্ষ্ম শৰীৰৰ গতি এই জগতৰ সবাতোকৈ তীব্ৰগতিৰ সাধনবোৰৰ ভিতৰত তীব্ৰ হয়। এক চেকেণ্ডতে সেই সময়তে অনেকক অনুভৱ কৰাব পাৰে। সকলোৱে ক’ব যে মই এই সময়ত পিতাক দেখিলোঁ বা পিতাক লগ পালোঁ, প্ৰত্যেকেই ভাবিব যে মই বাৰ্তালাপ কৰিলোঁ, মই মিলন উদযাপন কৰিলোঁ, মই সহায় প্ৰাপ্ত কৰিলোঁ, কিয়নো তীব্ৰগতিৰ কাৰণে একে সময়তে প্ৰত্যেকৰে এনেকুৱা অনুভৱ হয়, যেন মই কৰিলোঁ। গতিকে ফৰিস্তা জীৱন বন্ধনমুক্ত জীৱন। যদিও সেৱাৰ বন্ধন আছে, কিন্তু গতি ইমান তীব্ৰ যে যিয়ে যিমানেই কৰে সিমান কৰিও সদায় মুক্ত হৈ থাকে। যিমানেই স্নেহী, সিমানেই উপৰাম (অনাসক্ত)। সকলোৰে দ্বাৰাই কৰায় কিন্তু কৰোৱা স্বতেও অশৰীৰী ফৰিস্তা হোৱাৰ কাৰণে সদায়েই স্বতন্ত্র স্থিতিৰ অনুভৱ হয় কিয়নো শৰীৰ আৰু কৰ্মৰ অধীন নহয়। তোমালোকৰো অনুভৱ আছে যেতিয়া ফৰিস্তা স্থিতিৰে কোনো কাৰ্য কৰা তেতিয়া বন্ধনমুক্ত অৰ্থাৎ পাতল অনুভৱ কৰা নহয় জানো। আৰু যি হয়েই ফৰিস্তা, লোকো সেইখনেই, তেন্তে শৰীৰো সেয়া, তেন্তে কি অনুভৱ হ'ব, জানিব পাৰা নহয়। বাৰু!

চাৰিওফালৰ সকলো অন্তৰৰ স্নেহী সন্তানসকলক, সদায় দিব্য, বিশাল, বেহদৰ বুদ্ধিমান সন্তানসকলক, সদায় পিতা ব্ৰহ্মাৰ সমান ফৰিস্তা স্থিতিৰ অনুভৱ কৰি তীব্ৰগতিৰে সেৱাত, স্ব-উন্নতিত সফলতা প্ৰাপ্ত কৰোঁতা, সদায় সহযোগী হৈ পিতাৰ সহযোগৰ অধিকাৰৰ অনুভৱ কৰোঁতা - এনেকুৱা বিশেষ আত্মাসকলক, সমান হওঁতা মহান আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

অব্যক্ত বাপদাদাৰ সৈতে ব্যক্তিগত সাক্ষাৎ

(1) সদায় নিচিন্ত বাদশ্বাহ হোৱা নহয়! যেতিয়া পিতাক দ্বায়িত্ব দি দিলা তেন্তে চিন্তা কোনটো কথাৰ? যেতিয়া নিজৰ ওপৰত দায়িত্ব ৰাখা তেতিয়া চিন্তা হয় - কি হ'ব, কেনেকৈ হ'ব...... আৰু যেতিয়া পিতাক হস্তান্তৰ কৰি দিলা তেন্তে চিন্তা কাৰ হ'ব লাগে, পিতাৰ নে তোমালোকৰ? আৰু পিতাতো সাগৰ হয়, তেওঁৰ চিন্তা নাথাকিবই। তেন্তে পিতাও নিচিন্ত আৰু সন্তানসকলো নিচিন্ত হৈ গ'ল। গতিকে যি কৰ্মই নকৰা, কৰ্ম কৰাৰ আগতে এইটো ভাবা যে মই নিমিত্ত (ট্ৰাষ্টি) হওঁ। নিমিত্তই কাম বহুত স্নেহেৰে কৰে কিন্তু বোজা নাথাকে। নিমিত্তৰ অৰ্থই হ'ল পিতা, সকলো তোমাৰ। গতিকে ‘তোমাৰ’ কৰি দিলে প্ৰাপ্তিও বেছি আৰু বোজা মুক্ত হৈও থাকিব, কামো ভাল হ'ব, কিয়নো যেনেকুৱা স্মৃতি তেনেকুৱাই স্থিতি হয়। ‘তোমাৰ’ মানে পিতাৰ স্মৃতি। কোনো সাধাৰণ মহান আত্মা নহয়, পিতা হয়! গতিকে যেতিয়া ‘তোমাৰ’ বুলি কৈ দিলা তেন্তে কাৰ্যও ভাল আৰু স্থিতিও সদায় নিচিন্ত। যেতিয়া পিতাই প্ৰস্তাৱ দি আছে যে চিন্তা দি দিয়া, তথাপিও যদি প্ৰস্তাৱ নামানে তেন্তে কি বুলি কোৱা হ'ব? পিতাৰ প্ৰস্তাৱ হৈছে বোজা এৰা। গতিকে সদায় নিচিন্ত হৈ থাকিব লাগে আৰু আনকো নিচিন্ত হোৱাৰ অনুভৱেৰে বিধি (উপায়) শুনাব লাগে। বহুত আশীর্বাদ পাবা! কাৰোবাৰ বোজা বা চিন্তা লৈ ল’লে তেতিয়া অন্তৰেৰে আশীৰ্বাদ দিব। গতিকে নিজেও নিচিন্ত বাদশ্বাহ আৰু আনৰো শুভ-ভাৱনাৰ আশীর্বাদ প্ৰাপ্ত হ'ব। গতিকে বাদশ্বাহ হোৱা, অবিনাশী ধনৰ বাদশ্বাহ হোৱা! বাদশ্বাহৰ কি চিন্তা! বিনাশী বাদশ্বাহসকলৰতো চিন্তা থাকে কিন্তু এয়া অবিনাশী হয়। বাৰু!

(2) অবিনাশী সুখ আৰু অল্পকালৰ সুখ - দুয়োটাৰে অনুভৱী হোৱা নহয়? অল্পকালৰ সুখ হ'ল - স্থূল সাধনৰ সুখ আৰু অবিনাশী সুখ হ'ল - ঈশ্বৰীয় সুখ। তেন্তে সকলোতকৈ ভাল সুখ কোনটো? ঈশ্বৰীয় সুখৰ যেতিয়া প্ৰাপ্তি হৈ যায় তেতিয়া বিনাশী সুখ আপোনাআপুনি পিছে পিছে আহে। যিদৰে কোনোবাই ৰ'দত খোজকাঢ়ি গ’লে তেতিয়া তেওঁৰ পিছে পিছে ছায়া আপোনাআপুনি আহে আৰু যদি কোনোবা ছায়াৰ পিছত যায় তেন্তে একো প্ৰাপ্তি নহ’ব। গতিকে যি ঈশ্বৰীয় সুখৰ ফালে যায়, তেওঁৰ পিছত অল্পকালৰ সুখ আপোনাআপুনি ছায়াৰ দৰে আহি থাকিব, পৰিশ্ৰম কৰিবলগীয়া নহ’ব। যেনেকৈ কয় যে য'ত পৰমাৰ্থ থাকে ত’ত ব্যৱহাৰ স্বতঃ সিদ্ধ হৈ যায়। সেইদৰে ঈশ্বৰীয় সুখ হ'ল 'পৰমাৰ্থ' আৰু বিনাশী সুখ হ'ল 'ব্যৱহাৰ'। গতিকে পৰমাৰ্থৰ আগত ব্যৱহাৰ আপোনাআপুনি আহে। তেন্তে সদায় এইটো অনুভৱত থাকিবা যাৰ দ্বাৰা দুয়োটাই পাবা। নহ’লে এটা পাবা আৰু সেয়াও বিনাশী হ'ব। কেতিয়াবা পাবা, কেতিয়াবা নাপাবা কিয়নো বস্তুৱেই হৈছে বিনাশী, তাৰ পৰা পাবাই বা কি? যেতিয়া ঈশ্বৰীয় সুখ প্ৰাপ্ত হৈ যায় তেতিয়া সদায় সুখী হৈ যায়, দুখৰ নাম-চিহ্ন নাথাকে। ঈশ্বৰীয় সুখ পালা মানে সকলো পালা, কোনো অপ্ৰাপ্তি নাথাকে। অবিনাশী সুখত থাকোঁতাই বিনাশী বস্তুক অনাসক্ত হৈ ব্যৱহাৰ কৰিব, আবদ্ধ হৈ নাযাব। বাৰু!

(3) সদায় নিজক কল্প পূৰ্বৰ বিজয়ী পাণ্ডৱ বুলি ভাবানে? যেতিয়াই পাণ্ডৱসকলৰ স্মাৰক চিত্ৰ দেখিবলৈ পোৱা তেতিয়া এনেকুৱা লাগে যে কি এয়া আমাৰ স্মাৰক? গতিকে পাণ্ডৱ অৰ্থাৎ সদায় মজবুত হৈ থাকোঁতা সেয়েহে পাণ্ডৱসকলৰ শৰীৰ ওখ-পাখ দেখুৱায়, কেতিয়াও দুৰ্বল নেদেখুৱায়। আত্মা বাহাদুৰ (সাহসী) হয়, শক্তিশালী হয়, তাৰ সলনি শৰীৰক শক্তিশালী দেখুৱাইছে। পাণ্ডৱৰ বিজয় প্ৰসিদ্ধ। কৌৰৱৰ বিশাল (অক্ষৌহিনী) সেনাবাহিনী থকা সত্ত্বেও হাৰি গ'ল আৰু পাণ্ডৱ পাঁচজন হৈয়ো জিকি গ'ল। কিয় বিজয়ী হ'ল? কিয়নো পাণ্ডৱৰ সৈতে পিতা আছে, পাণ্ডৱ শক্তিশালী হয়, আধ্যাত্মিক শক্তি আছে, সেয়েহে বিশাল সেনাবাহিনী থকা কৌৰৱৰ শক্তি তেওঁলোকৰ আগত একোৱেই নহয়। এনেকুৱা হোৱা নহয়? যিয়েই সন্মুখত নাহক, মায়া যি ৰূপতেই নাহক এতিয়া সেয়া পৰাজিত হৈ যাওঁক, জিকিব যাতে নোৱাৰে, ইয়াক কোৱা হয় বিজয়ী পাণ্ডৱ। মাতাসকলো পাণ্ডৱ সেনাত আছা নহয়। নে ঘৰত থাকোঁতা হোৱা? যিসকল দুৰ্বল হয়, তেওঁলোক ঘৰত লুকাই থাকে, বাহাদুৰ যুদ্ধক্ষেত্ৰলৈ আহে। তেন্তে ক'ত থাকা, যুদ্ধক্ষেত্ৰত নে ঘৰত? গতিকে সদায় এইটো নিচাৰে আগবাঢ়ি গৈ থাকা যে আমি পাণ্ডৱ সেনাৰ বিজয়ী পাণ্ডৱ হওঁ।

(4) নিজক বেহদৰ নিমিত্ত সেৱাধাৰী বুলি ভাবানে? বেহদৰ সেৱাধাৰী অৰ্থাৎ কোনো প্ৰকাৰৰ ‘মই ভাৱ’ বা ‘মোৰ ভাৱ’ৰ সীমাত আহোঁতা নহয়। বেহদত ‘মই’ আৰু ‘মোৰ’ কোনোটোৱে নাই, সকলো পিতাৰ, ময়ো পিতাৰ, তেন্তে সেৱাও পিতাৰ। ইয়াক কোৱা হয় বেহদৰ সেৱা। এনেকুৱা বেহদৰ সেৱাধাৰী হোৱা নে হদত (সীমাত) আহি যোৱা? বেহদৰ সেৱাধাৰীয়ে বেহদৰ বাদশ্বাহী প্ৰাপ্ত কৰে। সদায় বেহদৰ পিতা, বেহদৰ সেৱা আৰু বেহদৰ ৰাজ্য-ভাগ্য - এইটোৱেই স্মৃতিত ৰাখা তেতিয়া বেহদৰ আনন্দ থাকিব। হদত আনন্দ নোহোৱা হৈ যায়, বেহদত সদায় আনন্দ থাকে। বাৰু!

বিদায় বেলাত:- এতিয়াতো সেৱাৰ পৰিকল্পনা বহুত ভাল কৰিছা। সেৱাও বাস্তৱত উন্নতিৰ সাধন হয়। যদি সেৱাক সেৱাৰ ৰীতিৰে কৰা তেন্তে সেৱাই আগবঢ়াই নিয়াৰ লিফ্ট প্ৰদান কৰে। কেৱল সৰল (প্লেইন) বুদ্ধিৰ হৈ পৰিকল্পনা (প্লেন) কৰা, অলপো যাতে ইফাল-সিফালৰ মিহলি নহয়। যিদৰে কিবা ভাল বস্তু সাজিলা আৰু ইফাল-সিফালৰ বতাহত অলপ ধুলি পৰি যায় তেন্তে কি হৈ যাব? সেয়েহে চম্ভালি ৰাখে নহয় জানো। গতিকে ইফাল-সিফালৰ একোৱে যাতে মিহলি নহয়। এনেকৈ সেৱাৰ ভাল পৰিকল্পনা কৰে। সেৱাত পৰিশ্ৰম, পৰিশ্ৰম যেন নালাগে, আনন্দিত হয় কিয়নো নিষ্ঠাৰে কৰে, উৎসাহ-উদ্দীপনাও ভাল থাকে। সেৱাৰ উৎসাহ দেখি বাপদাদা আনন্দিতও হয়। কেৱল যাতে মিহলি হৈ নাযায় তেতিয়া যিমান সময়ত সেৱা হ’ল, তাতকৈ 4 গুণ হ’ব পাৰে। সৰল বুদ্ধিয়ে তীব্ৰ গতিৰ সেৱা প্ৰত্যক্ষৰূপত দেখুৱাব। এতিয়া তথাপিও ভাবিবলগীয়া হয় যে এইটো কৰোঁ, এইটো নকৰোঁ, এইটোতো নহ’ব, সেইটোতো নহ’ব? কিন্তু সকলো এক বুদ্ধিৰ হৈ যাওঁক - যিয়ে কৰিলে তেওঁ ভাল, যি কৰিলে সেয়া ভাল। এইটো পাঠ দৃঢ় হৈ গ’লে তেতিয়া তীব্ৰ গতিৰ সেৱা আৰম্ভ হৈ যাব। এনেয়েও আগতকৈ সেৱা গতি তীব্ৰ হৈ আছে, বৃদ্ধি হৈ আছে, সফলতাও প্ৰাপ্ত হৈ আছে। কিন্তু এতিয়াৰ হিচাপত বিশ্বৰ আত্মাসকলক সংবাদ দিয়াৰ হিচাপততো এতিয়া কোণালৈকে (চুকে কোণে) গৈ পাইছে। ক’ত চাৰে পাঁচশ কোটি আত্মা আৰু ক’ত সংবাদ পাইছে এক কোটি দুই কোটি আত্মাই! বাকী কিমান আছে? অৱশ্যে হয়, ৰাজধানীৰ সমীপৰসকল আহি উপস্থিত হৈ গৈছে কিন্তু আহিবতো সকলোৱে লাগে। উত্তৰাধিকাৰতো সকলোকে দিব লাগে, মুক্তিৰে দিয়া বা জীৱন মুক্তিৰে দিয়া। কিন্তু দিবতো সকলোকে লাগে, এগৰাকীও পিতাৰ সন্তান যাতে বঞ্চিত হৈ নাযায়। যিকোনো প্ৰকাৰে নহওক উত্তৰাধিকাৰৰ অধিকাৰীতো কৰি তুলিবই লাগিব, লাগিলে যিকোনো বিধিৰে সংবাদ শুনক, ইয়াৰ বাবে ‘তীব্ৰগতি’ৰ প্ৰয়োজন। এয়াও সময় আহি আছে। হৈ যাব।

এতিয়া লাহে লাহে সকলো ধৰ্মাৱলম্বীয়ে নিজৰ নিজৰ কথাবোৰত নমনীয় (ম’ল্ড) হ’ব ধৰিছে। প্ৰথমে বহুত গোড়া আছিল, এতিয়া অলপ নমনীয় হ’ব ধৰিছে। খ্ৰীষ্টানেই হওঁক বা মুছলিমেই হওঁক কিন্তু ভাৰতীয় দৰ্শনক অন্তৰেৰে সন্মান কৰে কিয়নো ভাৰতীয় দৰ্শনত সকলো প্ৰকাৰৰ ৰমণীয়তা আছে। এনেকুৱা অন্য ধৰ্মত নাই। কাহিনীৰ ৰীতিৰে, নাটকৰ (ড্ৰামাৰ) ৰীতিৰে ভাৰতীয় দৰ্শনৰ যি প্ৰকাৰে বৰ্ণনা কৰে, তেনেকুৱা আন ধৰ্ম ক’তো নাই সেয়েহে যিসকল একেবাৰে গোড়া আছিল, তেওঁলোকেও ভিতৰি বুজি পায় যে ভাৰতীয় দৰ্শন, তাৰ ভিতৰতো আদি সনাতন দৰ্শন কম নহয়। সেই দিনো আহি যাব যেতিয়া সকলোৱে ক'ব যে যদি দৰ্শন আছে তেন্তে আদি সনাতন ধৰ্মৰ আছে। ‘হিন্দু’ শব্দটি শুনিলে বিতুষ্ট হৈ যায় কিন্তু ‘আদি সনাতন ধৰ্ম’ক সন্মান কৰিব। ভগৱান এজন গতিকে ধৰ্মও এটা - আমাৰ সকলোৰে ধৰ্ম এক – এনেকৈ লাহে লাহে আত্মাৰ ধৰ্মৰ ফালে আকৰ্ষিত হৈ যাব। ভালবাৰু!

বৰদান:মনৰ শক্তিৰ দ্বাৰা ব্যৰ্থৰ বোজা সমাপ্ত কৰোঁতা সদায় শক্তিশালী হোৱা
আত্মাত ব্যৰ্থৰে বোজা আছে। ব্যৰ্থ সংকল্প, ব্যৰ্থ বাণী, ব্যৰ্থ কৰ্ম ইয়াৰ দ্বাৰা আত্মা গধুৰ হৈ যায়। এতিয়া এই বোজা সমাপ্ত কৰা। এই বোজা সমাপ্ত কৰিবৰ বাবে সদায় সেৱাত ব্যস্ত হৈ থাকা, মনন শক্তি বঢ়োৱা। মনন শক্তিৰে আত্মা শক্তিশালী হৈ যাব। যিদৰে ভোজন হজম কৰিলে তেজ গঠন হয়, আকৌ সেয়াই শক্তিৰ কাম কৰে, সেইদৰে মনন কৰিলে আত্মাৰ শক্তি বৃদ্ধি পায়।
শ্লোগান:যিয়ে নিজৰ স্বভাৱ সৰল কৰি লয় তেওঁৰ সময় ব্যৰ্থত নাযায়।
!! ওঁম্ শান্তি !!

Chief Keshab Bora Mother and Nature Nagaon District committee

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...