Tuesday, 22 June 2021

সংক্ৰমণ বৃদ্ধি পোৱা কেতবোৰ নির্দিষ্ট অঞ্চলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত ২৪ জুনত মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত*

22 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৬/২০২১

 *সংক্ৰমণ বৃদ্ধি পোৱা কেতবোৰ নির্দিষ্ট অঞ্চলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত ২৪ জুনত মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত* 
 *সকলো জিলাই যাতে সময়মতে প্ৰতিষেধক লাভ কৰে তাৰ বাবে বিমান বন্দৰৰ পৰাই পোনে পোনে প্ৰতিষেধক বিভিন্ন জিলালৈ প্ৰেৰণৰ ব্যৱস্থা* 

 *অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ গোলাঘাট জিলাৰ ৫ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন* 

 *প্ৰতিষেধক নষ্ট নকৰিবলৈ নিৰ্দেশ মহন্তৰ* 
 
গোলাঘাট, ২২ জুন : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক'ভিড-19ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা জিলাসমূহৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি অহা ২৪ জুনত সংশ্লিষ্ট জিলাৰ কেতবোৰ নিৰ্দিষ্ট ঠাইত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে এই ক্ষেত্ৰত সমগ্ৰ জিলাখনতে নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিৱৰ্তে সংক্ৰমণ বৃদ্ধি পোৱা কেতবোৰ নির্দিষ্ট অঞ্চলত কঠোৰ নিৰ্দেশনা জাৰি কৰিব পাৰি নেকি সেই বিষয়ে বিবেচনা কৰা হ'ব । গ্ৰামাঞ্চল, চহৰ অঞ্চল, চাহ বাগিচা অঞ্চল আদি সকলো ঠাইৰে সুকীয়াকৈ শেহতীয়া ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিহে লকডাউন অথবা কণটেইনমেণ্ট জ'ন ঘোষণা কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে সংক্ৰমণ বৃদ্ধি পোৱা জিলাৰ সংখ্যা বৰ্তমান প্ৰায় ৯খনলৈ বৃদ্ধি পাইছে । আনহাতে ক'ভিড প্ৰতিষেধক প্ৰদান সন্দৰ্ভত তেওঁ কয় যে প্ৰতিষেধক প্ৰদান কাৰ্য ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব পাৰিলে ক'ভিডক বহু পৰিমানে পৰাজিত কৰিব পৰা যাব । সকলো জিলাই যাতে সময়মতে প্ৰতিষেধক লাভ কৰে তাৰ বাবে বিমান বন্দৰৰ পৰাই পোনে পোনে প্ৰতিষেধকসমূহ বিভিন্ন জিলালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে গোলাঘাট জিলাই কালি নিৰ্ধাৰিত ১০ হাজাৰৰ লক্ষ্যতকৈ দুহেজাৰৰো অধিক পৰিমাণৰ প্ৰতিষেধক প্ৰদান কৰিছে । মন্ত্ৰীগৰাকীয়ে প্ৰতিটো কেন্দ্ৰতে চিকিৎসক-স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে । তেওঁ কোনো কাৰণতে প্ৰতিষেধক যাতে নষ্ট নহয় সেইয়া সুনিশ্চিত কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । তেওঁ লগতে কেইবাটাও কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকৰ সৈতেও মত বিনিময় কৰে ।

মন্ত্ৰীগৰাকীৰ সৈতে প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং উপস্থিত আছিল । তেওঁ আজি জিলাখনৰ মুঠ ৫টা কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ লয় । প্ৰতিটো কেন্দ্ৰতে তেওঁ প্ৰতিষেধক ল'বলৈ অহা লোকৰ বাবে বহাৰ সু-ব্যৱস্থা, সামাজিক দূৰত্ব মানি চলা আদি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে ।  মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ থুৰাজান চাহ বাগিচাত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ লয় । মন্ত্ৰীগৰাকীৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল । তাৰ পাছতেই তেওঁ গোলাঘাটৰ জিলা স্পৰ্টছ কম্প্লেক্সত স্থাপন কৰা আদৰ্শ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটো পৰিদৰ্শন কৰে ।  মন্ত্ৰীগৰাকীৰ সৈতে স্বাস্থ্য সেৱা, গোলাঘাটৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল । মন্ত্ৰীগৰাকীয়ে আজি খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটোও পৰিদৰ্শন কৰে । তেওঁৰ সৈতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া উপস্থিত আছিল । তাৰ পাছতে  তেওঁ দেৰগাঁৱৰ মাৰোৱাৰী ধৰ্মশালাৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটোলৈ যায় । এই পৰিদর্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী উপস্থিত আছিল । ইয়াৰ পূৰ্বে তেওঁ বোকাখাতৰ নাট্য মন্দিৰত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটোও পৰিদৰ্শন কৰে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA

22 Jun, 2021আজিৰ পৰা ২২/০৬/২০২১ জুনৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰতিদিনে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজা লৈকে সান্ধ্য আইন জাৰি।

22 Jun, 2021

আজিৰ পৰা ২২/০৬/২০২১ জুনৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰতিদিনে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজা লৈকে সান্ধ্য আইন জাৰি।

22Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 21/06/2021.

22Jun, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 21/06/2021.

Monday, 21 June 2021

21 Jun, 2021Vaccination sites in various parts of Dima Hasao on 22nd June, 2021( Tuesday)

21 Jun, 2021

Vaccination sites in various parts of Dima Hasao on 22nd June, 2021( Tuesday)

21 Jun, 2021Covid Vaccination Report Golaghat

21 Jun, 2021
Covid Vaccination Report Golaghat

21 Jun, 2021Golaghat Covid🦠 Details

21 Jun, 2021
Golaghat Covid🦠 Details

গোলাঘাট জিলাত মেগা ভেকচিনেছন অভিযানৰ প্ৰথম দিনাই ১২,৮৯৯ পালি প্ৰতিষেধক প্ৰদান*

21 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৫/২০২১

 *গোলাঘাট জিলাত মেগা ভেকচিনেছন অভিযানৰ প্ৰথম দিনাই ১২,৮৯৯ পালি প্ৰতিষেধক প্ৰদান* 

 *নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম* 

গোলাঘাট, ২১ জুন : গোলাঘাট জিলাত আজিৰে পৰা দৈনিক কমেও ১২ হাজাৰ লোকক ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছে । সেই অনুসৰি আজি জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা ৬২ টা কেন্দ্ৰত বিভিন্ন বয়সৰ লোকক ১২,৮৯৯ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ১২,৭৮৬ টা প্ৰথম পালি আৰু ১১৩টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।  আজিৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহৰ ভিতৰত ২৯ টা কেন্দ্ৰ চাহ বাগিচাত স্থাপন কৰা হৈছিল । ইয়াৰে মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বোকাখাত ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৮ টাকৈ কেন্দ্ৰ চাহ বাগিচাত স্থাপন কৰা হয় । একেদৰে মিছামৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৩খন চাহ বাগিচাক সামৰি লোৱা হয় । কমাৰবন্ধা আলি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৫ খন চাহ বাগিচা আৰু চাৰিঙিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৫ খন চাহ বাগিচাত ক'ভিড 19 ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । গোলাঘাট নগৰত স্থাপন কৰা ৩টা কেন্দ্ৰত আজি প্ৰতিষেধক প্ৰদান কৰা হয় । বিভিন্ন কেন্দ্ৰত ৰাইজে প্ৰতিষেধক গ্ৰহণৰ প্ৰতি ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয় ।  উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি প্ৰতিষেধক প্ৰদানৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জিলা প্ৰশাসনে দৈনিক বৃহৎ সংখ্যক লোকক প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা কৰিছে ।  ইতিমধ্যে ৰাজ্য চৰকাৰে গোলাঘাট জিলাৰ বাবে দৈনিক ১০ হাজাৰ লোকক প্ৰতিষেধক  প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছে যদিও জিলা প্ৰশাসনে ১২ হাজাৰ লোকক দৈনিক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে । সম্পূৰ্ণ স্বাস্থ্য বিধি মানি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্ধৰ লোকক চৰ্তহীনভাৱে  যিকোনো পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব ।  জিলা প্ৰশাসনে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি পুনৰ আহ্বান জনাইছে । ইফালে আজি গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ কমাৰবন্ধা আলি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মক্ৰং চাহ বাগিচা আৰু চ'কিটিং চাহ বাগিচাত স্থাপন কৰা ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।