Wednesday, 30 June 2021

গোলাঘাটত অৱস্থিত হোণ্ডাই মটৰ্চ (কৃষ্ণা হোণ্ডাই) নতুনকৈ ক্ৰমে ৬ আৰু ৭খন আসন যুক্ত বাহন অলকাজৰ (ALCAZAR) বিক্ৰী আৰম্ভ কৰে ।

30 Jun, 2021

গোলাঘাটত অৱস্থিত হোণ্ডাই মটৰ্চ (কৃষ্ণা হোণ্ডাই) নতুনকৈ ক্ৰমে ৬ আৰু ৭খন আসন যুক্ত বাহন অলকাজৰ (ALCAZAR) বিক্ৰী আৰম্ভ কৰে ।
আজি প্ৰথম ৭খন আসন যুক্ত বাহন ক্ৰয় কৰে গোলাঘাট ফৰকাটিংৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শ্ৰী দীপক টডিয়ে। শ্ৰী টডি ক্ৰয় কৰা বাহনত বহুতো আধুনিক সা-সুবিধাৰ লগতে ৬ টাকৈ বায়ু বেলুন (Air Bags) সংযুক্ত হৈ আছে যিটো আকস্মিক ফলস্বৰূপ ভুমিকা গ্ৰহণ কৰে। হোণ্ডাইৰ অলকাজৰ (ALCAZAR) ৰ প্ৰাৰম্ভিক মূল্য ১৬,৩০,৩০০/- পৰা আৰম্ভ হৈছে আৰু বাহন খন পেট্ৰল আৰু ডিজেল দুয়োটা সংস্কৰণত উপলব্ধ আছে।আজিৰ এই শুভ বিক্ৰী অনুষ্ঠানত কৃষ্ণ হোণ্ডাই ৰ গোলাঘাট-বোকাখাটৰ মুখ্য পৰিচালক (বিক্ৰী) শ্ৰী পৰশমণি ভট্ট, গোলাঘাটৰ বিক্ৰী প্ৰবন্ধক শ্ৰী জয়ন্ত শইকীয়াকে ধৰি সকলো কৰ্মকৰ্তা উপস্থিতত থাকে।

গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰিপৰ্ট NORTHEAST NEWS INDIA

30 Jun, 2021Golaghat Covid🦠 Details

30 Jun, 2021

Golaghat Covid🦠 Details

30 Jun, 2021COVID-19🦠 update in Dima Hasao District 29-06-21

30 Jun, 2021

COVID-19🦠  update in
 Dima Hasao District 29-06-21

30 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 29/06/2021.

30 Jun, 2021

Covid Update Assam 

Covid19 Assam  and actions taken as on 29/06/2021.

Tuesday, 29 June 2021

গোলাঘাটৰ ক’ভীড-১৯ ৰ চিকিৎসালয়ত যোৱাৰাতি এক অমানবীয় ঘটনা সংঘটিত হ’ল ৷

 29 Jun, 2021


গোলাঘাটৰ ক’ভীড-১৯ চিকিৎসালয়ত -------

নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰিলে ৭৮ বছৰীয়া বৃদ্ধ ৰোগীক 

জিলাৰ বাতৰি দিওতা গোলাঘাট :২৯ জুন


গোলাঘাটৰ ক’ভীড-১৯ ৰ চিকিৎসালয়ত যোৱাৰাতি এক অমানবীয় ঘটনা সংঘটিত হ’ল  ৷


নাতিৰ বয়সৰ নিৰাপত্তাৰক্ষীয়ে  এজন ৭৮ বছৰ বয়োবৃদ্ধ ব্যক্তিক প্ৰহাৰ কৰাক লৈ এক অবাঞ্চিত পৰিবেশৰ সৃষ্টি হয় ৷ এই অমানবীয় কৰ্মত লীপ্ত চিকিৎসালয়ৰ ক’ভীড-১৯ আক্ৰান্ত ব্যক্তিৰ সুৰক্ষাত নিয়োজিত অজিত বৰা নামৰ আৰক্ষীৰ লোকজন ৷ অভিযোগমতে গোলাঘাটৰ চেঙাজান চাহ বাগিছাৰ অবসৰপ্ৰাপ্ত কৰ্মচাৰী তথা তেতেলীতলৰ বাসিন্দা বিনয় চেতীয়া নামৰ ৭৮ বছৰীয়া লোকজনক ২৮ মে’ত গোলাঘাটৰ ক’ভীড-১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল  ৷ দেওবাৰৰ পৰা তেওঁ মানসিক ৰোগত ভোগি আছিল ৷ কালি  নিশা বিনয় চেতীয়া নামৰ ৰোগীজনক চিকিৎসালয়ৰ  ভিতৰত নিয়োজিত আৰক্ষীৰ লোক অজিত বৰাই হাত ভৰি আদিত অতি নিৰ্মমভাবে প্ৰহাৰ কৰে ৷ এই ঘটনাৰ পাছত মঙ্গলবাৰে পুৱা বিনয়চেতিয়াৰ পুত্ৰ পৰাগ চেতিয়াই গোলাঘাট থানাত অজিত বৰাৰ বিৰুদ্ধে গোচৰ তৰিছে ৷ ৰোগীৰ আৰোগ্যৰ বাবে ৰখা নিৰাপত্তাৰক্ষীৰ এই গৰ্হিত কায্যক সচেতন মহলে গৰিহণা দিছে ৷ আনহাতে গোলাঘাটৰ ক’ভীড-১৯ ৰ হস্পিতালত সৃষ্টি হৈছে কদয্যময় পৰিবেশৰ ৷ এটা পৰিয়াল একেলগে আক্ৰান্ত হৈ  এই চিকিৎসালয়ল আছে ৷ তেওলোকে উদঙাইছে এই চিকিৎসালয়ৰ ভিতৰৰ স্বৰূপ   ::


 গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

29 Jun, 2021Daily COVID-19🦠😷 Bulletin Golaghat

29 Jun, 2021

Daily COVID-19🦠😷 Bulletin Golaghat

29 Jun, 2021Golaghat Covid🦠 Details

29 Jun, 2021

Golaghat Covid🦠 Details

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।