Tuesday, 13 July 2021

অহা কালিলৈ ইংৰাজী ১৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

13 July, 2021

অহা  কালিলৈ ইংৰাজী ১৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । ইয়াৰোপৰি সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহৰ ব্যক্তিসকলৰ বাবেও দুটা বিশেষ প্ৰতিষেধক শিবিৰৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

13 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 14/07/2021

13 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 14/07/2021

13 July, 2021Golaghat Covid🦠 Details

13 July, 2021

Golaghat Covid🦠 Details

*গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান*

13 July, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১২১

*গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান* 

গোলাঘাট, ১৩ জুলাই : গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । জিলাখনত ক'ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই মদ আৰু সুৰা বিক্ৰী কৰা ঠাইসমূহ যাতে ক'ভিড সংক্ৰমণৰ স্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাবলৈ মুখ্যমন্ত্ৰীৰ লগতে অভিভাৱক মন্ত্ৰীৰ হৈ জিলাখনলৈ অহা উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে নিৰ্দেশ দিছিল । এই নিৰ্দেশৰ পাছতেই আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান তীব্রতৰ কৰি তুলিছে । জিলাখনৰ ভিন ভিন ঠাইত যোৱা তিনিটা দিনত গোলাঘাট জিলাৰ আবকাৰী অধীক্ষক শ্ৰীযুত সঞ্জীৱ শইকীয়াৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে । যোৱা তিনিটা দিনত জিলাখনৰ চকিটিং, বকলাই, বেঙেনাখোৱা, তৰাণী, মধুপুৰ, গমাৰী, বৰজান, লেংঠা, বিহৰা, নুমলীগড়, বালিজান, নিকৰি মিছিং গাঁও, মিছামৰা, কছাৰী গাঁও, বিলটিয়া, ধেমাজি মিছিং গাঁও, উল্টাজান, মুৰফুলনি, ৰঙাজান চাহ বাগিচা, বৰচাপৰি আৰু চাপৰি গাঁও, মিছামৰা, নভঙা মিছিং গাঁও, বনগাঁও, ধনতোলা, চিলনীজান আদি ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই আৰু অবৈধ সুৰা তথা সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰে । এই অভিযানকালত ৯,৫৮০ লিটাৰ মদ বনোৱা পাছ, ১৯০ লিটাৰ চুলাই মদ, ২৪ লিটাৰ দেশীয় সুৰা, ২৯.৪৪০ লিটাৰ বিদেশী সুৰা, লাওপানী ৩৪ কেজি আৰু ২৫টা মদ প্ৰস্তুত কৰা সঁজুলি জব্দ কৰাৰ লগতে ৭ জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জৰিমনা বিহা হয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

13 July, 2021বৰ্তমান কোভিড মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা দণ্ডাধীশে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে |১) জিলা প্ৰশাসনৰ অনুমতি অবিহনে বিবাহ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব | বিবাহৰ আগত বা পাছত, অভ্যৰ্থনা অনুষ্ঠান নিষিদ্ধ কৰা হৈছে |২) ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত জন সমাবেশ সম্পুৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে | নামঘৰ, সত্ৰ সমূহত যিকোনো ধৰণৰ জন সমাবেশ নিষিদ্ধ কৰা হৈছে |৩) মৃতকৰ অন্তেষ্টিক্ৰিয়াত ১০ জনতকৈ অধিক লোকৰ সমাগম হব নোৱাৰিব | জিলা প্ৰশাসনৰ অনুমতি লোৱাটো অনিবাৰ্য |উপৰোক্ত নিষেধাজ্ঞা সমূহ উলংঘা কৰিলে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব |

13 July, 2021

বৰ্তমান কোভিড মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা দণ্ডাধীশে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে |

১) জিলা প্ৰশাসনৰ অনুমতি অবিহনে বিবাহ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব | বিবাহৰ আগত বা পাছত, অভ্যৰ্থনা অনুষ্ঠান নিষিদ্ধ কৰা হৈছে |

২) ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত জন সমাবেশ সম্পুৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে | নামঘৰ, সত্ৰ সমূহত যিকোনো ধৰণৰ জন সমাবেশ নিষিদ্ধ কৰা হৈছে |

৩) মৃতকৰ অন্তেষ্টিক্ৰিয়াত ১০ জনতকৈ অধিক লোকৰ সমাগম হব নোৱাৰিব | জিলা প্ৰশাসনৰ অনুমতি লোৱাটো অনিবাৰ্য |

উপৰোক্ত নিষেধাজ্ঞা সমূহ উলংঘা কৰিলে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব |

13 July, 2021 List of vendors giving Home Delivery of meat, eggs, milk and milk products in Sonitpur district during lockdown.

13 July, 2021

 List of vendors giving Home Delivery of  meat, eggs, milk and milk products in Sonitpur district during lockdown.

13 July, 2021Advertisement (Vacancy)

13 July, 2021

Advertisement (Vacancy)

সমাজৰ যুৱক, যুৱতী লৈ আহ্বান

যুৱক আৰু যুৱতী সকললৈ সমাজৰ প্ৰতি আন্তৰিক আহ্বান সমাজৰ যুৱক-যুৱতী সকললৈ আন্তৰিক আহ্বান জনাইছোঁ—আপোনালোকেই হৈছে বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ আ...