Saturday, 4 September 2021
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
Email- mother.and.nature2021@gmail.com
আমাৰ সকলো সদস্য মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল , মোৰ সকলোলৈ আহ্বান। আমাৰ সকলো জিলাতে এখনকৈ সকলোকে সামৰি মঞ্চ গঠন কৰিবলৈ অনুৰোধ জনালো।
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত।
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব।
🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব।
🚩আমাৰ কোনো জাতি ধৰ্ম বোলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই।
🚩আমাক বিশ্বত মানৱ জাতি বোলি হে জানিব।
🚩 আমাৰ কৰ্মই ধৰ্ম হব।
🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ।
🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।
🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব। যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।
🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব।
🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।
মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ।
ধন্যবাদেৰে মাধৱ গগৈ।।
আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো ।।
https://www.facebook.com/groups/337392691438331/?ref=share
https://www.facebook.com/মা-আৰু-প্ৰকৃতি-Mother-and-Nature-मा-और-प्रकृति-107887604953240/
Friday, 3 September 2021
*ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ জিলা পৰ্যায়ৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক সম্পন্ন*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৫২
গোলাঘাট, ৩ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী চমুকৈ এন টি চি পিৰ জিলা পৰ্যায়ৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এন টি চি পিৰ জিলা কোষৰ ন'ডেল বিষয়া ডাঃ সুনীতা এক্কাই পাৱাৰপইণ্ট প্ৰেজেন্টেছেনৰ সহায়ত ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিলাখনত কৰা কাম-কাজ আৰু ধঁপাতৰ ভয়াৱহতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে ধোঁৱা ওলোৱা আৰু ধোঁৱাবিহীন দুয়ো প্ৰকাৰৰ ধঁপাতেই স্বাস্থ্যৰ ভয়ানক ক্ষতি কৰিব পাৰে । চিগাৰেটত ৪হাজাৰ বিধ ৰাসায়নিক দ্ৰব্য, ২০০বিধ বিষাক্ত সামগ্ৰী আৰু ৪৩৮বিধ কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা দ্ৰব্য থাকে বুলি তেওঁ উল্লেখ কৰে । তেওঁ উঠি অহা প্ৰজন্মৰ মাজত ধঁপাতজাতীয় তথা নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন বৃদ্ধি পোৱাৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্ৰী নাৰায়ণ কুৰীয়ে কয় যে ধঁপাতৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিয়ে ইয়াৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ । তেওঁ বিশেষকৈ শিক্ষানুষ্ঠানসমূহত বিশেষ সজাগতা অভিযান চলোৱাৰ লগতে ধঁপাতৰ প্ৰতি আসক্ত লোকক মূল সুঁতিলৈ ওভতাই আনিবলৈ চিকিৎসক, মনোৰোগ চিকিৎসক আদিৰ দ্বাৰা উপযুক্ত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৈঠকত অংশ লোৱা চিকিৎসক, আৰক্ষী বিষয়া, বিভিন্ন বিভাগ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই ধঁপাতৰ প্ৰচলন নোহোৱা কৰাৰ ক্ষেত্ৰত প্ৰতিটো বিভাগে সমন্বয়েৰে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । বৈঠকত অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, উপ আৰক্ষী অধীক্ষক শ্ৰী মাধুৰ্য বৰুৱা, চিকিৎসা বিষয়া ডঃ ৰঞ্জিত হাজৰিকা আৰু জিলা কৃষি বিষয়া শ্ৰী নবীন চন্দ্ৰ বৰাৰ লগতে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...