Friday, 2 July 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ০৩/০৭/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

02 July, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ০৩/০৭/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি কভিশ্বীল্ড  টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব ।  ইচ্ছুক ব্যক্তিয়ে থলীতে কৰা পঞ্জীয়নৰ যোগেদি এই টীকাকৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ জিলাবাসীকে সামৰি বিগত দিনকেইটাত জিলাৰ অন্তৰ্গত বিভিন্ন কেন্দ্ৰ/ স্থানত ক'ভিড ১৯ ৰ প্ৰথম পালি(COVAXIN) টীকাকৰণৰ ব্যৱস্থা কৰা হৈছিল ।

02 July, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ জিলাবাসীকে সামৰি বিগত দিনকেইটাত জিলাৰ অন্তৰ্গত বিভিন্ন কেন্দ্ৰ/ স্থানত ক'ভিড ১৯ ৰ প্ৰথম পালি(COVAXIN) টীকাকৰণৰ ব্যৱস্থা কৰা হৈছিল । এই ধাৰা অব্যাহত ৰখাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত পুনৰবাৰ উল্লেখ কৰা স্থান/ কেন্দ্ৰসমূহত দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । সেয়েহে, ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ, দ্বিতীয় পালি টীকা গ্ৰহণ নকৰা যদি কোনো ব্যক্তি আছে তেন্তে অহা ইংৰাজী ০৩/০৭/২০২১ তাৰিখে উল্লেখ কৰা কেন্দ্ৰত এই টীকা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰপৰা আহ্বান জনোৱা হ'ল । লগতে,  জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

02 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/07/2021

02 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/07/2021

*গোলাঘাট জিলাত ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ উপায়ুক্তৰ* *১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অঞ্চলটোক শীঘ্ৰে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ নিৰ্দেশ*

02 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১২ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ উপায়ুক্তৰ* 

 *১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অঞ্চলটোক শীঘ্ৰে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ নিৰ্দেশ* 

গোলাঘাট, ২ জুলাই : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সমগ্ৰ জিলাখনতে ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে । এজনৰ দেহত সংক্ৰমণ ধৰা পৰিলে তেওঁৰ সংস্পৰ্শলৈ অহা ২০ ৰ পৰা ২৫ জন লোকৰ পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্দেশ দিছে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে । তেওঁ পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসা এই তিনিটা উপায়েৰেহে ক'ভিডবিৰোধী যুঁজখনত জয়লাভ কৰিব পৰা যাব বুলি মতপ্ৰকাশ কৰে । তেওঁ কোনো অঞ্চলত ১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অতি সোনকালেই অঞ্চলটোক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে ৰোগীক ঘৰতে আছুটীয়াকৈ থকাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । লগতে ৰোগীয়ে ঔষধ পোৱাটো সুনিশ্চিত কৰিবলৈও উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । আনহাতে একাংশ লোকে ক'ভিডৰ নীতি-নিৰ্দেশনা নামানি ঘূৰি ফুৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে । বৈঠকত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

02 July, 2021COVID-19🦠 update in Dima Hasao District date 01-07-2021

02 July, 2021

COVID-19🦠  update in
 Dima Hasao District date 01-07-2021

02 July, 2021

02 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 01/07/2021.

02 July, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 01/07/2021.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।