Wednesday, 23 June 2021
গোলাঘাট জিলাত একেদিনাই ক'ভিডৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান*
23 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৭/২০২১
*গোলাঘাট জিলাত একেদিনাই ক'ভিডৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান*
গোলাঘাট, ২৩ জুন : গোলাঘাট জিলাত আজি ক'ভিড-19ৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ১২,৯৩৭ টা প্ৰথম পালি আৰু ৪৫৩ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াকে লৈ জিলাখনত এতিয়ালৈকে মুঠ ১,৮২,০২২পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১,৪৮,৭৯২টা প্ৰথম পালি আৰু ৩৩,২৩০ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । আজি চাহ বাগিচাকে ধৰি জিলাখনৰ বিভিন্ন ঠাইৰ ৬০টা কেন্দ্ৰত ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয় । উল্লেখযোগ্য যে যোৱা ২১ জুনৰ পৰা দৈনিক কমেও ১২ হাজাৰ লোকক ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও জিলাখনে প্ৰথম দিনাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । ইফালে জিলাখনৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ অধিক সংক্ৰমণ ধৰা পৰা অঞ্চলসমূহত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । লগতে এনে অঞ্চলসমূহত পৰীক্ষাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । বৈঠকত অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা, পল্লৱী গগৈ আৰু স্বাস্থ্য সেৱা, গোলাঘাটৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...