Monday, 21 June 2021

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সুৰক্ষা দলে পৰিদৰ্শন কৰিলে গোলাঘাটৰ ছখন ক'ভিড চিকিৎসালয়-ক'ভিড কেয়াৰ কেন্দ্ৰদুৰ্যোগকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চিকিৎসালয়সমূহত প্ৰয়োজনীয় আন্তঃগাঁঠনি আৰু প্ৰস্তুতিৰ পৰ্যবেক্ষণ

21 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৪/২০২১ 

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সুৰক্ষা দলে পৰিদৰ্শন কৰিলে গোলাঘাটৰ ছখন ক'ভিড চিকিৎসালয়-ক'ভিড কেয়াৰ কেন্দ্ৰ

দুৰ্যোগকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চিকিৎসালয়সমূহত প্ৰয়োজনীয় আন্তঃগাঁঠনি আৰু প্ৰস্তুতিৰ পৰ্যবেক্ষণ

গোলাঘাট, ২১ জুন : অগ্নি নিৰ্বাপন ব্যৱস্থাকে ধৰি বিভিন্ন দুৰ্যোগকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ক'ভিড চিকিৎসালয় আৰু ক'ভিড কেয়াৰ কেন্দ্ৰসমূহত পৰ্যাপ্ত আন্তঃগাঁঠনিৰ পৰ্যবেক্ষণ কৰাৰ বাবে আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত গঠিত বিশেষ গোটে গোলাঘাট নগৰৰ ৬ খন ক'ভিড চিকিৎসালয় আৰু ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাত স্থাপন কৰা ১০ জনীয়া ৰেপিড চেফটি অদিট (আৰ এছ এ) দলটোৱে চিকিৎসালয়কেইখনত যিকোনো দুৰ্যোগৰ সময়ত ক'ভিড ৰোগীৰ সুৰক্ষাৰ বাবে থকা ব্যৱস্থাসমূহ পৰ্যবেক্ষণ কৰে । দলটোৱে বিশেষকৈ যিকোনো দুৰ্যোগৰ মুখামুখি হ'ব পৰাকৈ গ্ৰহণ কৰা প্ৰয়োজনীয় প্ৰস্তুতি, সম্ভাৱ্য অগ্নি নিৰ্বাপনৰ ব্যৱস্থা, চিকিৎসালয়সমূহত বিভিন্ন সা-সুবিধা যেনে বিদ্যুৎ, পানী, অক্সিজেন, যোগাযোগ ব্যৱস্থা আদি সুলভ হয়নে নহয় এই সম্পৰ্কে বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে । আজি চিকিৎসালয় পৰিদৰ্শন কৰা দলটোত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া, ক্ষেত্ৰ বিষয়া, লোকনিৰ্মাণ বিভাগ, এ পি ডি চি এল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট আৰু জিলা স্বাস্থ্য বিভাগৰ প্ৰতিনিধি তথা অগ্নি আৰু জৰুৰী সেৱাৰ বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । দলটোৱে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, জি বি এম নাৰ্ছিং হোম, এইচ জি এম নাৰ্ছিং হোম, গোলাঘাট নাৰ্ছিং হোম, লাইফ লাইন হস্পিটেল আৰু গোলাঘাট কাৰাগাৰত থকা ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে বিভিন্ন দুৰ্যোগৰ সময়ত ক'ভিড ৰোগীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাৰ উপায়ুক্তই অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত এখন ১০ জনীয়া সমিতি গঠন কৰি দিছিল । এই সমিতিখনক গোলাঘাটৰ মুঠ ১২খন ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । পৰৱৰ্তী সময়ত দলটোৱে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়, খুমটাই আদৰ্শ চিকিৎসালয় ক'ভিড কেয়াৰ চেণ্টাৰ, উৰীয়ামঘাট আদৰ্শ চিকিৎসালয় ক'ভিড কেয়াৰ চেণ্টাৰ, এন আৰ এল নাৰ্ছিং হোম, কাছমাৰী আদৰ্শ চিকিৎসালয় আৰু জে এন ভি ক'ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰিব ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA

গোলাঘাটত আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন : চি আৰ পি এফ জোৱান, পতঞ্জলি যোগ সমিতিৰ অংশগ্ৰহণ

21 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৩/২০২১

গোলাঘাটত আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন : চি আৰ পি এফ জোৱান, পতঞ্জলি যোগ সমিতিৰ অংশগ্ৰহণ 
গোলাঘাট, ২১ জুন : গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়ামত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । এই উপলক্ষে ক'ভিড-19ৰ নীতি-নিৰ্দেশনা মানি জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ জোৱানসকল আৰু পতঞ্জলি যোগ সমিতি, গোলাঘাটৰ বিষয়ববীয়া তথা সদস্যসকলে যোগাভ্যাসৰ অনুশীলনত অংশ লয় । অনুষ্ঠানত দিয়া ভাষণত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে যোগ ভাৰতীয় পৰম্পৰাৰ এটা গুৰুত্বপূৰ্ণ অংশ । মানসিক আৰু শাৰীৰিক স্বাস্থ্য অটুট ৰখাৰ বাবে তাহানিতে ঋষি-মুনিসকলে যোগ অনুশীলন কৰিছিল । যোগাভ্যাসক কেৱল শাৰীৰিক অনুশীলন হিচাপে নলৈ জীৱনশৈলী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত পতঞ্জলি যোগ সমিতি গোলাঘাটৰ লক্ষীধৰ শইকীয়া আৰু তেওঁৰ দলে উপস্থিত সকলোকে যোগ, প্রানায়াম আৰু ধ্যানৰ অনুশীলন কৰোৱায় । আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, কুলদ্বীপ হাজৰিকা, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চেকেণ্ড ইন কমাণ্ড নীৰজ কুমাৰ সিং, গোলাঘাট ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ আৰু এইচ ডি এফ চি বেংকৰ প্ৰৱন্ধক সঞ্জীত মহন্তৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল । আজিৰ অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত এইচ ডি এফ চি আৰু কানাড়া বেংক, গোলাঘাট কৰ্তৃপক্ষই সহযোগিতা আগবঢ়ায় । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

21 Jun, 2021হাফলং চৰকাৰী মহাবিদ্যালয়ৰ এইচএছ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকল যিসকলে এইচএছ ফাইনেল বৰ্ষৰ প্ৰাক-পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক তেওঁলোকৰ এইচএছএলচি মাৰ্কশ্বীট দাখিল কৰিবলৈ অনুৰোধ জনাইছে৷

21 Jun, 2021

হাফলং চৰকাৰী মহাবিদ্যালয়ৰ এইচএছ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকল যিসকলে এইচএছ ফাইনেল বৰ্ষৰ প্ৰাক-পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক তেওঁলোকৰ এইচএছএলচি মাৰ্কশ্বীট দাখিল কৰিবলৈ অনুৰোধ জনাইছে৷

21 Jun, 2021বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযান। আজিৰে পৰা আৰম্ভ হৈছে টিকাকৰণৰ বাবে পঞ্জীয়ন কৰক www.cowin.gov.in ত। ইয়াৰ উপৰিও টিকাকৰণ কেন্দ্ৰসমূহত প্ৰত্যক্ষ পঞ্জীয়নৰ সুবিধাও উপলব্ধ।

21 Jun, 2021

বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযান। আজিৰে পৰা আৰম্ভ হৈছে  টিকাকৰণৰ বাবে পঞ্জীয়ন কৰক www.cowin.gov.in ত। ইয়াৰ উপৰিও টিকাকৰণ কেন্দ্ৰসমূহত প্ৰত্যক্ষ পঞ্জীয়নৰ সুবিধাও উপলব্ধ।

21 Jun, 2021

21Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 20/06/2021.

21Jun, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 20/06/2021.

Sunday, 20 June 2021

20 Jun, 2021সতৰ্কবাৰ্তা5 চিৰমালা (গোসপাৰা), ৰহা, নগাঁওত সক্ৰিয় কেছ ধৰা পৰিছেমাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেআদেশটো 14 দিনৰ বাবে 20.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

20 Jun, 2021

সতৰ্কবাৰ্তা
5 চিৰমালা (গোসপাৰা), ৰহা, নগাঁওত সক্ৰিয় কেছ ধৰা পৰিছে
মাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছে
আদেশটো 14 দিনৰ বাবে 20.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।